উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ ঋষিকেশ ৰয়ক

justice-hrishikesh-roy

ঋষিকেশ ৰয়

কেৰেলা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ তথা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ ঋষিকেশ ৰয়ক বুধবাৰে দেশৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হৈছে।

ইয়াৰ লগে লগে উচ্চতম ন্যায়ালয়ৰ মুঠ ন্যায়াধীশৰ সংখ্যা ৩১ গৰাকীৰ পৰা ৩৪ গৰাকীলৈ বৃদ্ধি পায়।

বুধবাৰে দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে ঋষিকেশ ৰয়ৰ লগতে ৰাম সুব্ৰয়মন, কৃষ্ণ মুৰাৰী আৰু এছ ৰবিন্দ্ৰ ভট্টক উচ্চতম ন্যায়ালয়ৰ নতুন ন্যায়াধীশক হিচাপে নিযুক্তি দিয়ে।

২০১৮ চনৰ পৰা কেৰালা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে কাৰ্য্যনিৰ্বাহ কৰি থকা ঋষিকেশ ৰয়ে ইয়াৰ পূৰ্বে ২০০৮ চনত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে অধিষ্ঠিত হৈছিল।

আনহাতে, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যয়াধীশ হিচাপে অধিষ্ঠিত হোৱাৰ পূৰ্বে তেওঁ  গুৱাহাটী উচ্চ ন্যায়ালয়ত জেষ্ঠ্য অধিবক্তা আৰু অতিৰিক্ত ন্যায়াধীশ হিচাপে কাৰ্য্যনিৰ্বাহ কৰিছিল।

উল্লেখযোগ্য যে, গুৱাহাটী উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে বৰ্তমান কাৰ্য্যনিৰ্বাহ কৰি আছে অসম সন্তান ৰঞ্জন গগৈয়ে।