হায়দৰাবাদত বিলাসী বাহনৰ ভিতৰত কিশোৰীক দলবদ্ধ ধৰ্ষণ: অভিযোগৰ আঙুলি বিধায়ক পুত্ৰলৈও

Hyderabad Gang-Rape

দেশত নাৰীজনিত অপৰাধৰ হাৰ ক্ৰমাৎ উৰ্দ্ধমুখী হৈ পৰাৰ সময়তে এক লজ্জাজনক কাণ্ডই জোকাৰি গৈছে দক্ষিণ ভাৰতীয় ৰাজ্য হায়দৰাবাদ। ৰাজ্যখনত দলবদ্ধ ধৰ্ষণৰ বলি হৈছে এগৰাকী কিশোৰী। যোৱা শনিবাৰেই সংঘটিত এই লজ্জাজনক ঘটনাৰ কথা শেহতীয়াকৈ পোহৰলৈ আহিছে।

প্ৰকাশিত খবৰ অনুসৰি শনিবাৰে নিশা ১৭ বৰ্ষীয় কিশোৰী গৰাকীয়ে এগৰাকী বন্ধুৰ সৈতে পাবলৈ যায়। পাবত কিশোৰীগৰাকী এজন কিশোৰৰ সৈতে চিনাকি হয়। ইয়াৰ পাছতে কিশোৰীগৰাকীৰ বন্ধু গৰাকীয়ে পাব এৰি যোৱাৰ পিছত পাবত চিনাকি হোৱা কিশোৰ গৰাকী আৰু তেওঁৰ বন্ধুই কিশোৰীগৰাকীক ঘৰত থোৱাৰ প্ৰতিশ্ৰুতি দিয়ে।

এখন বিলাসী গাড়ীত অহা এই কিশোৰ পাঁচজনে পাবৰ পৰা ওলায়ে চহৰখনৰ জুবিলি হিলচ এলেকাত গাড়ীখন ৰখায় আৰু কিশোৰীগৰাকীক উপৰ্যুপৰি ধৰ্ষণ কৰে।

ঘটনাৰ পিছতে কিশোৰীগৰাকী ঘৰত উপস্থিত হয়। কিন্তু ডিঙিত আঘাত প্ৰত্যক্ষ কৰি দেউতাকে এই আঘাতৰ বিষয়ে প্ৰশ্ন কৰে। কিন্তু কিশোৰীগৰাকীয়ে ধৰ্ষণৰ কথা প্ৰকাশ নকৰি কিছু যুৱকে শাৰীৰিক আক্ৰমণ কৰে বুলি জানিবলৈ দিয়ে।

লগে লগে দেউতাকে আৰক্ষীৰ কাষ চাপে। দেউতাকৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে প্ৰথমে ভাৰতীয় দণ্ডবিধিৰ ধাৰা ৩৫৪ ৰ অধীনত এটা গোচৰ ৰুজু কৰিছিল। কিন্তু পিছত স্বাস্থ্য পৰীক্ষাৰ বাবে মহিলা বিষয়াসকলৰ ওচৰলৈ পঠোৱাৰ সময়ত কিশোৰীগৰাকীয়ে সমগ্ৰ ঘটনাৰ বাখ্যা কৰে।

ইয়াৰ পিছতে আৰক্ষীয়ে আৰক্ষীয়ে গোচৰটো সলনি কৰি আইপিচিৰ ধাৰা ৩৭৬ যোগ কৰাৰ লগতে যৌন অপৰাধৰ পৰা শিশুৰ সুৰক্ষা (পকচো) আইনৰ অধীনত এটা গোচৰ ৰুজু কৰে।

আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰাৰ পাছত এই লজ্জাজনক ঘটনাত পাঁচজন কিশোৰ জড়িত আছিল বুলি নিশ্চিত হয়। অভিযুক্ত আটাইকেইজন কিশোৰ একাদশ আৰু দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থী বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

আনহাতে অভিযুক্ত সকলৰ কেইজনমান ৰাজনৈতিকভাৱে প্ৰভাৱশালী পৰিয়ালৰ বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। অভিযুক্ত সকলৰ মাজত স্থানীয় বিধায়কৰ পুত্ৰও আছে বুলিও অভিযোগ উঠে।

আৰক্ষীয়ে প্ৰকাশ কৰা মতে ঘটনা সংঘটিত হোৱাৰ পূৰ্বে বিধায়কৰ পুত্ৰগৰাকী গাড়ীৰ পৰা নামি গৈছিল আৰু সেয়েহে তেওঁ দলবদ্ধ ধৰ্ষণৰ সৈতে জড়িত নহ’ব পাৰে বুলি সন্দেহ কৰিছে।

স্থানীয় এজন আৰক্ষী বিষয়াই জানিবলৈ দিয়া মতে কিশোৰীগৰাকীয়ে অভিযুক্ত কেইজনৰ পৰিচয় প্ৰকাশ কৰিব পৰা নাছিল। তেওঁ মাত্ৰ এগৰাকী কিশোৰৰ নাম জানিব পাৰিছিল।

চিচিটিভি ফুটেজ আৰু অন্য কিছু কাৰিকৰী প্ৰমাণৰ ওপৰত ভিত্তি কৰি আৰক্ষীয়ে বৰ্তমান অভিযুক্ত কিশোৰ কেইজনৰ সন্ধান চলাই আছে বুলি তেখেতে উল্লেখ কৰে।

আনহাতে আৰক্ষীয়ে লগতে পাবত কিশোৰ-কিশোৰীসকলক কেনেদৰে প্ৰৱেশৰ অনুমতি দিছিল সেই সন্দৰ্ভতো তদন্ত চলাইছে বুলি জানিব পৰা গৈছে।