কাৰিকৰী বিজুতি: খেতি পথাৰত জৰুৰীকালীন অৱতৰণ বায়ু সেনা বিমানৰ

শেহতীয়া কিছুদিন ধৰি ভাৰতীয় বায়ু সেনাৰ কেইবাখনো বিমান যাত্ৰাৰত অৱস্থাত সন্মুখীন হোৱা বিজুতিৰ বাবে গন্তব্যস্থানৰ পৰিৱৰ্তে আন স্থানতে জৰুৰী অৱতৰণ কৰিবলগীয়া হোৱাৰ খবৰ প্ৰকাশ পাইছে।

আকাশী পথত সন্মুখীন হোৱা অসুবিধাৰ ফলস্বৰূপে আজি পুনৰ এখন বায়ু সেনাৰ বিমান জৰুৰী অৱতৰণ কৰিবলৈ বাধ্য হৈছে।

বায়ু সেনাৰ এম আই-৩৫ নামৰ যুঁজাৰু হেলিকপ্টাৰখনত আজি যাত্ৰাৰ মাজতে সৃষ্টি হোৱা কাৰিকৰী বিজুতিৰ বাবে ৰাজস্থানৰ হনুমানগড় জিলাৰ ওচৰৰ এখন খেতিপথাৰত জৰুৰীকালীন অৱতৰণ কৰিবলগীয়া হয়।

ভাৰতীয় বায়ু সেনাই এক বিবৃতিত এই বিষয়ে প্ৰকাশ কৰাৰ লগতে হেলিকপ্টাৰখনত থকা সকলো কৰ্মচাৰী সুৰক্ষিত আছে বুলিও জানিবলৈ দিয়ে।

আনহাতে সমগ্ৰ ঘটনাৰ তদন্তৰ বাবে এক বিভাগীয় তদন্ত মুকলি কৰা হৈছে আৰু বায়ু সেনাৰ কেইগৰাকীমান জ্যেষ্ঠ বিষয়া তদন্তৰ বাবে ঘটনাস্থলীত উপস্থিত হৈছে বুলি বায়ুসেনাই বিবৃতিটোত লগতে উল্লেখ কৰিছে।

ইয়াৰ পূৰ্বেও ৩ আগষ্টত ভাৰতীয় বায়ু সেনাৰ (আইএএফ) এখন চিতা হেলিকপ্টাৰে উত্তৰ প্ৰদেশৰ দক্ষিণত জৰুৰী অৱতৰণ কৰিবলৈ বাধ্য হৈছিল।