হায়দৰাবাদ এফ চিক পৰাস্ত কৰি পইণ্ট তালিকাৰ শীৰ্ষস্থানত নৰ্থ-ইষ্ট য়ুনাইটেড

North East United

বিজয়ৰ পাছত নৰ্থ-ইষ্ট য়ুনাইটেডৰ খেলুৱৈ সকল, উৎস-ইণ্টাৰনেট

আই এছ এলৰ ষষ্ঠ সংস্কৰণত অপৰাজেয় ধাৰা অব্যাহত ৰাখিছে নৰ্থ-ইষ্ট য়ুনাইটেডে।

বুধবাৰে হয়দৰাবাদৰ জি এম চি বালাযোগী ষ্টেডিয়ামত নৰ্থ-ইষ্ট য়ুনাইটেড আৰু হাইদৰাবাদ এফ চিৰ মাজত অনুষ্ঠিত হোৱা তীব্ৰ উত্তেজনাপূৰ্ণ খেলখনত নৰ্থ-ইষ্ট য়ুনাইটেডে হায়দৰাবাদ এফ চিক ১-০ গ’লৰ ব্যৱধানত পৰাস্ত কৰে।

নৰ্থ-ইষ্ট য়ুনাইটেডৰ হৈ ৮৬ মিনিটত মেক্সিমিলিয়ানো বেৰেইৰোই পেনাল্টিৰ সহায়ত গ’ল কৰি খেলৰ অন্তিম সময়ত নৰ্থ-ইষ্ট য়ুনাইটেডক বিজয়ৰ সোৱাদ দিয়ে।

এই বিজয়ৰ লগে লগে নৰ্থ-ইষ্ট য়ুনাইটেডে চাৰিখন খেলৰ দুখনত জয় আৰু দুখনত ড্ৰ খেলি মুঠ ৮ পইণ্ট সংগ্ৰহেৰে পইণ্ট তালিকাৰ শীৰ্ষস্থান অধিকাৰ কৰে।

উল্লেখযোগ্য যে, হয়দৰাবাদত অনুষ্ঠিত খেলখনৰ প্ৰথমাৰ্ধত হায়দৰাবাদ এফ চিয়ে ঘৰুৱা দৰ্শকৰ সমৰ্থনত আক্ৰমণাত্মক খেল খেলি কেইবাটাও গ’লৰ সুযোগ সৃষ্টি কৰে যদিও নৰ্থ-ইষ্ট য়ুনাইটেডৰ গ’ল ৰক্ষক শুভাশিস ৰয় চৌধুৰীৰ বিচক্ষণতাৰ বাবে গ’ল হোৱাৰ পৰা ৰক্ষা পৰে।

আনহাতে, বিজয়ৰ পাছতে দলৰ খেলুৱৈ সকলৰ প্ৰদৰ্শনত সন্তুষ্টি প্ৰকাশ কৰে নৰ্থ-ইষ্ট য়ুনাইটেডৰ প্ৰশিক্ষক ৰবাৰ্ট জৰ্ণিয়ে।