আই এ এছ বিষযা ৰবি কোটাক ৱাশ্বিংটন ডিচিৰ ভাৰতীয় দূতাবাসলৈ বদলি

Story-12-2-1140x570

জেষ্ঠ আই এ এছ বিষয়া ৰবি কোটা।

অসম-মেঘালয় কেডাৰৰ আই এ এছ বিষয়া ৰবি কোটাক ৱাশ্বিংটন ডিচিৰ ভাৰতীয় দূতাবাসলৈ নিউ মিনিষ্টাৰ(ইক’নমিক) হিচাপে বদলি কৰা হৈছে।

১৯৯৩ বৰ্ষৰ অসম-মেঘালয় কেডাৰৰ আই এ এছ বিষয়া ৰবি কোটা বৰ্তমান অৰ্থনৈতিক বিভাগৰ অধীনৰ পঞ্চদশ বিত্তীয় আয়োগৰ যুটীয়া সচিব হিচাপে নিযুক্ত হৈ আছিল।

ইয়াৰ পূৰ্বে জ্যেষ্ঠ আমোলা কোটা নতুন দিল্লীৰ অসম ভৱনৰ প্ৰধান আৱাসিক আয়ুক্ত হিচাপে নিযুক্ত হৈছিল।

তেওঁ অসম চৰকাৰৰ বিত্ত বিভাগৰ প্ৰধান সচিব হিচাপেও সেৱা আগবঢ়াইছিল।

কেবিনেটৰ নিযুক্তি সমিতিয়ে বৃহস্পতিবাৰে এই নতুন নিযুক্তিত অনুমোদন জনায়।

কেবিনেট সমিতিয়ে লগতে আন ছয়গৰাকী বিষয়াকো বিভিন্ন স্থানত নিযুক্তি দিয়ে।

প্ৰধান মন্ত্ৰীৰ কাৰ্যালয়ৰ দুগৰাকী জ্যেষ্ঠ আই এ এছ বিষয়া ৰাজীৱ টপ্নো আৰু ব্ৰজেন্দ্ৰ নৱনীতক ক্ৰমে বিশ্ব বেংক আৰু বিশ্ব বাণিজ্য সংস্থাত নিযুক্তি দিয়ে।

টপ্নো আৰু নৱনীতৰ নিযুক্তিয়ে বিশেষ গুৰুত্ব বহন কৰিছে কিয়নো উক্ত দুয়োটা সংস্থাই কোভিড-১৯ অতিমাৰীৰ প্ৰভাৱৰ পৰা বিকাশশীল অৰ্থনীতিক উদ্ধাৰ কৰাৰ ক্ষেত্ৰত তথা বিশ্ব বাণিজ্যৰ পুনৰুজ্জীৱিতকৰণৰ ক্ষেত্ৰত মুখ্য ভূমিকা পালন কৰিছে।

টপ্নোক ৱাশ্বিংটনস্থিত বিশ্ব বেংকত জ্যেষ্ঠ উপদেষ্টা হিচাপে আৰু নৱনীতক জেনেভাস্থিত বিশ্ব বাণিজ্য সংস্থাত পাৰ্মানেন্ট মিছন ফৰ ইণ্ডিয়াৰ এম্বেছাদৰ হিচাপে নিযুক্তি দিয়া হৈছে।