চীনত মানুহ আৰু বান্দৰৰ খচ্চৰ

Human-monkey: American-Spanish biologists claim success in creating chimera in China

প্ৰতীকী ছবি। সৌজন্য-- chimpplanet.blogspot.com

চীনৰ এটা গৱেষণাগাৰত বিশ্বত প্ৰথমবাৰৰ বাবে মানুহ আৰু বান্দৰৰ খচ্চৰ জীৱ (chimera) সৃষ্টিত কাৰিকৰী আৰু পৰীক্ষামূলকভাৱে সফল হৈছে এদল বিজ্ঞানী।

গৱেষণাটো চীনত হৈছে যদিও ইয়াত জৰিত আছে এমেৰিকা আৰু স্পেইনৰ জীৱ বিজ্ঞানীৰ দল।

গৱেষণাত জৰিত স্পেইনৰ মুৰ্চিয়া কেথলিক ইউনিভাৰ্চিটিৰ জীৱ বিজ্ঞানী নুনেজৰ মতে, গৱেষণাটোৰ ফল অতি “প্ৰতিশ্ৰুতিসম্পন্ন”

গৱেষণাটোৰ নেতৃত্ব দিয়া স্পেনিশ্ব জীৱ বিজ্ঞানী জুৱান কাৰ্ল’চ ইজপিচুজাই ২০১৭ চনত প্ৰথমবাৰৰ বাবে মানুহ আৰু গাহৰিৰ খচ্চৰ সৃষ্টি কৰিছিল।

কিন্তু আগৰটোতকৈ চীনত চলা প্ৰকল্পটো তেওঁলোকৰ মতে বেছি সফল।

গৱেষণাটো এতিয়ালৈকে গৱেষণা পত্ৰত আনুষ্ঠানিকভাৱে প্ৰকাশ পোৱা নাই বাবে বিজ্ঞানীৰ দলটোৱে এতিয়াই সকলো কথা ৰাজহুৱা কৰিব খোজা নাই।

এই গৱেষণাৰ মতলব কি? বিজ্ঞানীসকলৰ ঘোষিত উদ্দেশ্য হৈছে— মানুহৰ অংগ সংৰোপণৰ বাবে, যেনে ধৰক—বৃক্ক বা যকৃত– অংগ আহৰণ।

কেনেকৈ এই কাম কৰা হয়?

প্ৰথমে বান্দৰৰ ভৰূণটোৰ জেনেটিক প্ৰগ্ৰেমিং কৰা হয়। যেনেকে— ধৰক চৰাইৰ এটা ভৃণৰ পৰা ডেউকা ওলাবলৈ প্ৰাকৃতিকভাৱে নিৰ্দিষ্ট (programmed) হৈ থাকে। মানুহৰ ভৰি-হাতেই ওলায়, চৰাইৰ ডেউকাই ওলায়…ইত্যাদি। কিন্তু বিজ্ঞানীৰ দলটোৱে বান্দৰৰ ভৃণটোত স্বাভাৱিকভাৱে বান্দৰৰ অংগ (যেনে—বান্দৰৰ বৃক্ক বা যকৃত আদি) সৃষ্টি কৰিব পৰা জীনসমূহ “নিষ্ক্ৰিয়” (deactivate) কৰিছে।

এই নিজৰ মতন কৰি লোৱা ভৃণটো (programmed embryo)ত যিকোনো মানৱ অংগ সৃষ্টি কৰিব পৰা মানৱ কাণ্ড কোষ (stem cell) ইঞ্জেক্ত কৰা হৈছে।

ফলত এই চিমেৰা বা খচ্চৰ জীৱ– মানৱ কোষযুক্ত বান্দৰ– সৃষ্টি কৰিব পৰা যায়। আৰু তাৰ দেহত বিকাশ হয় মানৱ অংগ।

ইয়াত কিছুমান আশংকাও আছে। যেনে—

ক) খচ্চৰটোৰ মগজুত যদি মানৱ কাণ্ড কোষে মানৱ নিউৰন সৃষ্টি কৰে? তেতিয়া তাৰ মানৱ “চেতনা” সৃষ্টি নহ’বনে?

খ) যদি কাণ্ড কোষে স্পাৰ্ম কোষ সৃষ্টি কৰে? তেতিয়া সৃষ্ট “খচ্চৰ”ৰ পৰা মানুহ জন্মসাধ্য হ’ব নেকি?

এনে আশংকাৰ বিপৰীতে বিজ্ঞানী দলটোৰ মতে, “মানৱ কোষ যদি মগজুলৈ যায়, সি নিজে নিজে ধ্বংস হ’ব।” অৰ্থাৎ, তাক তেনেকৈ প্ৰগ্ৰেম কৰা হৈছে।

মানৱ কোষেৰে বান্দৰ সৃষ্টি চূড়ান্ত হোৱাৰ আগতে গৱেষণাটো ৰখাই থোৱা হৈছে।

জীৱ বিজ্ঞানীসকলে সাধাৰণতে এনে পৰীক্ষাত “১৪ দিন”ৰ সীমা মানি চলে। দুসপ্তাহতকৈ কম সময়ত ভৃণটোত মানুহৰ স্নায়ুতন্ত্ৰ গঢ় ল’ব নোৱাৰে।

এমেৰিকা আৰু স্পেইনত এনে গৱেষণাত বাধা থকা বাবে গৱেষককেইজনে চীনত এই গৱেষণাটো কৰিছে।