NORTHEAST NOW (Assamese)

কমনৱেল্থত বিফল হোৱা লাভলিনাৰ এতিয়া লক্ষ্য বিশ্ব চেম্পিয়নশ্বিপ; পদকৰ বাবে দিনে-নিশাই চলাইছে অনুশীলন

November 13, 2018 11:01 am · এন ই নাও নিউজ
ফটো উৎস : ফে'চবুক

১৫ নৱেম্বৰৰ পৰা আৰম্ভ হ’বলগীয়া আইবা বিশ্ব মহিলা বক্সিং চেম্পিয়নশ্বিপত পূৰ্বৰ সকলো ভুল-ত্ৰুটি শুধৰাই শক্তিশালী ৰূপত ৰিঙত অৱতীৰ্ণ হ’ব অসম কন্যা লাভলিনা বৰগোহাঁই। প্ৰতিপক্ষ বক্সাৰক কিদৰে ৰিঙত ধৰাশায়ী কৰিব পৰা যায় সেই ক্ষেত্ৰত অসমৰ প্ৰতিভাৱান বক্সাৰগৰাকীক সহায় কৰি আছে পাঁচবাৰৰ বিশ্ব মহিলা বক্সিং চেম্পিয়ন এম চি মেৰী কমে।

উল্লেখ্য যে ইতিমধ্যে কিংবদন্তী বক্সাৰ হিচাপে প্ৰতিষ্ঠিত লাভ কৰা মেৰী কমে ষষ্ঠটো বিশ্ব খিতাপ লাভৰ বাবে প্ৰস্তুতি চলাই আছে। প্ৰস্তুতি শিবিৰত মেৰী কমে ভাৰতীয় জুনিয়ৰ বক্সাৰসকলক নিজৰ অভিজ্ঞতাৰ বিষয়ে জনোৱাৰ লগতে কিদৰে নিজকে প্ৰস্তুত কৰিব লাগে সেই ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ কৌশল শিকোৱাৰ লগতে বিভিন্ন দিশত সহায় তথা উৎসাহ যোগায় আছে বুলি এটা সাক্ষাৎকাৰত কয় লাভলিনাই।

সাক্ষাৎকাৰটোত অসমৰ বক্সাৰগৰাকীয়ে কয় যে যদিহে আমাৰ দৰে জুনিয়ৰ বক্সাৰসকলে শিবিৰত অনুশীলন চলাই থাকোতে কিবা ভুল কৰো তেন্তে মেৰী কম আগবাঢ়ি আহি আমাৰ ভুলবোৰ শুধৰাই দিয়ে। তদুপৰি মেৰী কম সহায়ৰ বাবে সদায় প্ৰস্তুত থাকে বুলিও লাভলিনাই উল্লেখ কৰে।

উল্লেখ্য যে, বিশ্ব চেম্পিয়নশ্বিপত ৬৯ কিলোগ্ৰাম শাখাত প্ৰতিদ্বন্দ্বিতা কৰিব অসমৰ লাভলিনাই। গ’ল্ড ক’ষ্ট কমনৱেল্থ গেইমছত সামান্য ভুলৰ বাবে পদক জয়ৰ পৰা বঞ্চিত হোৱা লাভলিনাই এইবাৰ বিশ্ব বক্সিং চেম্পিয়নশ্বিপত পদক জয়ৰ বাবে নিজৰ সৰ্বস্ব উজাৰি দিব বুলি ইতিমধ্যে সদৰী কৰি থৈছে।

অহা ১৫-২৪ নৱেম্বৰলৈ নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া আইবা মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপত ভাৰতীয় ১০ জনীয়া দলটোত লাভলিনাৰ লগতে স্থান লাভ কৰিছে অসমৰ আন এগৰাকী প্ৰতিভাৱান বক্সাৰ ভাগ্যৱতী কছাৰীয়ে।

Related News