NORTHEAST NOW (Assamese)

কৃষ্ণাইত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীক অভিনন্দন জ্ঞাপন

June 25, 2019 7:41 am · নীলমণি শৰ্মা
ফটো : নৰ্থ-ইষ্ট নাও

গোৱালপাৰা জিলাৰ কৃষ্ণাই আঞ্চলিক মটৰ শ্ৰমিক সন্থাৰ উদ্যোগত সোমবাৰে এখন বিশেষ অভিনন্দন অনুষ্ঠান অনুষ্ঠিত হয়। এই অনুষ্ঠানত সন্থাৰ তৰফৰ পৰা সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত কৃষ্ণাইৰ দুটা কেন্দ্ৰৰ পৰা সৰ্বোচ্চ নম্বৰ লাভ কৰা দুগৰাকী ছাত্ৰী আৰু সন্থাৰ অন্তৰ্গত সদস্যৰ কৃতী ছাত্ৰ-ছাত্ৰীক অভিনন্দন জনোৱা হয়।

সন্থাৰ কাৰ্যালয় প্ৰাংগণত অনুষ্ঠিত অনুষ্ঠানত কৃতী ছাত্ৰ-ছাত্ৰী সকলক একোখনকৈ মানপত্ৰ আৰু নগদ ধন প্ৰদান কৰা হয়।

সন্থাৰ সভাপতি পৰিতোষ সাহাই সভাপতিত্ব কৰা অভিনন্দন অনুষ্ঠানটোত কৃষ্ণাই থানাৰ ভাৰপ্ৰাপ্ত বিষয়া, সাংবাদিক নীলমণি শৰ্মা, উদিত নাৰায়ণ কলিতা, কন্দৰ্প কুমাৰ দেৱনাথ, চৈয়দ ৰবিউল হক আদিকে ধৰি বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

Related News