Google Play-ৰ বিকল্প App store নিৰ্মাণ কৰিব চীনৰ ম’বাইল কোম্পানিবোৰে

Huawei

প্ৰতিনিধিত্বমূলক ছবি।

Google-ৰ সৈতে Huawei-ৰ ব্যৱসায়িক সংঘাত হোৱাৰ পিছত চীনা ম’বাইল কোম্পানি Oppo, Vivo আৰু Xiaomi-য়ে Huawei-ৰ সৈতে এটা বিকল্প প্লেই ষ্ট’ৰ বিকাশ কৰি উলিওৱাৰ পৰিকল্পনা কৰিছে।

চীনৰ বৃহৎ তথ্য প্ৰযুক্তিৰ কোম্পানিকেইটাই App বিকাশ কৰোঁতাসকলক তেওঁলোকৰ App-বোৰ Google Play Store-ৰ সমান্তৰালভাৱে আন এটা প্লেটফৰ্মত দিব পৰাটোক এটা লক্ষ্য হিচাপে লৈছে বুলি প্ৰকাশ।

এই নতুন প্লেটফৰ্মটোক Global Developer Service Alliance (GDSA) জনা যাব পাৰে, ৰয়টাৰৰ এটা প্ৰতিবেদনত প্ৰকাশ।

বাতৰিটোত প্ৰকাশ যে App developer-সকলক তেওঁলোকৰ এপবোৰ বিদেশৰ বজাৰত এৰি দিয়াৰ বাট সহজ কৰাৰ লক্ষ্যেৰে এই প্লেটফৰ্ম বিকাশ কৰিবলৈ সিদ্ধান্ত লোৱা হৈছে।

আৰম্ভণিতে ভাৰতকে ধৰি মুঠ ৯টা অঞ্চলক এই প্লেটফৰ্মে সামৰি ল’ব।

অহা মাৰ্চৰ ভিতৰতে ইয়াক মুকলি কৰাৰ কথা আছিল যদিও ক’ৰ’না ভাইৰাছৰ ঘটনাটোৱে কিছু বিলম্ব কৰাৰ সম্ভাৱনা আছে।

অৱশ্যে Xiaomi-এ Huawei জড়িত থকাৰ কথা অস্বীকাৰ কৰিছে আৰু Google Play Store-ৰ সৈতে প্ৰতিযোগিতাত থকাৰ কথাও অস্বীকাৰ কৰিছে।

আনহাতে Google Play Store-এ কিতাপ, মুভিও বিক্ৰী কৰে যদিও GDSA-এই কেৱল App-হে বিক্ৰী কৰিব।

প্ৰসংগ ক্ৰমে উল্লেখ কৰিব পাৰি যে ট্ৰাম্পৰ আমেৰিকান চৰকাৰে Huawei-ক ব্লেকলিষ্ট কৰাৰ পিছত যোৱা বছৰ মে’ মাহত Google-এ চীনা কোম্পানিটোৰ সৈতে ব্যৱসায়িক সম্পৰ্ক ছিন্ন কৰিছিল।

ইয়াৰ ফলত কোম্পানিটোৰ দ্বাৰা নিৰ্মিত এনড্ৰইড ম’বাইলবোৰে এনড্ৰইড অপাৰেটিং ছিষ্টেমৰ পৰৱৰ্তী আপডেইটবোৰৰ পৰা বঞ্চিত হয়। একেদৰে Play store আৰু gmail সেৱাৰ পৰাও বঞ্চিত হয় কোম্পানিটো।