সন্ধানহীন ভাৰতীয় বায়ু সেনাৰ বিমান এ এন ৩২ৰ সন্ধান দিওঁতালৈ ৫ লাখ টকাৰ পুৰস্কাৰ ঘোষণা

৩ জুনত যোৰাহাটৰ পৰা অৰুণাচল প্ৰদেশৰ মেচুকা অভিমুখে উৰা মৰা বায়ু সেনা বাহিনীৰ (এ এন-৩২) বিমানখন আকাশমাৰ্গৰ পৰা নিৰুদ্দেশ হোৱাৰ ৭ দিন পাৰ হৈ যোৱাৰ পিছতো কোনো সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই উদ্ধাৰকাৰী দলে।

ফলত অসহায় ভাৰতীয় বায়ু সেনাই নিখোজ হোৱা বায়ু সেনা বাহিনীৰ বিমানখনৰ সন্ধান দিওঁতালৈ ৫ লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছে। যিকোনো ব্যক্তিয়ে বিমানখনৰ সন্ধান লাভ কৰিলে ০৩৭৮-৩২২২১৬৪, ৯৪৩৬৪৯৯৪৭৭, ৯৪০২০৭৭২৬৭ আৰু ৯৪০২১৩২৪৭৭ নম্বৰত যোগাযোগ কৰি জনাব পাৰিব।

বিমানখনৰ সন্ধান দিয়া প্ৰতিগৰাকী ব্যক্তিকে ৫ লাখ টকাকৈ পুৰস্কাৰ দিয়াৰ লগতে প্ৰতিটো গোটকে পুৰস্কৃতও কৰিব ভাৰতীয় বায়ুসেনাই। এই ঘোষণা কৰে এয়াৰ মাৰ্শ্বাল আৰু ডি মাথুৰে।

উল্লেখযোগ্য যে ৩ জুনত যোৰাহাটৰ পৰা অৰুণাচল প্ৰদেশৰ মেচুকা অভিমুখে উৰা মৰা বায়ু সেনা বাহিনীৰ (এ এন-৩২) বিমানখন আকাশমাৰ্গৰ পৰা নিৰুদ্দেশ হৈছিল। বিমানখনত মুঠ ১৩ গৰাকী যাত্ৰী আছিল।