Mystery of a missing Student ৪৫বছৰ পুৰণি ঘটনাৰে সম্পৰ্কিত গাড়ীত উদ্ধাৰ হ’ল মানৱ অৱশিষ্ট

Human-remains-

Mystery of a missing Student আজিৰ পৰা ৪৫ বছৰ পূৰ্বে এগৰাকী ছাত্ৰ সন্ধানহীন হোৱা ৰহস্যৰ সমাধান হৈছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিষয়াসকলে আলাবামা সুঁতিৰ তলত এখন গাড়ীত আৱিস্কাৰ হোৱা মানৱ দেহৰ অৱশিষ্ট সেই ঘটনাৰ সৈতে সম্পৰ্কিত বুলি ধৰি লৈছে।

১৯৭৬ চনত কাইল ৱেড ক্লিনস্কেলছে জৰ্জিয়াৰ লা গ্ৰেনেজৰ পৰা আলবামা আৱাৰ্ণলৈ গাড়ী চলাই উভতি আহিছিল যদিও কেতিয়াও আহি উপস্থিতি নহ’ল।

২২বছৰীয়া নিৰুদ্দিষ্ট যুৱকজনৰ লগতে ১৯৭৪ৰ পিন্টো গাড়ীখনৰ কেতিয়াও সন্ধান পোৱা হোৱা নাছিল। মঙলবাৰে একাংশ লোকে গাড়ীখন সুঁতিৰ পানীত ডুবি থকা প্ৰত্যক্ষ কৰে।

Also Read: ভুল চিকিৎসাৰ পৰিণতিত শিশুৰ মৃত্যু! কোকৰাঝাৰ সদৰ থানাত গোচৰ তৰিলে পৰিয়ালে

গাড়ীখন পানীৰ পৰা তুলি অনাৰ পাছত তদন্তই নিশ্চিত কৰিছে যে সেই গাড়ীখন ক্লিনস্কেলছৰ আছিল।

দেশখনৰ তদন্তকাৰী দলে ইয়াত মানুহৰ হাড়ৰ লগতে সন্ধানহীন যুৱকজনৰ পৰিচয় তথা ক্ৰেডিট কাৰ্ড উদ্ধাৰ কৰিছে।

তদন্তকাৰী দলে সদৰী কৰিছে যে বিগত ৪৫ বছৰে তেওঁলোকে এই যুৱকজন তথা গাড়ীখনৰ বাবে অনুসন্ধান কৰি আছিল।

মানৱ অৱশিষ্টখিনি ক্লিনস্কেলছৰ হয়নে নহয় তাক নিশ্চিত কৰাৰ বাবে পৰীক্ষা চলাই থকা হৈছে।

পূৰ্বে আৰক্ষীয়ে ছাত্ৰজনক হত্যা কৰা হৈছে বুলি সন্দেহ প্ৰকাশ কৰি আহিছিল।

Also Read:Ranjan Gogoi: অসমত এন আৰ চিৰ কাম লেহেমীয়া কৰিবলৈ চাপ দিছিল কেন্দ্ৰই; আৰু কি বিস্ফোৰণ ৰঞ্জন গগৈৰ?

উল্লেখ্য যে ২০০৫চনত দুগৰাকী ব্যক্তিয়ে যুৱকজন সন্ধাহীন হোৱাৰ সময়ত পিতৃক ফোন কৰি কোনো মানুহে তেওঁলোকৰ পুত্ৰক ডিছপ’জ কৰা দেখা পোৱা বুলি দাবী কৰি ফোন কৰাৰ পাছত আৰক্ষীয়ে তেওঁলোকক গ্ৰেপ্তাৰ কৰিছিল।

আৰক্ষীয়ে ক্লিনস্কেলছক কেনেকৈ মৃত্যু হৈছিল তাৰ সমাধান উলিয়াব বুলি আশাবাদী।