ডিব্ৰুগড়ত ১ কোটি টকাতকৈ অধিক মূল্যৰ কোকেইন জব্দ; ৩জনক আটক

প্ৰতিনিধিত্বমূলক ছবি

ডিব্ৰুগড়ৰ মিলন নগৰত আজি আৰক্ষীয়ে এক সফল অভিযান চলাই এক বৃহৎ পৰিমাণৰ কোকেইন জব্দ কৰিবলৈ সক্ষম হয়। জব্দ কৰা কোকেইনখিনিৰ মূল্য ১ কোটি টকাতকৈ অধিক হ’ব বুলি আৰক্ষীয়ে অনুমান কৰিছে।

ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষক এছ পি শ্ৰীজিঠ টিয়ে জনোৱা মতে এক গোপন সূত্ৰৰ পম খেদি আই পি এছ বিষয়া পাৰ্থ প্ৰতিম দাস আৰু উপ আৰক্ষী অধীক্ষক গৌৰৱ চুতীয়াৰ নেতৃত্বত আৰক্ষীৰ এটা দলে এই অভিযান চলায়।

অভিযানত আৰক্ষীয়ে ১.০৩ কেজি কোকেইনসহ তিনিজন ড্ৰাগছ সহবৰাহকাৰীক আটক কৰে। আটকাধীন লোককেইজনক গিৰিশ সোণোৱাল, প্ৰতীক বৰা আৰু মনোজ সোণোৱাল বুলি চিনাক্ত কৰা হৈছে।

তেওঁলোকৰ বিৰুদ্ধে ডিব্ৰুগড় আৰক্ষী থানাত Narcotic Drugs and Psychotropic Substances (NDPS) Act, 1985.ৰ অধীনত এক গোচৰ ৰুজু কৰা হয়।

উল্লেখযোগ্য যে ডিব্ৰুগড় নগৰত বিভিন্ন সময়ত ব্ৰাউন ছুগাৰ, হেৰইন আদি ড্ৰাগছ জব্দ কৰি অহা হয় যদিও ইমান বৃহৎ পৰিমাণৰ কোকেইন জব্দ কৰা ঘটনা এইটোৱে প্ৰথম।

ইয়াৰ পূৰ্বে এবাৰ ডিব্ৰুগড় নগৰৰ কালিবাৰীত আৰক্ষীয়ে ১.১৪ কেজি ওজনৰ হেৰইন জব্দ কৰিছিল। উক্ত ড্ৰাগছখিনিৰ মূল্য আছিল প্ৰায় ৭০ লাখ টকা।