ছিঙ্গাপুৰ এয়াৰ শ্ব’ত তেজছ বিমান প্ৰদৰ্শন কৰিব ভাৰতীয় বায়ু সেনাই

Singapore Air Show-2022

ভাৰতীয় বায়ু সেনাৰ (আইএএফ) ৪৪ গৰাকী সদস্যৰ এটি দলে ১৫ ৰ পৰা ১৮ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ’বলগীয়া ছিংগাপুৰ এয়াৰ শ্ব’-২০২২ত অংশগ্ৰহণ কৰিব।

ছিংগাপুৰ এয়াৰ শ্ব’ হৈছে এক দ্বিবাৰ্ষিক অনুষ্ঠান। এই অনুষ্ঠানে বিশ্বব্যাপী বিমান উদ্যোগক তেওঁলোকৰ সামগ্ৰী প্ৰদৰ্শন কৰাৰ বাবে এখন মঞ্চ প্ৰদান কৰে।

এই অনুষ্ঠানত ভাৰতীয় বায়ু সেনাই থলুৱা তেজছ এমকে-আই এচি প্ৰদৰ্শন কৰিব।

তেজছ যুঁজাৰু বিমানে ইয়াৰ উৎকৃষ্ট সঞ্চালন বৈশিষ্ট আৰু কৌশল প্ৰদৰ্শন কৰি নিম্ন-স্তৰৰ এৰোবেটিক প্ৰদৰ্শন কৰি দৰ্শকসকলক আকৰ্ষিত কৰিব।

এয়াৰ শ্ব’ত আইএএফৰ অংশগ্ৰহণে তেজছ বিমান প্ৰদৰ্শন কৰাৰ আৰু ৰয়েল ছিংগাপুৰ বায়ু সেনা আৰু অন্যান্য সমপৰ্যায়ৰ অংশগ্ৰহণকাৰী দলৰ সৈতে বাৰ্তালাপ কৰাৰ সুযোগ প্ৰদান কৰিব।

ইয়াৰ পূৰ্বে ভাৰতীয় বায়ু সেনাই মালয়েছিয়াত লিমা-২০১৯ আৰু ডুবাই এয়াৰ শ্ব-২০২১ ৰ দৰে একে ধৰণৰ এয়াৰ শ্ব’ত অংশগ্ৰহণ কৰি থলুৱা বিমান প্ৰদৰ্শন কৰিছিল।

উল্লেখ্য যে তেজছ হৈছে ভাৰতীয় বায়ু সেনা আৰু ভাৰতীয় নৌসেনাৰ বাবে হিন্দুস্তান এৰোনটিক্স লিমিটেডে (এইচএএল) প্ৰস্তুত কৰা দ্বিতীয় চুপাৰচনিক যুঁজাৰু বিমান।