NORTHEAST NOW (Assamese)

হুইল চেয়াৰত বহিয়েই আকাশ চুৱাৰ সপোন! অসম্ভৱকো সম্ভৱ কৰিলে এইজন যুৱকে

December 18, 2024 8:00 am · নৰ্থ ইষ্ট নাও, গুৱাহাটী
Updated: December 17, 2024 9:59 pm

দুয়োখন হাতেই অচল। হাত দুখনেৰে কাম কৰিব নোৱাৰে। কাঠ বা প্লাষ্টিকৰ চকী নহয়, হুইল চেয়াৰত হে বহিব পাৰে এইজন যুৱকে। তাৰপিছতো এইজন যুৱকৰ সফলতাৰ কাহিনীয়ে কন্দুৱাব আপোনাক।

বিৰল মস্তিষ্কৰ পক্ষাঘাত ৰোগত আক্ৰান্ত এজন মেধাৱী যুৱক। আৰ্থ্ৰগ্ৰাইপছিছ মাল্টিপ্লেক্স হৈছে জন্মগত বিকাৰ যিয়ে গাঁঠি আৰু পেশীৰ গতি সীমিত কৰে। কঠিন জীৱন যাপন কৰা এই যুৱকজনৰ নাম তুহিন দে।

কিন্তু এই বিৰল ৰোগে তুহিনক দেশৰ শীৰ্ষ মহাবিদ্যালয়ত পঢ়াৰ সপোন সাকাৰ কৰাত কেতিয়াও বাধা দিব নোৱাৰিলে। পি ডব্লিউ ডি বিভাগৰ যৌথ প্ৰৱেশ পৰীক্ষাৰ মেইনছত ৪২৮ ৰেংক লৈ শিৱপুৰৰ ইণ্ডিয়ান ইনষ্টিটিউট অৱ ইঞ্জিনিয়াৰিং ছায়েন্স এণ্ড টেকনলজিত কম্পিউটাৰ বিজ্ঞান অভিযান্ত্ৰিকীত নামভৰ্তি কৰে তুহিনে।

ষ্টিফেন হকিঙৰ পৰা অনুপ্ৰাণিত হৈ তেওঁ অক্ষমতাৰ মাজতো মাধ্যমিক পৰীক্ষাত অৱতীৰ্ণ হৈছিল আৰু মুখত কলম লৈ পৰীক্ষা লিখিছিল। কিন্তু এইদৰে তেওঁ পৰীক্ষাত ৮৮% শতাংশ লাভ কৰিছিল।

হকিঙৰ দৰে পদাৰ্থবিজ্ঞানী হোৱাৰ সপোন দেখা তুহিনে আৰু উচ্চ শিক্ষাৰ বাবে আই আই টিত নামভৰ্তি কৰিব বিচাৰিছিল। পঢ়াৰ সময়ত কিতাপৰ পৃষ্ঠা লুটিওৱাৰ পৰা আৰম্ভ কৰি কলম-পেঞ্চিলেৰে লিখালৈকে সকলো কাম মুখেৰেই কৰে তুহিনে।

তুহিনে ২০১৭ চনত কোনো সহায় নোলোৱাকৈ বা বিশেষভাৱে সক্ষম ছাত্ৰ-ছাত্ৰীৰ বাবে উপলব্ধ অতিৰিক্ত সময় ব্যৱহাৰ নকৰাকৈ দশম শ্ৰেণীৰ পৰীক্ষা দিছিল।

ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ পৰা ২০১২ চনত ব্যতিক্ৰমী সাফল্যৰ বাবে ৰাষ্ট্ৰীয় শিশু বঁটা আৰু ২০১৩ চনত শ্ৰেষ্ঠ সৃষ্টিশীল প্ৰতিবন্ধী শিশু বঁটা লাভ কৰে।

উল্লেখ্য যে ১৯৯৯ চনত জন্ম হোৱা তুহিনে ২০টাতকৈও অধিক অস্ত্ৰোপচাৰ কৰিব লগা হৈছে।

তুহিনে তেওঁৰ উৎকৃষ্ট শৈক্ষিক ফলাফল আৰু প্ৰদৰ্শনৰ ওপৰত ভিত্তি কৰি বহিঃৰাজ্যৰ কোম্পানী এটাত চাকৰি পাইছে। কিন্তু সি তাতেই ৰৈ থাকিব নিবিচাৰে। অধিক অধ্যয়ন কৰাৰ বাবে খৰগপুৰৰ পৰা এম.টেক, পি.এইচ.ডি. আৰম্ভ কৰিছে।

Related News