NORTHEAST NOW (Assamese)

মেট্ৰিকৰ প্ৰশ্নকাকত ফাদিল ঘটনাৰ তদন্ত কৰি দোষীক শাস্তি প্ৰদানৰ দাবী এআইএছএফৰ

February 14, 2019 5:55 pm · ৰিতুপল্লৱ শইকীয়া

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰথম দিনটোতে পৰীক্ষা আৰম্ভ হোৱাৰ মাত্ৰ ৩৫ মিনিটৰ ভিতৰত হোৱাটচএপ যোগে পৰীক্ষা চলি থকা ইংৰাজী বিষয়ৰ প্ৰশ্ন কাকত ফাদিল হোৱা ঘটনাত নিখিল ভাৰত ছাত্ৰ ফেডাৰেচন অসম ৰাজ্য পৰিষদে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

নগাঁৱৰ জাজৰিত হোৱা এই ঘটনাত উদ্বেগ প্ৰকাশ কৰি সংগঠনটোৰ ৰাজ্যিক সভাপতি মানস বৰাই কয় যে, ‘শিক্ষাৰ্থী জীৱনৰ এই গুৰুত্বপূৰ্ণ পৰীক্ষাটোক লৈ চৰকাৰে হেতালি খেলিছে নেকি? কিয় প্ৰতি বছৰে এনেদৰে বেমেজালিৰ সৃষ্টি হয়? চৰকাৰে বিষয়টো গুৰুত্ব সহকাৰে লৈ উচিত পদক্ষেপ গ্ৰহণত ব্যৰ্থ হোৱাৰ বাবে এনে দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হৈ আহিছে।’

চৰকাৰে এই বিষয়টোত কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰি ছেবাৰ দৰে ৰাজহুৱা শৈক্ষিক অনুষ্ঠান এটা ধ্বংসৰ মুখলৈ ঠেলি দিয়া বুলি সংগঠনটোৱে অভিযোগ উত্থাপন কৰিছে। তাৰোপৰি পৰীক্ষা গৃহত মোবাইল, ঘড়ী আদি নিষিদ্ধ কৰাৰ পিছতো কেনেকৈ প্ৰশ্ন কাকত ফাদিল হ’বলৈ পালে তাৰ উচিত তদন্ত কৰি দোষীক শাস্তি প্ৰদানৰ লগতে পুনৰ যাতে এনে ধৰণৰ ঘটনা সংঘটিত নহয় তাৰ বাবে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ দাবী জনাই সংগঠনটোৱে।

Related News