NORTHEAST NOW (Assamese)

অসমৰ বানপীড়িতৰ অৰ্থে মুখ্য মন্ত্ৰী সাহায্য পুঁজিলৈ ১ কোটি টকাৰ বৰঙণি হুণ্ডাই মটৰ ইণ্ডিয়া লিমিটেডৰ

July 30, 2019 9:12 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

দুৰ্গত সকলৰ সহায়ৰ বাবে উৎসৰ্গিত মুখ্য মন্ত্ৰী সাহায্য পুঁজিলৈ আজি ৰাজ্যখনৰ কেইবাটাও অনুষ্ঠান-প্ৰতিষ্ঠান, নাগৰিকে বৰঙণি আগবঢ়ায়। ইয়াৰ ভিতৰত হুণ্ডাই মটৰ ইণ্ডিয়া লিমিটেডে ১ কোটি টকাৰ বৰঙণিৰ চেক মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হাতত প্ৰদান কৰে।

ইয়াৰ উপৰি মীন উন্নয়ন নিগমে ১০ লাখ টকা, দুলীয়াজান-নুমলীগড় পাইপলাইন লিমিটেডে ১০ লাখ, সোণোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদে ২ লাখ ১৯ হাজাৰ টকা বৰঙণি হিচাপে আগবঢ়াইছে।

তদুপৰি, অন্যান্য কিছু সংখ্যক প্ৰতিষ্ঠান আৰু ব্যক্তিয়েও এই সাহায্য পুঁজিলৈ আজি বৰঙণি আগবঢ়াইছে। সেই সমূহৰ ভিতৰত বিধায়কদ্বয়ক্ৰমে বিনন্দ কুমাৰ শইকীয়া আৰু কুশল দুৱৰী, নেচাৰেল টি প্ৰডাকচ, লুইট টি কোম্পানী প্ৰাইভেট লিমিটেড, গ্ৰীণ ফিল্ড ক্ৰপছ প্ৰাইভেট লিমিটেড, টনয় টি, চাই উদ্যোগৰ এম ডি, উৎপলাক্সি এগ্ৰ’ প্ৰডাক্ট প্ৰাইভেট লিমিটেড, চেক্টৰ-২ ষ্টাফ ইনষ্টিটিউট নুনমাটি, ট্যুৰ অপাৰেটৰ এছচিয়েশ্যন অৱ আসাম, আৰতি এগ্ৰ’ প্ৰাইভেট লিমিটেড, বিটানি টি এণ্ড ইণ্ডাষ্ট্ৰিজ, লক্ষ্মী টি প্ৰচেচ’ৰ্চ কোম্পানী প্ৰাইভেট লিমিটেড, ৰাধা কোম্পানী আদিয়ে বৰঙণি আগবঢ়াইছে।

তাৰোপৰি, লালগবাগান টি, কনচেপ্ত জুনিয়ৰ কলেজ, অসম পশুপালন আৰু পশু চিকিৎসা সেৱা সংস্থা, মাখিবাহা গ্ৰামোন্নয়ন সমিতি, দুৰ্গা টি কোম্পানী, সঞ্জীব টি ইণ্ডাট্ৰিজ প্ৰাইভেট লিমিটেড আৰু অন্যান্য এই সাহায্য পুঁজিলৈ অনুদান আগবঢ়াইছে।

 

Related News