NORTHEAST NOW (Assamese)

টীয়কৰ লাহদৈগড়ত বৃহৎ পৰিমাণৰ অবৈধ সুৰা জব্দ; এজনক গ্ৰেপ্তাৰ

January 20, 2020 12:17 pm · নিৰ্মলেন্দু পাঠক

যোৰহাট জিলাৰ টীয়কৰ লাহদৈগড় আৰক্ষী চকীৰ অন্তৰ্গত ৰাজৈ অঞ্চলৰ এজন ব্যৱসায়ী পৰা লাহদৈগড়ৰ আৰক্ষীয়ে দেওবাৰে সন্ধ্যা বৃহৎ পৰিমাণৰ দেশীয় আৰু বিলাতী সুৰা জব্দ কৰিবলৈ সক্ষম হয়।

দীৰ্ঘদিনৰ পৰা ৰাকেশ গুপ্তা নামৰ উক্ত ব্যৱসায়ীজনে চলাই আহিছে অবৈধ মদৰ ৰমৰমীয়া বেহা। লাহদৈগড় আৰক্ষী চকীৰ নৱনিযুক্ত ভাৰপ্ৰাপ্ত বিষয়া  সুৰেশ দত্তৰ নেতৃত্বত যোৱা এটা দলে কালি হাতে-লোটে অবৈধ সুৰাসহ ব্যক্তিজনক গ্ৰেপ্তাৰ কৰে।

ব্যৱসায়ীজনে স্বীকাৰ কৰা মতে টীয়কৰ বৃহত্তৰ ৰাজৈ অঞ্চলত এক বৃহৎ চক্ৰই দীৰ্ঘদিনৰ পৰা অবৈধভাৱে মদৰ বেহা চলাই আহিছে।

গ্ৰেপ্তাৰ হোৱা গুপ্তাক ইয়াৰ পূৰ্বেও কেইবা বাৰ গ্ৰেপ্তাৰ কৰা হৈছিল যদিও আদালতৰ পৰা জামিন লৈ মুকলি হৈ পুনৰ তেওঁ বেপাৰ আৰম্ভ কৰে। আৰক্ষীয়ে ব্যৱসায় চক্ৰটোৰ লগত জড়়িত অনান্য সকলক আটক কৰাৰ বাবে অভিযান আৰম্ভ কৰিছে বুলি জানিবলৈ দিয়ে।

Related News