• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসম চৰকাৰৰ মিডিয়া মেনেজাৰৰ আন এক বিভ্ৰান্তিকৰ প্ৰমাদ : এদিন আগতীয়াকৈ জনালে শিশু দিৱসৰ শ্ৰদ্ধাঞ্জলি

এন ই নাও নিউজ by এন ই নাও নিউজ
November 13, 2018 11:22 am
Untitled-1 copy (9)

অসম চৰকাৰৰ জনসংযোগ সঞ্চালকালয়ে প্ৰকাশ কৰা বিভ্ৰান্তিকৰ বিজ্ঞাপনটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ দুগ্ধপোষ্য এটি শিশুৱেও জানে যে ১৪ নৱেম্বৰত শিশু দিৱস উদযাপন কৰা হয়। কিন্তু অসম চৰকাৰৰ মিডিয়া মেনেজাৰৰ বিচক্ষণতাৰ ফলত এদিন আগতে অসম চৰকাৰে ভাৰতৰ প্ৰথম গৰাকী প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ জন্মদিনত শিশু দিৱসৰ শ্ৰদ্ধাঞ্জলি জনালে। অৰ্থাৎ ১৩ নৱেম্বৰতে শিশু দিৱসৰ বিজ্ঞাপন প্ৰকাশ কৰি দেশৰ প্ৰথম গৰাকী প্ৰধানমন্ত্ৰীলৈ শ্ৰদ্ধাঞ্জলি জনালে।

আজি ৰাজ্যখনৰ প্ৰধান দৈনিক বাতৰিকাকতসমূহত (মঙলবাৰ,১৩ নৱেম্বৰ) প্ৰকাশ পোৱা বিজ্ঞাপনটোত কোৱা হৈছে যে ‘’স্বাধীন ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুলৈ অসমবাসীৰ হৈ আজি তেখেতৰ জন্মদিৱসত জনাইছোঁ সশ্ৰদ্ধ প্ৰণাম’’।

Apply Now

তথ্য আৰু জনসংযোগ সঞ্চালকালয়, অসম চৰকাৰৰ দ্বাৰা প্ৰচাৰিত Jansanyog/6585/18 বিজ্ঞাপন নং জৰিয়তে প্ৰকাশ কৰা বিজ্ঞাপনটোত তলত সৰ্বানন্দ সোণোৱাল, মুখ্যমন্ত্ৰী, অসম বুলি উল্লেখ কৰা হৈছে।

এতিয়া কথা হ’ল হাস্যকৰভাৱে অসম চৰকাৰে এদিন আগতে শিশু দিৱসৰ এই বিজ্ঞাপনটো প্ৰকাশ কৰিব লগা হ’ল কিয়? তাকো এদিন আগতে ‘আজি’ বুলি উল্লেখ কৰি প্ৰকাশ কৰা বিজ্ঞাপনটোৱে চৰকাৰখনকে হাহিয়াতৰ পাত্ৰ কৰি তোলা নাইনে?

প্ৰকৃততে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নিৰ্লিপ্ততাৰ সুযোগ লৈ চৰকাৰৰ মিডিয়া মেনেজাৰৰ এনে কাণ্ডজ্ঞানহীন কাৰ্যই চৰকাৰখনৰ লগতে মুখ্যমন্ত্ৰীকো তুচ্ছ কৰি তুলিলে।

উল্লেখযোগ্য যে অসম চৰকাৰৰ মিডিয়া মেনেজাৰৰ এনে দায়িত্বহীন কাৰ্যৰ এইটো একমাত্ৰ উদাহৰণ নহয়। ইয়াৰ আগতে যোৱা অক্টোবৰ মাহতো বন্য প্ৰাণী সপ্তাহ পালনক লৈ এনে বিভ্ৰান্তিকৰ বিজ্ঞাপন প্ৰকাশ কৰি চৰকাৰখনক লজ্জানত কৰাৰ ঘটনা সংঘটিত কৰিছিল।

সেইবাৰ সমগ্ৰ দেশতে বিভিন্ন ৰাজ্যই অক্টোবৰৰ ২ তাৰিখৰ পৰা ৮ তাৰিখলৈকে ৬৪ সংখ্যক বন্যপ্ৰাণী সপ্তাহ উদযাপন কৰাৰ বাবে সাজু হোৱাৰ সময়তে একমাত্ৰ ব্যতিক্ৰম হিচাপে অসমে অক্টোবৰৰ ১ তাৰিখৰ পৰা ৭ তাৰিখলৈ বন্যপ্ৰাণী সপ্তাহ পালন কৰাৰ কথা অসম চৰকাৰৰ জনসংযোগ বিভাগৰ বিজ্ঞাপন যোগে প্ৰকাশ কৰিছিল।

ৰাজ্যখনৰ প্ৰধান দৈনিক বাতৰি কাকতসমূহত ১ অক্টোবৰত এক সম্পূৰ্ণ পৃষ্ঠাৰ বিজ্ঞাপনত মিচিকিয়াই হাঁহি থকা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ফটোৰ লগতে অসম গৌৰৱ এশিঙিয়া গঁড় তথা অন্য বন্যপ্ৰাণীৰ ফটোসহ বন্যপ্ৰাণী সপ্তাহ ১ অক্টোবৰৰ পৰা ৭ অক্টোবৰলৈ প্ৰকাশ পাইছিল।

উক্ত বিজ্ঞাপনটো তথ্য আৰু জনসংযোগ সঞ্চালকালয়ে বিজ্ঞাপন নং জনসংযোগ/ডি /৫৩১৫/১৮ নং যোগে প্ৰকাশ পাইছিল।

ৰাজ্য চৰকাৰৰ মিডিয়া মেনেজমেন্ট বিষয়ৰ দায়িত্বত থকা লোকসকলৰ চৰম অজ্ঞতা আৰু দায়িত্বহীনতাৰ বাবে সংঘটিত হোৱা এনে মাৰাত্মক বিভ্ৰান্তিৰ পাছতো মুখ্যমন্ত্ৰীয়ে সংশ্লিষ্ট ব্যক্তিসকলৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ ফলতেই তেওঁলোকে বাৰে বাৰে এনে ভুলৰ পুনৰাবৃত্তি কৰাৰ আসৈ পাইছে।

মুখ্যমন্ত্ৰী আৰু চৰকাৰক বাৰে বাৰে লজ্জানত হ’বলৈ বাধ্য কৰোৱা এই মিডিয়া মেনেজাৰসকলৰ এনে উদ্ধত স্বভাৱৰ বাবেই এদিন মুখ্যমন্ত্ৰী যে লোকচক্ষুত হেয় প্ৰতিপন্ন হ’ব লাগিব তাৰ উমান ইতিমধ্যে পোৱা গৈছে।

ৰাজ্য চৰকাৰৰ মিডিয়া মেনেজাৰৰ লবী সৃষ্টিকাৰী এইসকল ব্যক্তিৰ জ্ঞান, বিচক্ষণতা আৰু দায়িত্বহীনতাই চৰকাৰখনৰ বাবে আহুকালৰ সৃষ্টি কৰাৰো অভিযোগ আছে। দিক্দৰ্শীহীন, প্ৰাক্তন সতীৰ্থ তথা ক্ষমতাই মূৰত ধৰা মিডিয়া মেনেজাৰৰ বেপেৰোৱা কাৰ্যই আগন্তুক দিনত মুখ্যমন্ত্ৰীক যে বিপদত পোলাব সেয়া ধুৰূপ।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

July 8, 2026 8:49 am
প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

July 8, 2026 7:45 am
ঘৰৰ ফ্ৰিজটো বেয়া হ’বলৈ ধৰিছে নেকি? সহজেই বুজি লওক এইসমূহ লক্ষণ

ঘৰৰ ফ্ৰিজটো বেয়া হ’বলৈ ধৰিছে নেকি? সহজেই বুজি লওক এইসমূহ লক্ষণ

July 8, 2026 6:45 am
ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

July 8, 2026 8:49 am
প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

July 8, 2026 7:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd