NORTHEAST NOW (Assamese)

ব’হাগ বিহুৰ মাজতে দিয়া হ’ব মেট্ৰিকৰ ফলাফল : ৰণোজ পেগুৰ ঘোষণা

April 2, 2024 12:14 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী
Updated: April 2, 2024 8:55 am

বিহুৰ আনন্দৰ মাজতেই ঘোষণা কৰা হ’ব বহু আকাংক্ষিত মেট্ৰিক পৰীক্ষাৰ ফলাফল। 

মাধ্যমিক শিক্ষা ব’ৰ্ডে ব’হাগ বিহুৰ সময়তে হাইস্কুল শিক্ষান্ত পৰীক্ষা ২০২৪ৰ ফলাফল ঘোষণা কৰিব বুলি নিশ্চিত কৰিছে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে। 

ৰাণোজ পেগুৱে কয় যে এই সন্দৰ্ভত ছেবাই সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছে।

উল্লেখ্য যে ২০২৪ চনৰ ১৬ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হোৱা মেট্ৰিক পৰীক্ষা ২০২৪ চনৰ ৪ মাৰ্চত সমাপ্ত হয়। এই  পৰীক্ষাত মুঠ ৪,২৫,৯২৪ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অৱৰ্তীণ হৈছিল। ইয়াৰ ভিতৰত ১,৯০,৯৩৪ গৰাকী ছাত্ৰ আৰু ২,৩৪,৯৮০ গৰাকী ছাত্ৰী আছিল।

Related News