NORTHEAST NOW (Assamese)

“মই এটা ডাঙৰ ভুল কৰিলোঁ” : মাজনিশা হাতযোৰ কৰি ক্ষমা প্ৰাৰ্থনা অখিলৰ

April 27, 2025 1:35 pm · এন ই নাও নিউজ, গুৱাহাটী

শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে শনিবাৰে নিশা ১ বাজি ২০ মিনিটত ফেচবুক লাইভত হাতযোৰ কৰি ক্ষমা বিচাৰে।

পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত কৰা এক বিতৰ্কিত তথা সাম্প্ৰদায়িক মন্তব্যৰ বাবে ৰাজহুৱাভাৱে ক্ষমাপ্ৰাৰ্থনা কৰে গগৈয়ে।

উল্লেখ্য যে লখিমপুৰৰ নাওবৈছা সমষ্টিত প্ৰচাৰ চলাই থকাৰ সময়ত গগৈয়ে মন্তব্য কৰিছিল যে বিজেপিক ভোট দিয়া মুছলমানসকল নৰকলৈ যাব আৰু তেওঁলোকক ‘কাফিৰ’ বুলি গণ্য কৰা হ’ব। এই মন্তব্যৰ বাবে অখিল গগৈক মুছলমান সকলৰ লগতে বিভিন্ন দল সংগঠন আৰু সতীৰ্থই সমালোচনা কৰে। ইয়াৰ পিছত অখিল গগৈয়ে ক্ষমা খুজিবলৈ বাধ্য হয়।

ক্ষমাপ্ৰাৰ্থনাত গগৈয়ে কয়, “এজন প্ৰগতিশীল আৰু যুক্তিবাদী ব্যক্তি হিচাপে মই এনে বক্তব্য দিয়া উচিত নাছিল। মই ভুল কৰিলোঁ, আৰু ইয়াৰ বাবে মই সকলোৰে পৰা ক্ষমা বিচাৰিছো।”

Related News