অভিলেখ হাৰৰ ভোটদান, কৃতজ্ঞতা জ্ঞাপন জিলা নিৰ্বাচন বিষয়াৰ : তিনি তৰপীয়া নিৰাপত্তা বেষ্টনিত ষ্ট্ৰংৰূম

stlbzkmppy-1582433861

ধুবুৰী নিৰ্বাচন জিলাৰ তিনিওটা সমষ্টিৰ ভোটাৰৰ অভূতপুৰ্ব সঁহাৰিৰ মাজেৰে  শান্তিপূৰ্ণভাৱে সম্পন্ন হ’ল নিৰ্বাচনৰ ভোটগ্ৰহণ৷ অভিলেখ সৃষ্টিকাৰী ভোটদানৰ হাৰেৰে মংলবাৰে বিয়লি ৬ বজাত ভোটগ্ৰহণ সম্পন্ন হোৱাৰ পিছত সমগ্ৰ নিশা ভোটগ্ৰহণৰ কামত নিয়োজিত বিষয়াসকলৰ পৰা ভোলানাথ কলেজত স্থাপন কৰা কাউন্টাৰত শৃখলাবদ্ধভাৱে ইভিএম আদি ভোটগ্ৰহণৰ সামগ্ৰীবোৰ সংগ্ৰহ কৰা হয়৷

বুধবাৰে পুৱা নিৰ্বাচন আয়োগে নিযুক্তি দিয়া নিৰ্বাচনৰ সাধাৰণ পৰ্যবেক্ষক, ধুবুৰী নিৰ্বাচন জিলাৰ তিনিওটা সমষ্টিৰ ৰিটাৰ্নিং বিষয়া আৰু উপস্থিত থকা প্ৰাৰ্থীসকলৰ এজেন্টৰ উপস্থিতিত  ভোলানাথ কলেজত স্থাপন কৰা ষ্ট্ৰংৰূম ছীল কৰি দিয়া হয়৷

উল্লেখ্য যে ভোটদানৰ প্ৰতি জনসাধাৰণক আগ্ৰহী কৰাৰ বাবে ধুবুৰী নিৰ্বাচন জিলা প্ৰশাসনে চলোৱা নিৰন্তৰ প্ৰয়াসৰ বাবে এইবাৰ তিনিওটা সমষ্টিতে ভোটদানৰ হাৰে ৯০ শতাংশৰ সীমা অতিক্ৰম কৰে৷

ধুবুৰী সমষ্টিত ৯০.১৩ শতাংশ, গৌৰীপুৰত ৯০.৫০ শতাংশ আৰু গোলকগঞ্জত ৯০.৬৮ শতাংশ ভোটাৰে ভোটদান কৰে৷ সামগ্ৰিকভাৱে নিৰ্বাচন জিলাখনৰ ভোটদানৰ হাৰ হৈছে ৯০.৪৪ শতাংশ৷

ভোটাৰৰ ব্যাপক অংশগ্ৰহণেৰে আৰু শান্তিপূৰ্ণভাৱে নিৰ্বাচনৰ ভোটগ্ৰহণ সম্পন্ন হোৱা বাবে জিলাখনৰ ৰাইজক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰে জিলা নিৰ্বাচন বিষয়া তথা জিলা উপায়ুক্ত দেৱ কুমাৰ কলিতাই৷

তেওঁ ভোটগণনা অন্ত নপৰা পৰ্যন্ত বলবৎ হৈ থাকিবলগীয়া আচৰণবিধি মানি চলিবলৈ প্ৰাৰ্থী, তেওঁলোকৰ সমৰ্থক আৰু ৰাইজক আহ্বান জনায়৷

উল্লেখ্য যে জিলা নিৰ্বাচন বিষয়াগৰাকীৰ তত্বাৱধানত নিৰ্বাচনত ভোটাৰৰ সক্ৰিয় অংশগ্ৰহণ নিশ্চিত কৰাৰ বাবে ‘প্ৰণালীবদ্ধ ভোটাৰ শিক্ষা আৰু ভোটগ্ৰহণত অংশগ্ৰহণ’ চমুকৈ ‘ছৱিপ’ শীৰ্ষক কাৰ্যসূচীৰ অধীনত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা হৈছিল৷ ভোটগ্ৰহণৰ হাৰে এই কাৰ্যসূচীৰ সফলতা প্ৰমাণ কৰিলে বুলি মন্তব্য কৰে জিলা নিৰ্বাচন বিষয়াগৰাকীয়ে৷

ইপিনে ধুবুৰীৰ ভোলানাথ কলেজত স্থাপন কৰা ষ্ট্ৰংৰূমৰ কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰিছে ধুবুৰী জিলা আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই৷

অহা ২ মে’ত ভোটগণনা আৰম্ভ হোৱাৰ সময়লৈকে তিনি তৰপীয়া নিৰাপত্তা বেষ্টনিৰে আগুৰি থাকিব ষ্ট্ৰংৰূমটো৷

ভিতৰৰ তৰপত এক প্লাটন কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ জোৱানে অহৰ্নিশে পহৰা দিব ষ্ট্ৰংৰূমক৷ মাজৰ তৰপত থাকিব এক প্লাটন ৰাজ্যিক সশস্ত্ৰ আৰক্ষী৷ বাহিৰৰ তৰপত নিৰাপত্তাৰ দায়িত্বত থাকিব অসম আৰক্ষীৰ আন এটা বৃহৎ দল৷ উপ আৰক্ষী অধীক্ষক পৰ্যায়ৰ এজন বিষয়াই সমগ্ৰ নিৰাপত্তা ব্যৱস্থাৰ নিৰন্তৰ পৰ্যবেক্ষণ কৰি থাকিব৷ ষ্ট্ৰংৰূমটো চিচি কেমেৰাৰ নিৰীক্ষণত থাকিব৷

আনহাতে যিকোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ মোকাবিলা কৰাৰ বাবে কন্দুৱা গেছ, স্ম’ক ছেল আৰু সংঘাট নিয়ন্ত্ৰণ সজুলি লৈ সাজু থকিব গেছ স্কোৱাৰ্ড৷ ষ্ট্ৰংৰূমৰ সমীপলৈ দায়িত্বৰ খাতিৰত যোৱা বিষয়াসকলৰ অহা-যোৱাৰ সময় আদি লগবুকত লিপিবদ্ধ কৰি যাব নিৰাপত্তাৰক্ষীয়ে৷

আনহাতে বিলাসীপাৰা নিৰ্বাচন জিলাৰ দুটা সমষ্টিৰ বাবে বিলাসীপাৰা মহকুমাধিপতিৰ কৰ্যালয়ত স্থাপন কৰা ষ্ট্ৰংৰূমৰ নিৰাপত্তাৰ বাবেও অনুৰূপ পদক্ষেপ লোৱা বুলি আৰক্ষী অধীক্ষক গৰাকীয়ে জনায়৷