“ফনি”ৰ তাণ্ডৱলীলাৰ পিছত পুনৰ ঘূৰ্ণি বতাহ ত্ৰিপুৰাত; ঘৰ ভগা পৰিয়াললৈ ৯৫ হাজাৰ টকাকৈ ক্ষতিপূৰণ

TRIPURA STORM 2

ত্ৰিপুৰাৰ চিপাহীজেলাত ঘূৰ্ণি বতাহৰ তাণ্ডৱ।

“ফনি”ৰ তাণ্ডৱলীলাই উত্তৰ-পূব ভাৰতক জোকাৰি যোৱাৰ এমাহ নহওঁতেই পুনৰ আহিল আন এক ঘূৰ্ণি বতাহ।

আজি পুৱতি নিশা পাৰ হৈ যোৱা অনামী এজাক প্ৰচণ্ড ঘূৰ্ণি বতাহে ত্ৰিপুৰাক পুনৰ আউলী-বাউলী কৰি যায়।

ঘূৰ্ণি বতাহে ৰাজ্যখনৰ সীমান্ত জিলা চিপাহীজেলাৰ বহু সংখ্যক গছ-গছনি উঘালি পেলাই তাণ্ডৱ সৃষ্টি কৰাৰ লগতে টিনপাটৰ শতাধিক ঘৰৰ মূধচ উৰুৱাই লৈ যায়। গছ-গছনি ভাগি পৰিও ভালে সংখ্যক ঘৰৰ ক্ষতি হয়।

বিদ্যুৎ সংযোগ আৰু পানী যোগান ব্যৱস্থাত ব্যাঘাত জন্মি স্বাভাৱিক জনজীৱনত অসুবিধাৰ সৃষ্টি হৈছে। ঘৰ ভাগি পৰাত বহুতে মুকলি আকাশৰ তলত বাস কৰিব লগীয়া হৈছে।

সমাজ কল্যাণ আৰু সামাজিক শিক্ষা মন্ত্ৰী সান্ত্বনা চাকমাই প্ৰশাসনৰ এটা দলক নেতৃত্ব দি আক্ৰান্ত অঞ্চলবোৰ ভ্ৰমণ কৰে।

চৰকাৰে প্ৰাথমিকভাৱে ক্ষতিগ্ৰস্তসকললৈ ৫০০০ টকাৰ এককালীন সাহায্য আগ বঢ়োৱাৰ লগতে ৰাজ্যিক দুৰ্য্যোগ প্ৰশমন পুঁজিৰ পৰা ঘৰ ভাগি পৰা লোকসকললৈ ৯৫ হাজাৰ টকাকৈ আগ বঢ়াইছে।