ৰেলৱে’ৰ ওপৰৰ তাঁৰত মানৱ ভ্ৰূণ! শুকুৰবাৰে এই ঘটনাই উত্তৰ প্ৰদেশৰ ছাজানৱা ৰেল ষ্টেচনত আলোড়নৰ সৃষ্টি কৰিছিল। কিন্তু কেনেকৈ তাত উপনীত হ’ল সেয়া এতিয়াও স্পষ্ট হোৱা নাই। সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।
আৰক্ষীৰ সূত্ৰ অনুসৰি স্থানীয় লোকে ষ্টেচনৰ ওপৰৰ তাঁৰত মাটিৰ পৰা প্ৰায় ২০ ফুট ওপৰত ওলমি থকা মানৱ ভ্ৰুণটো দেখিছিল। তাৰ লগে লগে আলোড়নৰ সৃষ্টি হ’ল। এই খবৰ পোৱাৰ পাছতে ৰে’লৱেৰ বিষয়াসকলে সেই স্থানত উপস্থিত হয়। আৰক্ষীক খবৰ দিয়া হয়। আৰক্ষীৰ সূত্ৰই জনোৱা মতে, ইতিমধ্যে ভ্ৰুণটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।
প্ৰাথমিক তদন্তত আৰক্ষীয়ে সন্দেহ কৰিছে যে ভ্ৰুণটো ষ্টেচনৰ ওচৰৰ ঘৰৰ পৰা পেলাই দিয়া হ’ব পাৰে। কিন্তু ওপৰৰ তাঁৰত আবদ্ধ হৈ পৰিল। আৰক্ষীৰ জ্যেষ্ঠ বিষয়া জিতেন্দ্ৰ শ্ৰীবাস্তৱে কয় যে, “আমি চিচিটিভিৰ ফুটেজ পৰীক্ষা কৰি আছো। কেৱল সেয়াই নহয়, চাৰিওফালৰ ঘৰবোৰকো আমি প্ৰশ্ন উত্থাপন কৰিছোঁ। আমি অতি সোনকালে এই ঘটনাৰ গভীৰলৈ যাম।”
প্ৰসংগক্ৰমে ইতিমধ্যে ধাৰাবাহিক ধৰ্ষণ কাণ্ডৰ পাছত যোগী ৰাজ্যৰ নিৰাপত্তাক লৈ প্ৰশ্ন উত্থাপন হৈছে। এই পৰিৱেশত ষ্টেচনৰ ওপৰৰ তাঁৰৰ পৰা মানুহৰ ভ্ৰূণ উদ্ধাৰক লৈ নৱীকৃত উত্তেজনাৰ সৃষ্টি হ’ল।