আচৰিত কাণ্ড! লাউডস্পীকাৰৰ সহায়ত ধৰিছে পৰিভ্ৰমী চৰাই; বন বিভাগৰ অভিযানত জব্দ চৰাই আৰু লাউডস্পীকাৰ

BIrds Caught by loudspeaker

উদ্ধাৰ কৰা চৰাইবোৰ আৰু চৰাই ধৰা লাউডস্পীকাৰ আদি সঁজুলি।

নগাৱঁৰ জুৰীয়াৰ পৰা আজি বন বিভাগে দুষ্টচক্ৰই কৌশলেৰে ধৰি সজাত বন্দী কৰি থোৱা অৱস্থাত ১৬টা বনৰীয়া চৰাই উদ্ধাৰ কৰে। এটা গোপন সূত্ৰৰ ভিত্তিত অসম বন সুৰক্ষা বাহিনীয়ে অভিযানটো চলাইছিল।

জীৱন্তে বন্দী কৰা এই চৰাইবোৰ দুষ্টচক্ৰটোৱে মাংসপ্ৰিয় মানুহক বিক্ৰী কৰিবলৈ দিহা কৰিছিল বুলি জানিব পৰা গৈছে।

নগাওঁ জিলাৰ জুৰীয়া অঞ্চলৰ কিছুমান খেতি পথাৰত ধৰা এই চৰাইবোৰৰ বেছিভাগেই কাম চৰাই (Purple Moor hen)। অঞ্চলটোৰ পথাৰত এইদৰে চৰাই ধৰা বুলি জানিব পাৰি লাওখোৱা বন্যপ্ৰাণী অভয়াৰণ্যৰ পৰা অভিযানকাৰী দলটোক প্ৰেৰণ কৰা হৈছিল।

আচৰিত কথাটো হ’ল এই চৰাইবোৰক ধৰিবলৈ দুষ্টচক্ৰটোৱে এটা অভিনৱ কৌশল ব্যৱহাৰ কৰি আহিছে।

বন বিভাগৰ সূত্ৰই কয়, বন্দুক, ধনু-কাঁড় অথবা বিষাক্ত দ্ৰব্য নহয়, লাউডস্পীকাৰৰ সহায়ত এই চৰাইবোৰক জালত পেলায়।

“চিকাৰীসকলে চৰাইবোৰক আকৰ্ষণ কৰিবলৈ লাউডস্পীকাৰত এই চৰাইবোৰৰ বাণীবদ্ধ মাতটো বজায়। এই মাত অনুসৰণ কৰি গৈ গোপনে পাতি থোৱা জালত চৰাইবোৰ বন্দী হয়”, নগাওঁ ফৰেষ্ট ডিভিজনৰ ডিভিজনেল বিষয়া টি চি ৰঞ্জিতে কয়।

চৰাইৰ লগতে পথাৰত পাতি থোৱা লাউডস্পীকাৰ, জাল, সজা আদি আহিলাও জব্দ কৰে যদিও এজন নাবালক ল’ৰাৰ বাহিৰে কাকো ধৰিবলৈ সক্ষম নহ’ল অভিযানকাৰী দলটো।

“ঘটনাৰ আঁৰত থকা চিকাৰীকেইজনক ধৰিবলৈ চেষ্টা অব্যাহত আছে”, বিষয়াজনে কয়।

তেওঁ লগতে জানিবলৈ দিয়ে যে বন বিভাগৰ চকুত ধৰা নপৰিবৰ বাবে এই চিকাৰীবোৰে চৰাইবোৰ বজাৰত বিক্ৰী নকৰে। তাৰ পৰিৱৰ্তে তেওঁলোকে ফোনত গ্ৰাহকৰ সৈতে যোগাযোগ কৰে আৰু দাম-দৰ কৰি ঘৰত যোগান ধৰে।

বিষয়াজনে বন বিভাগ এই চৰাইবোৰ মাংসৰ বাবে ক্ৰয় কৰা লোকসকলৰ সন্ধানতো আছে বুলি জনায়।