পত্নীক হত্যা কৰি মৃতদেহ কোলাত লৈ চেল্ফি : আত্মীয়লৈ চেল্ফি পঠিয়াই নিজেও ল’লে চৰম সিদ্ধান্ত

স্বামী-স্ত্ৰীৰ মাজত প্ৰায়েই হৈছিল ঘৰুৱা কাজিয়া। এই কাজিয়াৰ পৰিণতিয়ে ৰূপ ল’লে এক ভয়ংকৰ কাণ্ডৰ। খঙৰ ভমকত স্বামীয়ে হত্যা কৰিলে পত্নীক। কেৱল হত্যা কৰাই নহয়, হত্যা কৰি পত্নীৰ মৃতদেহৰ সৈতে চেল্ফি উঠি সেই চেল্ফি পৰিয়ালৰ লোকলৈও পঠিয়ালে স্বামীয়ে।

ইয়াৰ পিছত নিজেও আত্মহত্যা কৰে। কিছুদিন পিছত যেতিয়া যুৱকজনৰ ভাতৃয়ে তেওঁলোকক বিচাৰি তেতিয়া স্বামী-স্ত্ৰীৰ নিথৰ মৃতদেহ উদ্ধাৰ হয়।

উত্তৰ প্ৰদেশৰ গাজিয়াবাদত সংঘটিত হৈছে এই ঘটনা। জনা গৈছে যে এই দম্পতীহাল ইটাহৰ বাসিন্দা। কৰ্মসূত্ৰে গাজিয়াবাদত বাস কৰিছিল তেওঁলোকে।

জানিব পৰা মতে, সদায়েই তেওঁলোকৰ মাজত কাজিয়া হৈছিল। যাৰ বাবে খঙত স্বামীয়ে পত্নীৰ ডিঙি চেপি হত্যা কৰে।

আৰক্ষীৰ সূত্ৰ অনুসৰি অভিযুক্ত স্বামীয়ে পত্নীৰ মৃতদেহৰ ছবি ভাতৃলৈ প্ৰেৰণ কৰিছিল। তেতিয়াৰ পৰা ভাতৃয়ে তেওঁলোকৰ লগত যোগাযোগ কৰিবলৈ চেষ্টা কৰ আছিল যদিও যোগাযোগ কৰিব পৰা নাছিল।

অৱশেষত তেওঁলোকক বিচাৰি আহি ভাতৃয়ে গাজিয়াবাদত দুয়োৰে মৃতদেহ উদ্ধাৰ কৰে। আৰক্ষীয়ে দুয়োৰে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।