ভাৰতত থাকি পাকিস্তানক সমৰ্থন! হায়দৰাবাদৰ ‘কাৰাচী বেকাৰী’ পুনৰ হিন্দুত্ববাদী কৰ্মীৰ ক্ষোভৰ সন্মুখীন
অপাৰেচন সিন্দূৰৰ পিছত ভাৰত আৰু পাকিস্তানৰ মাজত সংঘাত তীব্ৰতৰ হৈ পৰিছে। এনে পৰিস্থিতিত হায়দৰাবাদস্থিত কোম্পানী ‘কাৰাচী বেকাৰী’ পুনৰবাৰ হিন্দুত্ববাদী দলৰ ৰোষৰ সন্মুখীন হ’ল। জানিব পৰা মতে, যোৱা ৪৮ ঘণ্টাত হায়দৰাবাদকে ধৰি সমগ্ৰ দেশতে ‘কাৰাচী বেকাৰী’ৰ বিভিন্ন শাখাত আক্রমণ হৈছে৷ ভাঙি-ছিঙি যোৱাৰ উপৰিও কৰ্তৃপক্ষলৈ ভাবুকি পত্ৰও প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে। সমগ্ৰ ঘটনাৰ পিছত আতংকিত হৈ পৰিছে খাদ্য কোম্পানীটোৰ বৰ্তমানৰ মালিক।
এই সন্দৰ্ভত তেলেংগানা বজৰংগ দলৰ আহ্বায়ক শিৱৰামে কয় যে, “ভাৰতৰ পৰা পাকিস্তানক সমৰ্থন কৰাসকলে দেশ এৰি যাব লাগে। কাৰাচী বেকাৰীৰ পাকিস্তানৰ সৈতে সম্পৰ্ক আছে। সেয়েহে ইয়াৰ নাম সলনি কৰিব লাগে। যদি তেওঁলোকে নাম সলনি নকৰে তেন্তে আমি সলনি কৰিম।”
এনে পৰিস্থিতিত সংগঠনটোৱে শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত এটা পোষ্ট দিছিল, কিছু পৰিমাণে বাধ্যতামূলক। তাত তেওঁলোকে লিখিছে, ‘কৰাচী বেকাৰী ১০০ শতাংশ ভাৰতীয় ব্ৰেণ্ড।’ এই নামটো আমাৰ ইতিহাসৰ অংশ। ইয়াৰ আঁৰত আন কোনো উদ্দেশ্য নাই।’ কেৱল সেয়াই নহয়, কোম্পানীটোৱে হায়দৰাবাদত থকা তেওঁলোকৰ দোকানৰ প্ৰৱেশদ্বাৰতো ভাৰতীয় পতাকা ওলোমাই থৈছে। কিন্তু এতিয়াও ওৰ পৰা নাই বিতৰ্কৰ।
প্ৰসংগক্ৰমে ‘কৰচী বেকাৰী’ৰ যাত্ৰা আৰম্ভ হৈছিল দেশ বিভাজনৰ কেইবছৰমান পিছত ১৯৫৩ চনত। খানচন্দ ৰামনানী নামৰ এজন হিন্দু অনুপ্ৰৱেশকাৰীয়ে ইয়াক প্ৰতিষ্ঠা কৰিছিল। কাৰাচীৰ পৰা ভাৰতলৈ আহিছিল। সেই উৎসৰ ওপৰত ভিত্তি কৰি “কৰাচী বেকাৰী” নামটো বাছি লয়। ইয়াৰ পূৰ্বেও একাধিকবাৰ আক্ৰমণৰ সাক্ষী হৈছে এই বেকাৰীখন। বিশেষকৈ যেতিয়া ভাৰতত সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হয় তেতিয়া ‘কাৰাচী বেকাৰী’ কৰ্তৃপক্ষৰ ৰোষৰ সন্মুখীন হয়। এইবাৰো ইয়াৰ ব্যতিক্ৰম নাছিল।