• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘১০০ৰো অধিক সন্ত্ৰাসবাদী নিহত’! অপাৰেচন সিন্দুৰ এতিয়াও শেষ হোৱা নাই? সৰ্বদলীয় বৈঠকত প্ৰতিৰক্ষা মন্ত্ৰী  

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
May 8, 2025 3:36 pm
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মঙলবাৰে মাজনিশা ২৫ মিনিটৰ অভিযান (অপাৰেচন সিন্দুৰ)। ফলত পাকিস্তান আৰু পাকিস্তান অধিকৃত কাশ্মীৰৰ ৯টা সন্ত্ৰাসবাদী ঘাটি ধ্বংস হয়। পেহেলগাম আক্ৰমণৰ প্ৰতি এয়া আছিল ভাৰতৰ ‘প্ৰতিক্ৰিয়া’।

বৃহস্পতিবাৰে সৰ্বদলীয় বৈঠক আহ্বান কৰি বিৰোধীক এই অভিযান সন্দৰ্ভত বিতংভাৱে অৱগত কৰা হয়। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে তাত কয় যে এই অভিযানত এশৰো অধিক সন্ত্ৰাসবাদী নিহত হৈছে।

Apply Now

আজি সংসদ ভৱনত এখন সৰ্বদলীয় বৈঠকৰ আয়োজন কৰা হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অনুপস্থিতিত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে সভাপতিত্ব কৰে বৈঠকত। এই বৈঠকত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰৰ লগতে কেবিনেটৰ কেইবাজনো সদস্য উপস্থিত থাকে। লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী, ৰাজ্যসভাৰ বিৰোধী দলপতি মল্লিকাৰ্জুন খাৰ্গেকে ধৰি কেইবাটাও বিৰোধী দলৰ প্ৰতিনিধি উপস্থিত থাকে।

সূত্ৰৰ উদ্ধৃতি দি একাধিক প্ৰতিবেদনে দাবী কৰিছে যে ‘অপাৰেচন সিন্দুৰ’ৰ জৰিয়তে একাধিক সন্ত্ৰাসবাদীৰ ঘাটি কেনেকৈ ধ্বংস কৰা হৈছিল সেই কথা বৈঠকত তুলি ধৰা হয়। এই অভিযানৰ সম্ভাৱ্য প্ৰভাৱৰ লগতে পাকিস্তানৰ পৰা সম্ভাৱ্য প্ৰত্যাক্ৰমণৰ বিষয়েও আলোচনা কৰা বুলি জানিব পৰা গৈছে। একে সময়তে বিভিন্ন প্ৰতিবেদনত সূত্ৰৰ উদ্ধৃতি দি দাবী কৰা হৈছে যে অপাৰেচন সিন্দুৰ এতিয়াও শেষ হোৱা নাই বুলি জনাইছে প্ৰতিৰক্ষা মন্ত্ৰালয়ে।

সংশ্লিষ্ট সূত্ৰ অনুসৰি আজিৰ সৰ্বদলীয় বৈঠকত যদিও প্ৰধানমন্ত্ৰী শাৰীৰিকভাৱে উপস্থিত নাছিল, তথাপিও তেওঁৰ বাৰ্তা শুনোৱা হয়। কেন্দ্ৰীয় কেবিনেটৰ সদস্যসকলে বিৰোধী দলৰ প্ৰতিনিধিলৈ মোডীৰ ‘ঐক্য’ৰ বাৰ্তা প্ৰেৰণ কৰে। বাৰ্তাটোত কোৱা হৈছে যে এনে কঠিন পৰিস্থিতিত দেশৰ প্ৰতিজন নাগৰিকে একত্ৰিত হৈ থকাটো প্ৰয়োজন।

অপাৰেচন সিন্দুৰ সন্দৰ্ভত আজিৰ সৰ্বদলীয় বৈঠকৰ অন্তত কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজুৱে কয় যে, “প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ তত্বাৱধানত এই বৈঠক আয়োজন কৰা হৈছিল। আজিৰ বিষয়টো আছিল অতি গুৰুতৰ, যাৰ বাবে প্ৰতিটো দলে গুৰুত্বসহকাৰে নিজৰ মতামত দাঙি ধৰিলে। অপাৰেচন সিন্দুৰৰ বিষয়ে সকলো নেতাক অৱগত কৰিছে ৰাজনাথ সিঙে। চৰকাৰৰ উদ্দেশ্য আৰু সাম্প্ৰতিক পৰিস্থিতিৰ বিষয়ে তেওঁ সকলোকে অৱগত কৰে। তাৰ পিছত সকলো ৰাজনৈতিক নেতাই বক্তব্য ৰাখি কিছু পৰামৰ্শ দিয়ে। আজিৰ বৈঠকত সকলো নেতাই পৰিপক্কতা দেখুৱাইছে বুলি মোৰ বিশ্বাস।”

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কেৱল অভিযোগেই ‘অকাট্য সত্য’ নহয়! পকচো আইনক লৈ উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

কেৱল অভিযোগেই ‘অকাট্য সত্য’ নহয়! পকচো আইনক লৈ উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

September 19, 2026 6:47 pm
 ‘ধৰ্মনিৰপেক্ষতা পশ্চিমীয়া ধাৰণা, ভাৰতত ইয়াৰ প্ৰাসংগিকতা নাই’: উজ্জয়িনীত আৰএছএছ প্ৰধান মোহন ভাগৱত

 ‘ধৰ্মনিৰপেক্ষতা পশ্চিমীয়া ধাৰণা, ভাৰতত ইয়াৰ প্ৰাসংগিকতা নাই’: উজ্জয়িনীত আৰএছএছ প্ৰধান মোহন ভাগৱত

September 19, 2026 5:33 pm
পৰিৱেশ সুৰক্ষাৰ কোনো ভৌগোলিক সীমা নাই: ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণৰ সন্মিলনত মুখ্য ন্যায়াধীশ

পৰিৱেশ সুৰক্ষাৰ কোনো ভৌগোলিক সীমা নাই: ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণৰ সন্মিলনত মুখ্য ন্যায়াধীশ

September 19, 2026 4:15 pm
ৰাছিয়াক এঘৰীয়া কৰিবলৈ গৈ ভাৰতলৈ ট্ৰাম্পৰ ভাবুকি! ১০০ শতাংশ শুল্কৰ কঠোৰ বিধেয়কত স্বাক্ষৰ

ৰাছিয়াক এঘৰীয়া কৰিবলৈ গৈ ভাৰতলৈ ট্ৰাম্পৰ ভাবুকি! ১০০ শতাংশ শুল্কৰ কঠোৰ বিধেয়কত স্বাক্ষৰ

September 19, 2026 3:03 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কেৱল অভিযোগেই ‘অকাট্য সত্য’ নহয়! পকচো আইনক লৈ উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

কেৱল অভিযোগেই ‘অকাট্য সত্য’ নহয়! পকচো আইনক লৈ উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

September 19, 2026 6:47 pm
 ‘ধৰ্মনিৰপেক্ষতা পশ্চিমীয়া ধাৰণা, ভাৰতত ইয়াৰ প্ৰাসংগিকতা নাই’: উজ্জয়িনীত আৰএছএছ প্ৰধান মোহন ভাগৱত

 ‘ধৰ্মনিৰপেক্ষতা পশ্চিমীয়া ধাৰণা, ভাৰতত ইয়াৰ প্ৰাসংগিকতা নাই’: উজ্জয়িনীত আৰএছএছ প্ৰধান মোহন ভাগৱত

September 19, 2026 5:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd