NORTHEAST NOW (Assamese)

উজনিত চোৰাং কাঠৰ ৰমৰমীয়া বেহা অব্যাহত; গৌৰীসাগৰ আৰক্ষীৰ জালত চাৰিজন

April 26, 2019 10:21 pm · ৰাজীৱ দত্ত
প্ৰতিনিধিত্বমূলক ফটো

আজি দীৰ্ঘদিনৰ পৰা উজনি অসমত অব্যাহত আছে চোৰাং কাঠৰ ৰমৰমীয়া বেহা। এই কথাৰ সত্যতা প্ৰমাণ কৰি বৃহস্পতিবাৰে নিশা গৌৰীসাগৰত আৰক্ষীৰ জালত পৰে অবৈধ কাঠ সৰবৰাহকাৰী দুখন বৃহৎ ট্ৰাক৷

ঘটনা সন্দৰ্ভত জানিব পৰা মতে গৌৰীসাগৰ আৰক্ষী থানাৰ সহঃ উপ পৰিদৰ্শক বিদ্যুৎ বিকাশ বৰুৱাৰ নেতৃত্বত কালি নিশা ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত চলা নিয়মীয়া তালাচীৰ সময়ত নিশা প্ৰায় ১২বজাত উজনিৰ ফালৰ পৰা আৰ জে-৩৭-জি বি-৫২৯৯ আৰু আৰ জে-২৩-জি বি-৭৭৮৬ নম্বৰৰ দুখন ১৬চকীয়া ট্ৰাকত প্ৰায় কোটি টকা মূল্যৰ চোৰাং কাঠ কঢ়িয়াই অনাৰ কথা পোহৰলৈ আহে৷

লগে লগে আৰক্ষীয়ে ট্ৰাক দুখন জব্দ কৰি গাড়ী দুখনৰ চালক আৰু হেন্দিমেন চাৰিজনক যাৱতীয় নথি-পত্ৰ বিচাৰে। আৰক্ষীৰ সোধপোছত মূল্যৱান কাঠসমূহ সুদুৰ ৰাজস্থানলৈ নি থকাৰ কথা সদৰী কৰে ধৃত চালক, হেণ্ডিমেনে৷ পৰৱৰ্তী সময়ত আৰক্ষী বিষয়া বিদ্যুৎ বৰুৱাই প্ৰদান কৰা এক এজাহাৰৰ ভিত্তিত গৌৰীসাগৰ থানাৰ ভাৰ প্ৰাপ্ত বিষয়াই ৮৪/১৯ U/S ৩৭৯/৪১১/৩৪ নম্বৰৰ এক গোচৰ ৰুজু কৰি দুয়োখন গাড়ীৰ চালক আৰু হেন্দিমেন ৰাজেন্দ্ৰ ভিনচাৰ, ভাগ চান্দ, টাচকিম বেহালিম আৰু ৰাম নিবাস জাটক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে৷

সমগ্ৰ ঘটনাটোৱে উজনি অসমৰ পৰা দেশৰ বিভিন্ন ঠাইলৈ নিয়মিত ভাৱে চোৰাংকৈ কাঠ সৰবৰাহৰ এখন বৃহৎ বজাৰ চলি থকাৰ কথাকে প্ৰতিপন্ন কৰিছে বুলি সৰ্বত্ৰে আলোচিত হৈছে।

Related News