সমগ্ৰ দেশৰ কোটি কোটি জনতাই বিভিন্ন স্থানত বিভিন্ন কাৰ্যসূচীৰে স্বাধীনতা দিৱস উৎযাপন কৰাৰ সমান্তৰালকৈ গুৱাহাটীত এইডচ আক্ৰান্ত একাংশ শিশুৰ লগত স্বাধীনতা দিৱস উৎযাপন কৰিলে ‘হিউমেন হেণ্ডচ’ নামৰ স্বেচ্ছাসেৱী সংস্থাটোৱে।
বুধবাৰে মহানগৰীৰ ছয়মাইলৰ সুৰুজ নগৰত থকা কস্তুৰী চিল্ড্ৰেণ কেয়াৰ হোম নামৰ এইডচ আক্ৰান্ত শিশুৰ পৰিচৰ্যা কেন্দ্ৰটোত ‘হিউমেন হেণ্ডচ’ৰ উদ্যোগত অনুষ্ঠিত হয় স্বাধীনতা দিৱসৰ কাৰ্যসূচী। পুৱা ৰাষ্ট্ৰীয় পতাকা উত্তোলনৰ পাছত দিনৰ ভাগত শিশুসকলৰ নাচ-গাণ পৰিবেশন কৰাৰ উপৰিও এখন সভা অনুষ্ঠিত হয়।
অনুষ্ঠানত মহানগৰ আৰক্ষীৰ অৰ্থনৈতিক অপৰাধ অনুসন্ধান শাখাৰ অধীক্ষক শ্যামল শইকীয়া, প্ৰাক্তন মেয়ৰ মৃগেন শৰণীয়া, পেৰা চাইকেলিষ্ট ৰাকেশ, অভিনেত্ৰী অমৃতা গগৈকে ধৰি ভালেসংখ্যক গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।
শিশু গৃহটোত থকা দূৰ্ভগীয়া কন কন শিশুসকললৈ সহায়ৰ হাত আগবঢ়াবলৈ অনুৰোধ জনাই আৰক্ষী বিষয়া শ্যামল শইকীয়াই কয়, ‘আমি প্ৰত্যেকজন নাগৰিকে যদি কিঞ্চিত পৰিমাণে হ’লেও বৰঙণী আগবঢ়াও এই শিশুসকলৰ বাবে নিশ্চয় যথেষ্ট উপকাৰ কৰা হ’ব। চৰকাৰৰ কৰিবলগীয়াখিনি চৰকাৰে কৰি যাব, কিন্তু তাৰ সমান্তৰালভাৱে আমিও এইদৰে একোজন নাগৰিকৰ দায়িত্ব পালন কৰিব পাৰো।’
অনুষ্ঠানত বক্তব্য ৰাখি কস্তুৰী চিল্ড্ৰেণ কেয়াৰ হোমৰ তত্বাৱধায়ক জাহ্নবী গোস্বামীয়ে সমাজত এইডচ ৰোগীৰ প্ৰতি থকা ধাৰণা আৰু অৱহেলাৰ মনোভাৱ দূৰ কৰাৰ পোষকতা কৰে। তেওঁ কয়, ‘এগৰাকী এইডচ ৰোগীয়ে যাতে নিজৰ এই বেমাৰটো আন বেমাৰৰ দৰেই নিঃসংকোচে ক’ব পাৰে তেনে এটা পৰিবেশ সৃষ্টিৰ প্ৰয়োজন আছে। সেই পৰিবেশ সৃষ্টিৰ বাবে আমাৰ মাজত সজাগতাৰ বহু প্ৰয়োজন আছে।’
তেওঁ লগতে কস্তুৰী চিল্ড্ৰণ কেয়াৰ হোমে সন্মুখীন হৈ থকা বিভিন্ন সমস্যা সম্পৰ্কেও দোহাৰে।
একেদৰে এইডচ ৰোগীৰ প্ৰতি সমাজৰ দৃষ্টিভংগী সলনি কৰাৰ প্ৰয়োজনীয়তাৰ বিষয়ে মন্তব্য কৰে পেৰা চাইকেলিষ্ট ৰাকেশে। তেওঁ কয় যে এইডচ ৰোগীসকলৰ প্ৰতি আমাৰ মানসিকতাৰ পৰিবৰ্তন ঘটাই তেওঁলোকৰ মনত সাহস যোগোৱাৰ প্ৰয়োজনীয়তা আছে।
অনুষ্ঠানৰ শেষত শিশুসকলৰ মাজত উপহাৰ বিতৰণ কৰে ‘হিউমেন হেণ্ডচ’ৰ কৰ্মকৰ্তাসকলে।