১৫ মে’ত ঘোষণা কৰা হ’ব মেট্ৰিক পৰীক্ষাৰ ফলাফল

SEBA-Results

অসম মাধ্যমিক শিক্ষা পৰিষদৰ (ছেবা)ৰ অধীনত অনুষ্ঠিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল অহা ১৫ মে’ত ঘোষণা কৰা হ’ব। ছেবাই আজি ঘোষণা কৰিছে যে ১৫মে’ত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ লগতে অসম হাই মাদ্ৰাছা শিক্ষান্ত পৰীক্ষাৰো ফলাফল ঘোষণা কৰিব।

শনিবাৰে পৰিষদৰ এক বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়।

এই বছৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত মুঠ ৩, ৫৪,১৪৩ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অৱতীৰ্ণ হৈছে। তদুপৰি ৰাজ্যখনৰ মুঠ ৮৫৭ টা পৰীক্ষা কেন্দ্ৰত এইবাৰ পৰীক্ষা অনুষ্ঠিত হৈছিল।

ছেবাৰ বিষয়াই জানিবলৈ দিয়া মতে অহা ১৫ মে’ৰ ৰাতিপুৱা ৯ বজাত ফলাফলসমূহ ঘোষণা কৰা হ’ব।

আনহাতে, ছাত্ৰী-ছাত্ৰী তথা অভিভাৱকসকলে ছেবাৰ ৱেবছাইটত ফলাফলসমূহ চাব পাৰিব। তদুপৰি, ছাত্ৰ-ছাত্ৰীসকলে উক্ত দিনাই তেওঁলোকৰ মাৰ্কশ্বিটসমূহ ১১ বজাৰ ভিতৰত চাব পাৰিব।

ছেবাই ফলাফল ঘোষণা কৰাৰ সমান্তৰালকৈ বিদ্যালয়সমূহতো শিক্ষাৰ্থীসকলে পৰীক্ষাৰ ফলাফল লাভ কৰিব আৰু ১১ বজাত তেওঁলোকৰ মাৰ্কশ্বিটসমূহ সংশ্লিষ্ট বিদ্যালয়ৰ পৰা সংগ্ৰহ কৰিব পাৰিব।