• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home প্ৰাসংগিক প্ৰশ্ন

আইনৰ শাসন আৰু গণতন্ত্ৰৰ বাবে কিয় গণতান্ত্ৰিক অনুষ্ঠান/ প্ৰতিষ্ঠানবোৰ স্বতন্ত্ৰ হৈ থাকিব লাগে?

পৰেশ মালাকাৰ by পৰেশ মালাকাৰ
April 2, 2024 12:39 pm
28
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নিৰ্বাচনমুখী দেশৰ ৰাজনৈতিক পৰিস্থিতি ক্ৰমাত অধিক ঘনীভূত হৈ আহিছে। শেহতীয়া ঘটনা প্ৰবাহে কি ইংগিত দিয়ে? বিজেপিয়ে বিচৰা ধৰণে যেন ঘটনাবোৰ ঘটা নাই। বিজেপিৰ হিচাপত আউল লগোৱা আটাইতকৈ ডাঙৰ কথাটো হৈছে নিৰ্বাচনী বণ্ড। এতিয়া আমি জানিব পাৰিছোঁ যে উচ্চতম ন্যায়ালয়ে নিৰ্বাচনী বণ্ড আঁচনি বাতিল কৰাৰ ঠিক তিনি দিন আগতে চৰকাৰে দহ হাজাৰ কোটি টকাৰ নিৰ্বাচনী বণ্ড ছপাবলৈ ষ্টেট বেংক অৱ ইণ্ডিয়াৰ প্ৰস্তাৱত অনুমোদন জনাইছিল। আচলতে ই অনুমোদন নহয় নিৰ্দেশহে  আছিল। এই দহ হাজাৰ কোটি বণ্ডৰ সিংহভাগ কোনে পালেহেঁতেন সেইটো সহজেই অনুমান কৰিব পাৰি। কিন্তু, উচ্চতম ন্যায়ালয়ে নিৰ্বাচনী বণ্ড বাতিল কৰি বিজেপিৰ অংকত খেলিমেলি লগাই দিলে। সেইকাৰণেই সেইদিনা প্ৰধানমন্ত্ৰী মোদীয়ে কৈছিলঃ “चुनावी बाँड का विरोध करने वाले को जल्द ही पछताना हौगा” মানে নিৰ্বাচনী বণ্ডৰ বিৰোধিতা কৰা সকলে অতি সোনকালেই অনুশোচনা কৰিব লাগিব। ই মোদীৰ ধমকি নে সতৰ্কীকৰণ? আৰু সেইকাৰণেই হৰীশ চালভেই ৬০০ উকীল লগত লৈ ভাৰতৰ মুখ্য ন্যায়াধীশলৈ চিঠি লিখা নাই জানো? মানে গোটেইখন তচনচ।

এইখিনিতে আমি মন কৰা উচিত যে উচ্চতম ন্যায়ালয়ে নিৰ্বাচনী বণ্ড অসাংবিধানিক আৰু যথেচাচ্চাৰী বুলি কৈ তাক বাতিল কৰাৰ তাৎপৰ্য কেৱল নিৰ্বাচনী বণ্ডৰ মাজতে সীমাবদ্ধ হৈ থকা নাই। ই এটা কথাই প্ৰতিপন্ন কৰিছে। সেইটো হৈছে, এটা অনুষ্ঠান যদি স্বতন্ত্ৰ আৰু স্বায়ত্তশাসিত হৈ থাকে তেন্তে গণতন্ত্ৰ আৰু আইনৰ শাসন বাহাল থকাত সি কিমান গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে। উচ্চতম ন্যায়ালয়ৰ আন এক যুগান্তকাৰী ৰায় আছিল যোৱা জানুৱাৰী মাহত বিলকিচ বানু গোচৰত দিয়া ৰায়টো। বিজেপিৰ সমৰ্থক হোৱা কাৰণে বিলকিচ বানুৰ ধৰ্ষণকাৰী সকলক গুজৰাট চৰকাৰ আৰু গুজৰাট উচ্চ ন্যায়ালয়ে ষড়যন্ত্ৰমূলকভাবে তেওঁলোকৰ শাস্তি হ্ৰাস কৰি জেলৰ পৰা মুকলি কৰি দিছিল। কিন্তু, উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপত এই ষড়যন্ত্ৰ বন্ধ হৈছিল। বিলকিচ বানুৱে ন্যায় পাইছিল। গতিকে নিৰ্বাচনী বণ্ড আৰু বিলকিচ বানুৰ ক্ষেত্ৰত  ভাৰতৰ সৰ্বোচ্চ ন্যায়ালয়ে সাহসী ৰায়দানেৰে যি  ভূমিকা পালন কৰিলে, অন্য ক্ষেত্ৰতো যদি তেনে কৰিলেহেঁতেন ইতিমধ্যে বিজেপি চিধা হৈ গ’লহেঁতেন। উচ্চতম ন্যায়ালয়ে কেইবা বছৰৰো মূৰত মোদী চৰকাৰে সংবিধানৰ ৩৭০ অনুচ্চেদ বাতিল কৰা সন্দৰ্ভত  চৰকাৰৰ সিদ্ধান্তৰ সপক্ষে যিটো ৰায় দিছিল তাক দেখদেখকৈ ভুল বুলি কৈছিল, অলপতে আমাৰ মাজৰ পৰা আঁতৰি যোৱা বিখ্যাত ন্যায়িক (Jurist) ফালি এচ নাৰিমানে।ঠিক তেনেদৰে উচ্চতম ন্যায়ালয়ৰ পৰামৰ্শ অমান্য কৰি চৰকাৰে নিৰ্বাচনী আয়ুক্ত নিযুক্তি দিয়াৰ ক্ষেত্ৰত যদি উচ্চতম ন্যায়ালয়ে এটা উচিত সিদ্ধান্ত ল’লেহেঁতেন বিজেপি ভেচভেচীয়া নহ’লহেঁতেননে? আৰু নিৰ্বাচন আয়োগ যদি নিৰপেক্ষ হ’লহেঁতেন তেতিয়াও বিজেপিৰ সান্দহ খোৱা বালি তল গ’লহেঁতেন। আৰু, আৰু  যদি ই ডি আৰু চি বি আই বিজেপিৰ মতে উঠ বহ নকৰিলেহেঁতেন, তেতিয়াতো আমাৰ দেশৰ গণতন্ত্ৰ আজি যি সংকটত পতিত হৈছে সেইটো কেতিয়াও নহ’লহেঁতেন। সেইকাৰণেই নাগৰিক সমাজৰ(Civil Society)ৰ লগতে সকলোৱে চিঞৰি আছে  যে দেশত আইনৰ শাসন আৰু সাংবিধানিক প্ৰমূল্য জীয়াই থাকিবলৈ হ’লে আমাৰ গণতান্ত্ৰিক অনুষ্ঠান/ প্ৰতিষ্ঠান সমূহ স্বতন্ত্ৰ, নিৰপেক্ষ আৰু স্বয়ংশাসিত হৈ থাকিব লাগে। 

Apply Now

কিন্তু, অনুষ্ঠান/ প্ৰতিষ্ঠানবোৰ স্বতন্ত্ৰ, স্বায়ত্তশাসিত আৰু নিৰ্ভীক হৈ থাকিবলৈ কিন্তু গণ আন্দোলনৰো প্ৰয়োজন।চৰকাৰৰ মিথ্যাচাৰ আৰু অত্যাচাৰৰ বিৰুদ্ধে সাধাৰণ নাগৰিক, নাগৰিক সমাজ আৰু বিৰোধী ৰাজনৈতিক দল যদি ৰাজপথত নামে সিও অনুষ্ঠান/ প্ৰতিষ্ঠানবোৰৰ গুৰুত্বপূৰ্ণ পদবীত থকা লোক সকলক কিছু সাহস দিয়ে। তেওঁলোকে তেতিয়া চৰকাৰৰ অযৌক্তিক হেঁচাক বাধা দিবলৈ সাহস পায়।উদাহৰণ স্বৰূপে কালি দিল্লীৰ ৰামলীলা মৈদানত হোৱা ইণ্ডিয়া এলায়েঞ্চৰ গণতন্ত্ৰ ৰক্ষাৰ সমাৱেশটোৰ কথাকে ক’ব পাৰি। এই সমাৱেশটোত কালি যিমান মানুহ হৈছিল আৰু তাত এতিয়ালৈকে নোহোৱা বিৰোধী ঐক্যৰ যি আৱাজ আৰু ধ্বনি শুনা গৈছিল সি আছিল অভূতপূৰ্ব।দিল্লীৰ ৰামলীলা মৈদানত ২১ টা বিৰোধী দল ঐক্যবদ্ধ হৈছিল গণতন্ত্ৰৰ সপক্ষে আৰু দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱাল আৰু ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হেমেন্ত চোৰেনৰ গ্ৰেপ্তাৰৰ বিৰুদ্ধে। তাত বিশেষকৈ হেমন্ত চোৰেনৰ পত্নী কল্পনা চোৰেন আৰু কেজৰিৱালৰ পত্নী সুনীতা কেজৰিৱালে যি বলিষ্ঠ বক্তৃতা দিছিল সি উপস্থিত ৰাইজক সন্মোহিত কৰাই নহয় সাহস আৰু অনুপ্ৰেৰণাও যোগাইছিল। ৰাহুল গান্ধীৰ ভাষণো আছিল বেছ বলিষ্ঠ। তেওঁ বৰ্তমানৰ নিৰ্বাচনক ক্ৰিকেটৰ মেটচ্ ফিক্সিঙৰ লগত তুলনা কৰিছিল। ক’ব নোৱাৰোঁ কালিৰ জনসমাৱেশটো দেখি আৰু বক্তাসকলৰ ভাষণ শুনিয়ে কিজানি আজি উচ্চতম ন্যায়ালয়ত চৰকাৰী পক্ষৰ উকীলে কংগ্ৰেছৰ একাউন্ট জব্দ কৰা সন্দৰ্ভত কিছু কোমল স্থিতি ল’বলৈ বাধ্য হ’ল।কিন্তু, কেজৰিৱালে এতিয়ালৈকে আদলতৰ পৰা বিশেষ সকাহ পোৱা নাই। তেওঁক আকৌ ১৫ এপ্ৰিললৈ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে। মূল কথা এইটোৱে যে গণতান্ত্ৰিক অনুষ্ঠান/ প্ৰতিষ্ঠানবোৰ স্বাধীন আৰু স্বতন্ত্ৰ হৈ থাকিবলৈ হ’লে ৰাইজে তাৰবাবে মাত মাতিব লাগিব। আৰু বিৰোধীয়ে ৰাজপথত নামি গণ আন্দোলন কৰিব লাগিব।

পৰেশ মালাকাৰ

পৰেশ মালাকাৰ

গুৱাহাটীস্থিত এজন লেখক

Stay Connected

  • 117k Fans

Recent News

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

September 14, 2026 9:20 pm
ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

September 14, 2026 8:29 pm
তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

September 14, 2026 8:18 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

September 14, 2026 9:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd