প্ৰফেট মহম্মদ বিতৰ্কই জ্বলাইছে দেশ: জুম্মাৰ নামাজৰ পিছতে দেশৰ বিভিন্ন প্ৰান্তত বিক্ষোভ

Protests over Prophet remarks

বিজেপিৰ মুখপাত্ৰ নুপুৰ শৰ্মাৰ প্ৰফেট মহম্মদ সন্দৰ্ভত বিতৰ্কিত মন্তব্যৰ বিৰুদ্ধে আজি সমগ্ৰ দেশতে সৃষ্টি হৈছে এক অভাৱনীয় পৰিস্থিতিৰ। দিল্লী, হায়দৰাবাদ, উত্তৰ প্ৰদেশ, কলকাতা, ঝাৰখণ্ড, মুম্বাইকে ধৰি দেশৰ বিভিন্ন প্ৰান্তত আজি শুকুৰবৰীয়া নামাজৰ পিছতে একসময়তে বিক্ষোভত নামি পৰে বৃহৎ সংখ্যক লোক।

নামাজৰ পিছতে দিল্লীস্থিত ভাৰতৰ অন্যতম বৃহৎ মছজিদ জামা মছজিদৰ বাহিৰত সমবেত হয় সহস্ৰাধিক মুছলমান ধৰ্মাৱলম্বী লোক। প্ৰথম অৱস্থাত প্ৰায় এঘণ্টামান সময় শান্তিপূৰ্ণ প্ৰতিবাদৰ পিছত প্ৰতিবাদকাৰী সকল সেই স্থানৰ পৰা আঁতৰি যায় যদিও কিছু সময় পিছত বিক্ষোভ প্ৰদৰ্শনৰ বাবে সমবেত হয়।

এই প্ৰতিবাদী কাৰ্যসূচী সন্দৰ্ভত জামা মছজিদ কৰ্তৃপক্ষই কোনো আহ্বান জনোৱা নাছিল বুলি স্পষ্ট কৰিছে শ্বাহি ইমামে।

আনহাতে উত্তৰ প্ৰদেশৰ চাহাৰনপুৰ, মোৰাদাবাদ, প্ৰয়াগৰাজ, লক্ষ্ণৌকে ধৰি কেইবাখনো চহৰত হাজাৰ হাজাৰ প্ৰতিবাদকাৰী ৰাজপথলৈ ওলাই আহে। ৰাজ্যখনৰ অন্যতম বৃহৎ চহৰ প্ৰয়াগৰাজত প্ৰতিবাদে কিছু হিংসাত্মক ৰূপো লয়।

ৰাজ্যখনৰ লক্ষ্ণৌ, কানপুৰ আৰু ফিৰোজাবাদ আদি চহৰত আৰক্ষীয়ে ইতিমধ্যে নিৰাপত্তা ব্যৱস্থা কঠোৰ কৰি তুলিছে।

ইফালে হায়দৰাবাদ, লুধিয়ানা, আহমেদাবাদ, মুম্বাই, কলকাতা আৰু শ্ৰীনগৰৰ কেইবাটাও অঞ্চলত বৃহৎ সংখ্যক লোক সমবেত হৈছিল বিক্ষোভ প্ৰদৰ্শন কৰে।

ঝাৰখণ্ডৰ ৰাজধানী ৰাঁচীত এনে প্ৰতিবাদী কাৰ্যসূচীয়ে হিংসাত্মক ৰূপ ধাৰণ কৰে। প্ৰতিবাদকাৰীৰ সৈতে সংঘৰ্ষত ৰাঁচীত কেইবাগৰাকীও আৰক্ষী আৰক্ষী আহত হৈছে বুলি জানিব পৰা গৈছে।

ক্ৰমাৎ উত্তেজিত হৈ পৰা প্ৰতিবাদকাৰীক ছত্ৰভঙ্গ দিয়াবলৈ আৰক্ষীয়ে শূন্যলৈ গুলী চালনা কৰিব লগা হয় ৰাঁচীত।

সমগ্ৰ দেশতে একেসময়তে সৃষ্টি হোৱা এনে পৰিস্থিতিৰ পাছতে দেশত এতিয়া সাম্প্ৰদায়িক সংঘৰ্ষৰ আশংকাই গা কৰি উঠিছে। যিকোনো সময়তে দেশৰ কোনোবা প্ৰান্তত ধৰ্মীয় সংঘৰ্ষ সংঘটিত হ’ব পাৰে বুলি সন্দেহ ঘনীভূত হৈ হৈছে দেশবাসীৰ মনত।