টীয়ক কলিয়াপানী ব্লক যুৱ কংগ্ৰেছৰ উদ্যোগত শতাধিক যুৱক-যুৱতীৰ কংগ্ৰেছত যোগদান

Hundreds of youth join Congress in Teok

যোৰহাট জিলাৰ টীয়ক কলিয়াপানী ব্লক যুৱ কংগ্ৰেছৰ উদ্যোগত টীয়কস্থিত কলিয়াপানী ব্লক কংগ্ৰেছ ভৱনত শতাধিক যুৱক-যুৱতীয়ে আনুষ্ঠানিকভাৱে আজি কংগ্ৰেছ দলত যোগদান কৰে|

অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সম্পাদিকা পল্লৱী শইকীয়া গগৈৰ নেতৃত্বত টীয়ক, জাঁজীমুখ, জেলেঙীটুপ, জগদুৱাৰ, বামুনপুখুৰী, জগদুৱাৰ বাগানকে আদি কৰি অঞ্চলটোৰ প্ৰায় শতাধিক যুৱক-যুৱতীয়ে কংগ্ৰেছ দলৰ আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ তথা বৰ্তমান মিত্ৰজোঁটৰ কেতবোৰ কাম-কাজত অসন্তুষ্টি প্ৰকাশ কৰি অনুষ্ঠানিকভাৱে আজি কংগ্ৰেছ দলত যোগদান কৰে।

কলিয়াপানী ব্লক যুৱ কংগ্ৰেছ কমিটিৰ সভাপতি যতীন বৰাৰ সভাপতিত্বত অনুস্থিত হোৱা যোগদান অনুষ্ঠানটিত যোৰহাট জিলা কংগ্ৰেছৰ সভাপতি পাৰ্থ প্ৰতীম গগৈ, টীয়ক সমষ্টিৰ প্ৰবীণ কংগ্ৰেছী জেষ্ঠ কৰ্মী টুনী দত্ত, টীয়ক সমষ্টিৰ যুৱ কংগ্ৰেছ সমিতিৰ সভাপতি উত্তৰণ বুঢ়াগোহাঁইকে ধৰি ভালেসংখ্যক বিষয়ববীয়া উপস্থিত থাকে।

উল্লেখযোগ্য যে যোৱা সপ্তাহতো টীয়ক ব্লক যুৱ কংগ্ৰেছ কমিটিৰ উদ্যোগত প্ৰায় শতাধিক লোকে আনুষ্ঠানিকভাৱে কংগ্ৰেছ দলত যোগদান কৰিছিল।

এই সভাতে অগপ ত্যাগ কৰি কংগ্ৰেছ দলত যোগদান কৰা কেইবাজনো ব্যক্তিয়ে অগপ দলৰ কৰ্মকাণ্ডক ক্ষুৰধাৰ সমালোচনা কৰাৰ লগতে সিংহ যুৱক ললিত চন্দ্ৰ ৰাজখোৱা স্মৃতি ভৱনৰ জৰাজীৰ্ণ অৱস্থাৰ সন্দৰ্ভতো ক্ষোভ প্ৰকাশ কৰি সভাত মন্তব্য আগবঢ়ায়।