NORTHEAST NOW (Assamese)

গোলাঘাট মুৰফুলনীত ৰাইজ আৰু গাঁওৰক্ষী বাহিনীয়ে খেদি খেদি ধৰিলে অবৈধ কাঠ ভৰ্ত্তি পিক আপ ভান

May 30, 2021 5:20 pm · মীনাক্ষী ফুকন

কৰোনাই স্তব্ধ কৰা জনজীৱনৰ মাজতে গোলাঘাটত চলিছে বিভিন্ন অবৈধ ব্যৱসায়।

সান্ধ্য আইনৰ সময়তো গোলাঘাট বগীজানৰ পৰা দৈনিক পাৰ হৈছে অবৈধ কাঠভৰ্তি বাহন।

দেওবাৰে পুৱা এখন অবৈধ নাম্বাৰ প্লেট বিহীন কাঠ ভৰ্তি বলে’ৰ পিক আপ ভান জব্দ কৰে গাঁওৰক্ষী বাহিনী আৰু স্থানীয় ৰাইজে।

পলাবলৈ খোজা অবৈধ কাঠভৰ্তি বাহনখন খেদি খেদি জব্দ কৰে স্থানীয় ৰাইজ আৰু গাঁওৰক্ষী বাহিনীয়ে।

প্ৰায় ১.৫ লাখ টকাৰ অবৈধ কাঠ আছিল গাড়ী খনত। গাঁওবাসীৰ অভিযোগ অনুসৰি দীৰ্ঘদিনৰ পৰা কাৰ্বি আংলঙৰ পৰা মূৰফুলনী হৈ সৰবৰাহ হৈ আছিল অবৈধ কাঠ।

ইফালে গাড়ীখনৰ চালক আৰু হেণ্ডিমেনৰ স্বীকাৰোক্তিৰ ভিত্তিত কাঠসমূহ জনৈক দেৱজিত গগৈৰ বুলি জানিব পৰা গৈছে।

স্থানীয় ৰাইজৰ ভাষ্য অনুসৰি বগীজান আৰক্ষী থানা আৰু মুৰফুলনী খণ্ড বন কাৰ্যালয় সমীপেৰে দৈনিক এনে অবৈধ কাঠ ভৰ্তি ট্ৰাক পাৰ হৈ যায়।

কিন্তু ৰহস্যজনকভাৱে নিদ্ৰামগ্ন হৈ থাকে বন বিভাগ আৰু আৰক্ষী। ৰাইজৰ সন্দেহ যে বন মাফিয়াৰ সৈতে বৃহৎ ধনৰ লেনদেনেৰে গোপন মিতিৰালি কৰি এনেদৰে অবৈধ কাঠ ভৰ্তি ট্ৰাকসমূহ পাৰ কৰিবলৈ সুবিধা কৰি দিয়ে বন বিভাগ আৰু আৰক্ষীয়ে।

Related News