জাতীয় দল অসমৰ সাধাৰণ সম্পাদক তথা বিশিষ্ট মানৱ অধিকাৰ কৰ্মী প্ৰণৱ জ্যোতি চেতিয়াক হাতীগাঁও আৰক্ষীয়ে নিষিদ্ধ উগ্ৰপন্থী সংগঠন আলফা(স্বাধীনৰ)ৰ সৈতে জড়িত থকাৰ অভিযোগত যোৱা নিশা বাস গৃ্হৰ পৰাই গ্ৰেপ্তাৰ কৰিছে।
জানিব পৰা মতে প্ৰণৱ জ্যোতি চেতিয়াই সামাজিক মাধ্যমত আলফাস্বাধীনৰ সমৰ্থনত বিভিন্ন সময়ত পোষ্ট কৰি আহিছে আাৰু শেহতীয়া কৈ সামাজিক মাধ্যমত প্ৰকাশ কৰা এটা পোষ্টৰ অধাৰত, তেওঁ আলফাৰ লিংকমেন হোৱাৰ সন্দেৰ ভিত্তিত গ্ৰেপ্তাৰ কৰিছে বুলি জানিব পৰা গৈছে।
চৰকাৰী সূত্ৰৰ মতে, যোৱা নিশা চেতিয়াক ভাড়াঘৰৰ পৰা হাতীগাঁও থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই উঠাই লৈ যায়। আাৰু অপৰাধ শাখাৰ আৰক্ষীৰ গোচৰ নং ০২/২০২৫ৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছে বুলি সদৰী কৰিছে।
তেওঁক অধিক তদন্তৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে আৰু ইয়াৰ পিছত তেওঁক আদালতত হাজিৰ কৰা হ’ব। অৱশ্যে গোচৰটোত উত্থাপিত আইনী ধাৰা বা অভিযোগৰ সন্দৰ্ভত এতিয়াও কৰ্তৃপক্ষই সম্পূৰ্ণ সবিশেষ প্ৰকাশ কৰা নাই।
উল্লেখ্য যে এতিয়ালৈকে পোষ্টটোৰ বিষয়বস্তু বা নিষিদ্ধ সংগঠনটোৰ সৈতে ইয়াৰ নিৰ্দিষ্ট সম্পৰ্ক সন্দৰ্ভত কোনো আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰা হোৱা নাই।
প্ৰকৃততে প্ৰণৱ জ্যোতি চেতিয়া আলফাৰ সৈতে জড়িত নে আলফাৰ সৈতে জড়িত থকাৰ সন্দেহৰ ভিত্তিতে আৰু এজন অসমৰ যুৱকে বন্দিত্বৰ জীৱন কটাব লাগিব সেয়া লক্ষণীয় হ’ব।