জখলাবন্ধা বন বিভাগৰ বৃহৎ সাফল্য : লক্ষাধিক মূল্যৰ মূল্যৱান চোৰাং আগৰ কাঠ জব্দ

Illegal Timber

ফটো : নৰ্থ-ইষ্ট নাও

২৯ ডিচেম্বৰৰ বিয়লি জখলাবন্ধা বন বিভাগৰ এটা দলে এক নিৰ্ভৰযোগ্য সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত অভিযান চলাই কলিয়াবৰৰ বুঢ়াপাহাৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এখন চোৰাং আগৰ কাঠভৰ্তি বাহন জব্দ কৰিবলৈ সক্ষম হয়।

উল্লেখ্য যে বন বিভাগৰ দলটোৱে আগৰ কাঠভৰ্তি বাহনখন জব্দ কৰাৰ উদ্দেশ্যেৰে বুঢ়াপাহাৰৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত এক তালাচি অভিযান আৰম্ভ কৰে। তালাচি চলি থকা সময়তে এছ ০২ এ চি ১৫৫৬ নম্বৰৰ এখন বলেৰ’ পিকআপ ভান অহা দেখি বন বিভাগৰ দলটোৱে ৰখিবলৈ সংকেত দিয়ে। সংকেত দিয়াৰ লগে লগে গাড়ীখন ৰাখি ঘটনাস্থলৰ পৰা চালকজন কৌশলেৰে পলায়ন কৰে।

লগে লগে বন বিভাগৰ দলটোৱে উক্ত গাড়ীখন জখলাবন্ধা বন বিভাগৰ কাৰ্য্যালয়লৈ লৈ আনি গাড়ীখনৰ তালাচি চলায়। তালাচিৰ সময়ত গাড়ীখনৰ পৰা বস্তাৰে বান্ধি অনা আগৰ কাঠৰ বৃহৎ পৰিমাণৰ টোপোলা উদ্ধাৰ হয়।

উল্লেখ্য যে অতি কৌশলেৰে প্লাষ্টিকেৰে আগৰ কাঠৰ টোপোলা সমূহ ঢাকি আনিছিল চোৰাং ব্যৱসায়ীয়ে। উদ্ধাৰ হোৱা আগৰ কাঠখিনিৰ বজাৰ মূল্য প্ৰায় লক্ষাধিক টকা হ’ব বুলি বন বিভাগৰ দলটোৱে জানিবলৈ দিয়ে।

মন কৰিবলগীয়া যে চোৰাং আগৰ কাঠখিনি ২৯ ডিচেম্বৰ অৰ্থাৎ শনিবাৰে সন্ধিয়া জব্দ হৈছিল যদিও তদন্তৰ খাতিৰত বন বিভাগৰ দলটোৱে ঘটনাটো গোপনে ৰাখি আজিহে ৰাজহুৱা কৰে। লগতে জখলাবন্ধা বন বিভাগে উক্ত ঘটনাৰ তদন্ত ক্ষীপ্ৰতাৰে আগবঢ়াইছে বুলি আমাক জানিবলৈ দিয়ে।

ইফালে জব্দকৃত উক্ত আগৰ কাঠ সমূহ ক’ৰ পৰা কোনে কোন ঠাইলৈ কি উদ্দেশ্যেৰে আনিছিল সেইয়া এতিয়ালৈ পোহৰলৈ অহা নাই আৰু বন বিভাগে উক্ত কাঠ সৰবৰাহৰ লগত জড়িত কোনো লোককে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই।