অৱশেষত সঁচা প্ৰমাণিত হ’ল অসমত চলি থকা ভুৱা এনকাউন্টাৰ তথা মানৱ অধিকাৰ উলংঘনৰ ঘটনা। এই দাবী অসমৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানৱ অধিকাৰ তথা সমাজ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াৰ। কিছুদিন পূৰ্বে শইকীয়াই চৰকাৰে ভুৱা এনকাউন্টাৰ তথা মানৱ অধিকাৰ উলংঘন কৰাৰ অভিযোগ উত্থাপন কৰিছিল।
মানৱ অধিকাৰ কৰ্মীগৰাকীয়ে অসমত একাংশ আৰক্ষীৰ দ্বাৰা চলাই থকা বিভিন্ন অত্যাচাৰৰ লগতে একাংশ সন্দেহযুক্ত অপৰাধীক গুলিয়াই হত্যা কৰা কাৰ্যক সম্পূৰ্ণ মানৱ অধিকাৰ উলঙ্ঘন বুলি উল্লেখ কৰি অহাৰ লগতে অধিকাংশ সংঘৰ্ষই ভুৱা বুলি অভিযোগ উত্থাপন কৰি আহিছিল।
লগতে পঢ়ক: সকলোকে ধন্যবাদ জনাই নগাঁও এৰিলে আৰক্ষী বিষয়া আনন্দ মিশ্ৰই, গুৱাহাটীত উপস্থিত
শইকীয়াৰ অভিযোগ যে হিমন্ত বিশ্ব শৰ্মাই অসমৰ মুখ্যমন্ত্ৰীৰ দায়িত্বভাৰ লোৱাৰ দিনৰে পৰা এক্সট্ৰা জ্যুডিচিয়েল কিলিং আৰম্ভ হৈছিল। ন্যায় ব্যৱস্থাক ভেঙুচালি কৰি সন্দেহযুক্ত অপৰাধীক গুলিয়াই হত্যা কৰাটো সম্পূৰ্ণৰূপে মানৱ অধিকাৰ খৰ্ব কৰাকে বুজায়। আনহাতে, সৰু সৰু কথাতে একাংশ আৰক্ষীয়ে সাধাৰণ লোকক নিগ্ৰহ চলাই আহিছে।
শেহতীয়াকৈ নগাওঁৰ কীৰ্তি কমল বৰা নামৰ যুৱক জনক কোনো কাৰণ নোহোৱাকৈ অসম আৰক্ষীয়ে হত্যাৰ অভিপ্ৰায়ৰে গুলীয়াই গুৰুতৰভাবে আহত কৰে। অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব পৱন বৰঠাকুৰৰ তদন্তত স্পষ্ট হৈ পৰে যে নগাঁওৰ ঘটনাত আৰক্ষী সম্পূৰ্ণৰূপে জগৰীয়া আৰু সম্পূৰ্ণ ভুৱা encounter আছিল। বিনা কাৰণত উক্ত যুৱক জনক গুলীয়াই চিৰ জীৱনৰ বাবে ঘুনীয়া কৰা ৰহস্য ফাদিল হোৱাৰ পিছতে বনিয়া নামৰ এছ আই জনক নিলম্বন কৰাৰ লগতে গ্লেমাৰৰ দৌৰত থকা আৰক্ষী অধীক্ষক আনন্দ মিশ্রক তাৎক্ষণিকভাৱে বদলি কৰিবলৈ চৰকাৰ বাধ্য হয়।
লগতে পঢ়ক:অৱশেষত বহু বিতৰ্কিত আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰক নগাঁৱৰ পৰা অপসাৰণ, গুৱাহাটীলৈ তলব
সেয়ে, ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানৱ অধিকাৰ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াই কয় যে তেওঁ উত্থাপন কৰি অহা অভিযোগ আজি সঁচা প্ৰমাণিত হ’ল।
উল্লেখযোগ্য যে ডঃ দিব্যজ্যোতি শইকীয়াই ইতিমধ্যে অসমৰ ভুৱা encounter সন্দৰ্ভত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগত অভিযোগ প্ৰদান কৰিছে। ডঃ শইকীয়াই উল্লেখ কৰে যে অসম চৰকাৰৰ গৃহ বিভাগে নিৰন্তৰ মানৱ অধিকাৰ উলঙ্ঘন কৰি আহিছে।