• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সকলোকে ধন্যবাদ জনাই নগাঁও এৰিলে আৰক্ষী বিষয়া আনন্দ মিশ্ৰই, গুৱাহাটীত উপস্থিত

তদন্ত কমিটিৰ প্ৰতিবেদন কোনোৱাই হেয় কৰিব বিচাৰিলে ভাল নালাগে: মুখ্যমন্ত্ৰী

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
February 10, 2022 12:28 pm
ফাইল ফটো

ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অৱশেষত সকলোকে ধন্যবাদ জনাই নগাঁও এৰিলে জিলা খনৰ সদ্য অপসাৰিত আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই। নগাঁৱত ড্ৰাগছ বিৰোধী অভিযান চলোৱাৰ ক্ষেত্ৰত সংবাদমাধ্যমে কৰা সহায় আৰু সহযোগিতাৰ বাবে আনন্দ মিশ্ৰই ধন্যবাদ জ্ঞাপন কৰি আজি গুৱাহাটী অভিমুখে যাত্ৰা আৰম্ভ কৰে।

ইপিনে আজি জিএমচিএইছত উপস্থিত হোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আনন্দ মিশ্ৰৰ বদলি সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে কীৰ্তিকমল ভূঞাৰ ঘটনাটোত তদন্ত কমিটিয়ে আনন্দ মিশ্ৰক দোষাৰোপ কৰা নাই।

Apply Now

কিন্তু তেওঁ সংবাদমেল পাতি তদন্ত কমিটিৰ প্ৰতিবেদনক হেয় প্ৰতিপন্ন কৰিব বিচৰা কথাটো ভাল লগা নাই।

আৰক্ষীয়ে নিৰীহ লোকক সদায় নিৰাপত্তা দি তেওঁলোকৰ আস্থা ভাজন হ’ব লাগিব বুলিও মুখ্যমন্ত্ৰীয়ে দোহাৰে। তেওঁ কয় যে কোনোৱাই যদি আৰক্ষীক গালিও পাৰে তথাপি কোনো আৰক্ষীৰে ষ্টাৰ এটা কমি নাযায়।

সেয়া হজম কৰি নিৰীহৰ আস্থাভাজন হৈ থাকিবলৈ তেওঁ আৰক্ষীৰ লোক সকললৈ বাৰ্তা দিয়ে। ইপিনে জিএমচিএইছতে চিকিৎসাধীন হৈ থকা কীৰ্তিকমল ভূঞাই কি কাৰণত আনন্দ মিশ্ৰই তেওঁৰ সৈতে জেদ ধৰিছে সেয়া ভাবি আচৰিত হৈছে বুলি সাংবাদিকৰ আগত প্ৰকাশ কৰে।

আনন্দ মিশ্ৰই কালি সংবাদমেল পাতি কীৰ্তিকমল ভূঞা ড্ৰাগছ চক্ৰৰ সৈতে জৰিত বুলি একপ্ৰকাৰ প্ৰতিপন্ন কৰাৰ চেষ্টা চলাইছিল। আনন্দ মিশ্ৰই যিজন ড্ৰাগছ ব্যৱসায়ীক কীৰ্তিকমলে সহায় কৰা বুলি কৈছে তেওঁ চিনিয়েই নাপায় বুলিও কীৰ্তিকমলে সাংবাদিকৰ আগত কয়।

উল্লেখ্য কালি অসম চৰকাৰে নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰক জিলা খনৰ আৰক্ষী অধীক্ষক পদৰ পৰা অব্যাহতি দি গুৱাহাটীলৈ তলব কৰিছিল।

অসম চৰকাৰৰ গৃহ বিভাগে আনন্দ মিশ্ৰক পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত গুৱাহাটীস্থ অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত কাৰ্য নিৰ্বাহ কৰিবলৈ নিৰ্দেশনা জাৰি কৰিছে। একেদৰে নগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰাক সাময়িক ভাবে জিলা খনৰ আৰক্ষী অধীক্ষকৰ দায়িত্ব অৰ্পন কৰা হৈছে। আনন্দ মিশ্ৰক নগাঁৱৰ পৰা অপসাৰণ কৰাৰ বিষয়টোক সকলোৱে আদৰণি জনাইছে।

নগাওঁ জিলাৰ কেইবাটাও দল-সংগঠনে আদৰণি জনাইছে। তদুপৰি এই দল-সংগঠন কেইটা নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ‌ৰ বিৰুদ্ধে সৰব হৈ পৰা পৰিলক্ষিত হয়।

ইপিনে তদন্তৰ প্ৰতিবেদন ৰাজহুৱা হোৱাৰ পিছত নগাঁও আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই কালি সংবাদ মেলত কৈছিল-“তদন্তৰ প্ৰতিবেদনক আমি গ্ৰহণ কৰিছোঁ।

এনকাউণ্টাৰৰ লগত জড়িত প্ৰদীপ বণিয়াক তাৎক্ষণিকভাৱে নিলম্বন কৰা হৈছে। কিন্তু আমি লগতে ড্ৰাগছ ব্যৱসায়ী জাকিৰ হুছেইনক কিয় কীৰ্তিকমলে বচাবলৈ গৈছিল তাৰ ওপৰত তদন্ত হোৱাটোও বিচাৰোঁ।”

কিছু সময় পূৰ্বে আনন্দ মিশ্ৰই গুৱাহাটীস্থিত অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত আহি উপস্থিত হৈছে।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জিন্স আৰু ফৰ্মেল পোছাকৰ সৈতে মুকুতাৰ গহনা কেনেকৈ পিন্ধিব? জানি লওক ইয়াৰ সঠিক ব্যৱহাৰ

জিন্স আৰু ফৰ্মেল পোছাকৰ সৈতে মুকুতাৰ গহনা কেনেকৈ পিন্ধিব? জানি লওক ইয়াৰ সঠিক ব্যৱহাৰ

July 4, 2026 6:45 am
ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

July 3, 2026 9:15 pm
১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

July 3, 2026 8:31 pm
প্ৰথম জাক বৰষুণতে ভাঙি পৰিল নতুন দিল্লী-ডেৰাডুন এক্সপ্ৰেছৱে : স্থানীয় লোকৰ ওপৰত দোষ জাপিলে এনএইচএআই কৰ্তৃপক্ষই

প্ৰথম জাক বৰষুণতে ভাঙি পৰিল নতুন দিল্লী-ডেৰাডুন এক্সপ্ৰেছৱে : স্থানীয় লোকৰ ওপৰত দোষ জাপিলে এনএইচএআই কৰ্তৃপক্ষই

July 3, 2026 8:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জিন্স আৰু ফৰ্মেল পোছাকৰ সৈতে মুকুতাৰ গহনা কেনেকৈ পিন্ধিব? জানি লওক ইয়াৰ সঠিক ব্যৱহাৰ

জিন্স আৰু ফৰ্মেল পোছাকৰ সৈতে মুকুতাৰ গহনা কেনেকৈ পিন্ধিব? জানি লওক ইয়াৰ সঠিক ব্যৱহাৰ

July 4, 2026 6:45 am
ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

July 3, 2026 9:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd