সততাৰ পৰিণতি! বাৰে বাৰে বদলি হৈছে এজন আই এ এছ বিষয়া; এতিয়ালৈ বদলি হ’ল ৫৩ বাৰ

cost_of_honesty_ias_officer_ashok_khemka_transferred_yet_again_53rd_transfer_in_28_years_1574884095_725x725

আই এ এছ বিষয়া অশোক খেমকা। ফাইল ফটো

নিজৰ ২৮ বছৰীয়া কাৰ্যকালত এগৰাকী ভাৰতীয় প্ৰশাসনীয় বিষয়াই ৫৩ বাৰ বদলি সন্মুখীন হ’বলগীয়া হৈছে।

নিজৰ শেহতীয়া বদলিক লৈ বিষয়াগৰাকীয়ে তেওঁৰ শেহতীয়া প’ষ্টত লিখিছে, ‘’সততাৰ বাবে পুৰস্কাৰ হৈছে মানহানি’’।

হাৰিয়ানাৰ ভাৰতীয় প্ৰশাসনিক বিষয়াগৰাকীৰ নাম হৈছে অশোক খেমকা। হাৰিয়ানা চৰকাৰে বুধবাৰে খেমকাকে ধৰি ১৪গৰাকী আই এ এছ বিষয়াক বদলিৰ নিৰ্দেশ দিছে।

১৯৯১ বৰ্ষৰ আইএএছ গৰাকীয়ে হিন্দীত টুইট কৰি টুইটাৰত  লিখিছে: ‘’পুনৰ একেই কথা। কালি সংবিধান দিবস উদযাপন কৰা হ’ল। আজি আকৌ এবাৰ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ তথা আইন ভংগ কৰা হ’ল। কিছুমানে সন্তুষ্ট হ’ব,’’।

বৰ্তমান ৫৩ বছৰীয়া আই এ এছ খেমকা হাৰিয়ানাৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ প্ৰধান সচিব পদত আছিল।

এতিয়া তেওঁক আৰ্কাইভ, আৰ্কিয়’লজি আৰু মিউজিয়াম বিভাগৰ প্ৰধান সচিব পদলৈ বদলি কৰা হৈছে।

প্ৰায় এমাহ পূৰ্বে চৰকাৰ গঠন কৰা বিজেপি-জননায়ক জনতা পাৰ্টি চৰকাৰৰ এইটো হৈছে প্ৰথমটো ডাঙৰ প্ৰশাসনীয় ৰদ-বদল।

উল্লেখ্য যে আই এ এছ খেমকা বাতৰিৰ শিৰোণামলৈ আহিছিল ২০১২ চনত যেতিয়া তেওঁ কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীৰ জোৱাই ৰবাৰ্ট ভদ্ৰাৰ সৈতে সম্পৰ্ক থকা স্কাইলাইট হস্পিটিলিটি আৰু প্ৰধান ৰিয়েল ইষ্টেট ডেভেল’পাৰ ডি এল এফৰ মাজৰ এখন ভূমি চুক্তিৰ নামজাৰী বাতিল কৰিছিল।

তদানীত্বন হাৰিয়ানাৰ ভূপিন্দৰ সিং হুদা চৰকাৰে বিষয়টোত নিজাকৈ তদন্ত সমিতি গঠন কৰিছিল আৰু বিষয়াগৰাকীক ‘’ভদ্ৰাৰ ভাৱমূৰ্তি বিনষ্ট কৰা’ আৰু “অবৈধভাৱে’ চুক্তি বাতিল কৰাৰ বাবে তেওঁৰ বিৰুদ্ধে ছাৰ্জশ্বীট দাখিল কৰিছিল।

বিজেপি ক্ষমতালৈ অহাৰ পাছত মুখ্য মন্ত্ৰী মনোহৰ লাল খট্টৰ চৰকাৰে খেমকাক এগৰাকী নিষ্ঠাবান বিষয়া হিচাপে সমৰ্থন কৰিছিল। ২০১৫’ত চৰকাৰে পূৰ্বৰ চৰকাৰৰ ছাৰ্জশ্বীটখন প্ৰত্যাহাৰ কৰিছিল।

কিন্তু এগৰাকী মন্ত্ৰীৰ সৈতে হোৱা মনোমালিন্যৰ বাবে এইবাৰ তেওঁক পুনৰ বদলি কৰা হ’ল।

প্ৰায় তিনি দশকজোৰা কাৰ্যকালত খেমকাক এতিয়ালৈকে ৫৩বাৰ বদলি কৰা হৈছে। কংগ্ৰেছ চৰকাৰৰ দিনতে নহয় বিজেপি চৰকাৰৰ দিনতো বদলিৰ শাস্তিৰ সন্মুখীন হৈছে সৎ বিষয়া ৰূপে পৰিচিত অশোক খেমকা।