যোৱা ২৫ নৱেম্বৰৰ দিনা অসম ৰাজ্যিক চিৰিয়াখানাৰ আলহী হৈছিল এটা হায়েনা আৰু দুটাকৈ অষ্ট্ৰিক পক্ষী। উক্ত হায়েনা আৰু অষ্ট্ৰিক পক্ষী দুটা অনা হৈছিল ৰাঁচীৰ ভগৱান বিৰচা প্ৰাণী উদ্যানৰ পৰা। কিন্তু দুৰ্ভাগ্যবশতঃ বৰ্তমান শাৰীৰিকভাৱে যথেষ্ট অসুস্থ হায়েনাটোৱে মৃত্যুৰ সৈতে যুঁজি আছে বুলি জানিব পৰা গৈছে।
চিৰিয়াখানাৰ বন সংমণ্ডল বিষয়া তেজছ মৰিস্বামীয়ে ‘নৰ্থ ইষ্ট নাও’ক জানিবলৈ দিয়া মতে হায়েনাটো শনিবাৰে দুপৰীয়াভাগত অসুস্থ হৈ পৰে। অসুস্থ হৈ পৰা বুলি জানিব পাৰি চিৰিয়াখানা কৰ্তৃপক্ষই চিৰিয়াখানাৰ চিকিৎসালয়তে চিকিৎসা কৰিবলৈ লৈ আনে। বৰ্তমানো হায়েনাটোৰ চিকিৎসা চলি আছে।
আনহাতে, হায়েনাটোৰ ৰোগ সন্দৰ্ভত মৰিস্বামীয়ে ‘নৰ্থ ইষ্ট নাও’ক কয়, ‘‘বহু দূৰ যাত্ৰা কৰি আহিছে, তথা হায়েনাটো তেওঁৰ পৰিয়ালৰ পৰা অকলশৰীয়া হৈ পৰিছে। লগতে অন্য ঠাইত থকাৰ কাৰণে অসুস্থ হৈ পৰিছে।‘’
ইপিনে, হায়েনাটোৰ স্বাস্থ্যৰ অৱস্থাই চিন্তিত কৰি ৰাখিছে চিৰিয়াখানা কৰ্তৃপক্ষক। এই কথা জনায় বন সংমণ্ডল বিষয়া তেজছ মৰিস্বামীয়ে।
আনহাতে, চিৰিয়াখানা সুৰক্ষা মঞ্চই দাবী কৰি হায়েনাটো মৃত্যু হোৱা বুলি কয়। চিৰিয়াখানা কৰ্তৃপক্ষক কোনো এক বিশেষ সুত্ৰই মৃত্যুৰ খবৰ দিয়ে বুলি দাবী কৰি মঞ্চৰ সাধাৰণ সম্পাদক ৰাজকুমাৰ বৈশ্যই লগতে ‘নৰ্থ ইষ্ট নাও’ৰ আগত কয় ‘আমাৰ সুত্ৰৰ তথ্য ১০০ শতাংশই শুদ্ধ।‘
তদুপৰি ‘’চিৰিয়াখানাৰ বন সংমণ্ডল বিষয়াগৰাকীয়ে হায়েনাৰ মৃত্যুৰ খবৰটো গাপ দিয়াৰ চেষ্টা কৰিছে’’ বুলি গুৰুতৰ অভিযোগ আনে মঞ্চৰ সাধাৰণ সম্পাদকগৰাকীয়ে।
প্ৰণিধানযোগ্য যে, দীৰ্ঘদিন ধৰি অসম ৰাজ্যিক চিৰিয়াখানাত জন্তুৰ সংখ্যা ক্ৰমান্বয়ে কমি আহিছে তথা জন্তুবিলাকৰ শাৰীৰিক অৱস্থা উন্নত নহয় বুলি অভিযোগ উঠি আহিছে।
উল্লেখযোগ্য যে অসম ৰাজ্যিক চিৰিয়াখানাত আগষ্ট মাহত কেনাই ডিচটেম্পাৰ ভাইৰাছৰ সংক্ৰমণৰ ফলত ৮ টাকৈ শিয়ালৰ মৃত্যুৰ ঘটনাই এক প্ৰকাৰৰ আতংকৰ সৃষ্টি কৰিছিল।