NORTHEAST NOW (Assamese)

সন্ত্ৰাসবাদীৰ গুলীত নিহত সন্ত্ৰাসবাদী! দুই শ্ৰমিক হত্যাত জড়িত ধৃত সন্ত্ৰাসবাদী ইমৰান বছিৰৰ মৃত্যু

October 19, 2022 8:17 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: October 19, 2022 8:18 am

মঙলবাৰে শ্বপিয়ানত গ্ৰেনেড বিস্ফোৰণত দুগৰাকী শ্ৰমিকৰ মৃত্যুৰ পিছত গ্ৰেপ্তাৰ কৰা সন্ত্ৰাসবাদী ইমৰান বছিৰ জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদ বিৰোধী এক অভিযানৰ সময়ত আজি নিহত হৈছে।

প্ৰথমে এগৰাকী কাশ্মীৰী পণ্ডিতৰ হত্যা আৰু তাৰ পিছতে দুই প্ৰব্ৰজিত শ্ৰমিকৰ হত্যাই শ্বপিয়ানত সৃষ্টি কৰা সন্ত্ৰাসজৰ্জৰ পৰিস্থিতিৰ পিছতে শ্বপিয়ানৰ নওগাম অঞ্চলত সন্ত্ৰাসবাদী আৰু নিৰাপত্তাৰক্ষীৰ মাজত আজি সংঘৰ্ষ আৰম্ভ হৈছিল।

উল্লেখ্য যে যোৱা ১৫ অক্টোবৰত সংঘটিত হোৱা কাশ্মীৰী পণ্ডিত হত্যাকাণ্ডৰ স্থানৰ কিছু নিলগত আজিৰ এই এনকাউণ্টাৰ সংঘটিত হয়।

কাশ্মীৰ জ’ন আৰক্ষীয়ে এক বিবৃতি যোগে উল্লেখ কৰা অনুসৰি ধৃত সন্ত্ৰাসবাদী ইমৰান বছিৰৰ ভাষ্য আৰু নিৰাপত্তা বাহিনীয়ে লাভ কৰা তথ্যৰ ভিত্তিত নওগামত অভিযান আৰম্ভ কৰিছিল।

এই অভিযানৰ সময়তে সন্ত্ৰাসবাদীৰ গুলীয়ে ইমৰান বছিৰক আঘাত কৰে আৰু থিতাতে তেওঁৰ মৃত্যু হয় বুলি কাশ্মীৰ জ’ন আৰক্ষীয়ে বিবৃতিটোত লগতে উল্লেখ কৰিছে।

সংঘৰ্ষস্থলীৰ পৰা বহু আপত্তিজনক সামগ্ৰী, অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদ উদ্ধাৰ কৰা হৈছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়াৰ লগতে সন্ত্ৰাসবাদীৰ সন্ধানত এতিয়াও অভিযান চলি আছে বুলি সদৰী কৰিছে।

Related News