• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শেষদিনালৈকে চলা বিজেপিৰ অপপ্ৰচাৰ গুৱাহাটীত ভৰি থৈয়ে উদঙাই দিলে ভুৱনেশ্বৰ কলিতাই

ৰাজ্যসভা অধিৱেশনৰ অন্তিম দিনা বিতৰ্কিত বিধেয়ক উত্থাপন নকৰাৰ সিদ্ধান্ত লৈছিল কাৰ্য্যক্ৰমণিকা উপদেষ্টা সমিতিয়ে, মন্তব্য কলিতাৰ।

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
February 14, 2019 6:01 pm
Congress MP Bhuwaneswar Kalita exposes BJP's CAB propaganda

ৰাজ্যসভাত ভুৱনেশ্বৰ কলিতা। ছবি সৌজন্য-- ফে’চবুক।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যুদ্ধজয়ী বীৰ-সদৃশ বিপুল আদৰণিৰ মাজত গুৱাহাটীত ভৰি থৈয়েই কংগ্ৰেছ সাংসদ ভুৱনেশ্বৰ কলিতাই উদঙাই দিয়ে নাগৰিকত্ব বিধেয়কক লৈ ৰাজ্যসভা অধিৱেশনৰ শেষ দিনটোলৈকে বিজেপিয়ে চলোৱা “অপপ্ৰচাৰ”।

কলিতাই কয় যে সদ্যসমাপ্ত ৰাজ্যসভা অধিৱেশনৰ অন্তিম দিনটোত বিতৰ্কিত বিধেয়কখন উত্থাপন নকৰাৰ সিদ্ধান্ত আগতীয়াকৈ গ্ৰহণ কৰা হৈছিল, কিন্তু তাৰ পিছতো বিজেপি নেতাসকলে বিধেয়ক উত্থাপন কৰা হ’বই বুলি দেশজুৰি অপপ্ৰচাৰ চলাইছিল।

Apply Now

“কোনো বিবাদিত বিল যাতে উত্থাপন কৰিব নোৱাৰে তাৰ বাবে ৰাজ্যসভাৰ Business advisory committee (কাৰ্য্যক্ৰমণিকা সম্পৰ্কীয় উপদেষ্টা সমিতি)এ সিদ্ধান্ত লৈছিল। কিন্তু তাৰ পাছতো নৰেন্দ্ৰ মোদীকে ধৰি বিজেপি নেতাসকলে বিল উত্থাপন কৰা হ’ব বুলি অপপ্ৰচাৰ চলাই আছিল,” বৃ্হস্পতিবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত সংবাদ মেলত মন্তব্য কলিতাৰ।

কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী কিৰেন ৰিজিজুৱেও অধিৱেশনৰ অন্তিম দিনা ৰাজ্যসভাত বিধেয়কখন উত্থাপন কৰা হ’ব বুলি মঙলবাৰে মন্তব্য কৰিছিল।

লগতে পঢ়ক– উঃ-পূবৰ নেতাসকলক বুজাই দিয়া হৈছে, বুধবাৰে উত্থাপিত হ’ব নাগৰিকত্ব বিধেয়ক: ৰিজিজু

অসম প্ৰদেশ কংগ্ৰেছৰো একালৰ সভাপতিজনে লগতে কয় যে সংসদৰ এইখনেই শেষ অধিৱেশন হোৱাৰ বাবে এতিয়া বিধেয়কখনৰ ক্ষেত্ৰত একমাত্ৰ অধ্যাদেশৰ ৰাষ্টা খোলা আছে মোদী চৰকাৰৰ সন্মুখত।

বিধেয়কৰ দৰেই অধ্যাদেশো প্ৰতিহত কৰাৰ বাবে কংগ্ৰেছে আপ্ৰাণ চেষ্টা কৰিব বুলিও জনায় কলিতাই।

বিধেয়কখন “ত্ৰুটিপূৰ্ণ” বুলি উল্লেখ কৰি ৰাজ্যসভাৰ সাংসদজনে লগতে সদৰী কৰে যে উত্থাপনৰ মুহূৰ্ততে ২০১৬ চনতে কংগ্ৰেছে ইয়াৰ বিৰোধিতা কৰিছিল। বিধেয়ক সম্পৰ্কীয় যুটীয়া সংসদীয় সমিতিটো “ত্ৰুটিসমূহ” আঙুলিয়াই দিয়া হৈছিল।

ত্ৰুটিসমূহ এটা এটাকৈ সমিতিত দাখিল কৰা হৈছিল যদিও অধ্যক্ষ, বিজেপি নেতা ৰাজেন্দ্ৰ আগৰৱালাই নিজ দলৰ হেঁচাত সেই পৰামৰ্শসমূহ গ্ৰাহ্য নকৰিলে, যুটীয়া সংসদীয় সমিতিৰ সদস্যৰূপে থকা কলিতাৰ মন্তব্য।

সংবাদমেলখনত উপস্থিত আনজন সাংসদ, প্ৰদেশ কংগ্ৰেছ সভাপতি ৰিপুন বৰাই বিলখন “সমাপ্ত” হৈ গ’ল বুলি উল্লেখ কৰি কয় যে কংগ্ৰেছৰ কাৰণেই এয়া সম্ভৱ হ’ল।

“ৰাহুল গান্ধীয়ে বলিষ্ঠ ভূমিকা লৈছিল। তেওঁৰ নেতৃত্বত কংগ্ৰেছে ৰাজ্যসভাত ৰণকৌশল প্ৰস্তুত কৰিছিল। বিধেয়কখনৰ বিৰুদ্ধে কংগ্ৰেছকে ধৰি ১১৬জন সাংসদ আছিল। বিজেপি আৰু তাৰ অংশীদাৰ আছিল ১১০জন সাংসদ,” বৰাৰ মন্তব্য।

বৰাই লগতে কয় অসমীয়াৰ বিপদত কংগ্ৰেছে অতীতৰে পৰাই বিশেষ ভূমিকা লৈ আহিছে আৰু আগলৈও কেৱল কংগ্ৰেছেহে ৰক্ষা কৰিব জাতিক।

বিধেয়কখনৰ বিৰুদ্ধে বিৰামহীন সংগ্ৰাম চলোৱা আছু, নেছ’, কৃষক মুক্তি সংগ্ৰাম সমিতি, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আদি দল-সংগঠনৰ লগতে অক্লান্ত দৃঢ় স্থিতি লোৱা বৰ্ষীয়ান বুদ্ধিজীৱী হীৰেন গোহাঁইক ধন্যবাদ জ্ঞাপন কৰে বৰাই।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

‘গুণ্ডা কৰ’ৰ বাবেই অসমত কণীৰ দাম ১০ টকা : মন্ত্ৰী আৰু বিটিচি প্ৰধানক লক্ষ্য কৰি অখিল গগৈৰ বিস্ফোৰক অভিযোগ

‘গুণ্ডা কৰ’ৰ বাবেই অসমত কণীৰ দাম ১০ টকা : মন্ত্ৰী আৰু বিটিচি প্ৰধানক লক্ষ্য কৰি অখিল গগৈৰ বিস্ফোৰক অভিযোগ

July 9, 2026 12:18 pm
ইৰানত আমেৰিকাৰ ভয়ানক আক্ৰমণ : ক্ষতিগ্ৰস্ত ভাৰতৰ ছাবহাৰ বন্দৰ

ইৰানত আমেৰিকাৰ ভয়ানক আক্ৰমণ : ক্ষতিগ্ৰস্ত ভাৰতৰ ছাবহাৰ বন্দৰ

July 9, 2026 10:54 am
যোৱা ১৩ বছৰ ধৰি চৰকাৰী সম্পত্তি বেদখল কৰি ৰাখিছে কংগ্ৰেছে, আৰ টি আইৰ উত্তৰত উন্মোচন ভয়ংকৰ তথ্য

যোৱা ১৩ বছৰ ধৰি চৰকাৰী সম্পত্তি বেদখল কৰি ৰাখিছে কংগ্ৰেছে, আৰ টি আইৰ উত্তৰত উন্মোচন ভয়ংকৰ তথ্য

July 9, 2026 9:33 am
গলব্লাডাৰত ১১ মিলিমিটাৰৰ পাথৰ লৈ দিলজিৎ দোছাঞ্জ, চাইলেণ্ট ষ্টোনক অৱহেলা কৰাটো কিমান বিপজ্জনক জানক

গলব্লাডাৰত ১১ মিলিমিটাৰৰ পাথৰ লৈ দিলজিৎ দোছাঞ্জ, চাইলেণ্ট ষ্টোনক অৱহেলা কৰাটো কিমান বিপজ্জনক জানক

July 9, 2026 7:39 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘গুণ্ডা কৰ’ৰ বাবেই অসমত কণীৰ দাম ১০ টকা : মন্ত্ৰী আৰু বিটিচি প্ৰধানক লক্ষ্য কৰি অখিল গগৈৰ বিস্ফোৰক অভিযোগ

‘গুণ্ডা কৰ’ৰ বাবেই অসমত কণীৰ দাম ১০ টকা : মন্ত্ৰী আৰু বিটিচি প্ৰধানক লক্ষ্য কৰি অখিল গগৈৰ বিস্ফোৰক অভিযোগ

July 9, 2026 12:18 pm
ইৰানত আমেৰিকাৰ ভয়ানক আক্ৰমণ : ক্ষতিগ্ৰস্ত ভাৰতৰ ছাবহাৰ বন্দৰ

ইৰানত আমেৰিকাৰ ভয়ানক আক্ৰমণ : ক্ষতিগ্ৰস্ত ভাৰতৰ ছাবহাৰ বন্দৰ

July 9, 2026 10:54 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd