আইচিচিৰ বৰ্ষশ্ৰেষ্ঠ এদিনীয়া দলত ছয় ভাৰতীয়ঃ নেতৃত্বত ৰোহিত শৰ্মা

ICC ODI Team Of The Year Rohit Sharma

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ, চমুকৈ আইচিচিয়ে আজি ঘোষণা কৰে ২০২৩ বৰ্ষৰ এদিনীয়া দল। ঘোষিত এই দলটোত আইচিচিয়ে অধিনায়ক হিচাপে নিৰ্বাচিত কৰিছে ভাৰতীয় অধিনায়ক ৰোহিত শৰ্মাক।

ৰোহিত শৰ্মাৰ লগতে কোহলীসহ আন পাঁচগৰাকী ভাৰতীয় তাৰকায়ো স্থান লাভ কৰিছে দলটোত। লক্ষণীয়ভাৱে ঘোষিত দলটোত ভাৰতকে ধৰি মাত্ৰ চাৰিখন দেশৰ খেলুৱৈয়েই স্থান লাভ কৰিছে।

বিগত বৰ্ষত অনুষ্ঠিত হোৱা এদিনীয়া বিশ্বকাপৰ ফাইনেলিষ্ট- ভাৰত, অষ্ট্ৰেলিয়া আৰু ছেমি ফাইনেলিষ্ট নিউজিলেণ্ড, দক্ষিণ আফ্ৰিকাৰ খেলুৱৈ অন্তৰ্ভুক্ত হৈছে আইচিচিৰ এই বৰ্ষশ্ৰেষ্ঠ এদিনীয়া দলত।

ভাৰতৰ ৰোহিত, কোহলীৰ লগতে যুৱ তাৰকা শুভমন গিল, দুই স্পীডষ্টাৰ মহম্মদ ছামি আৰু মহম্মদ চিৰাজ, স্পিনাৰ কুলদীপ যাদৱে এই দলত স্থান লাভ কৰিছে। ৰোহিত-গিলক অপেনিং যুটী হিচাপে নিৰ্বাচিত কৰা হৈছে।

বিগত বিশ্বকাপৰ দ্বিতীয় সৰ্বাধিক ৰাণ সংগ্ৰহকাৰী ৰোহিত শৰ্মাই ২০২৩ বৰ্ষত ৫২ গড়ে ১২৫৫ ৰাণ সংগ্ৰহ কৰাৰ বিপৰীতে ১৫৮৪ ৰাণ সংগ্ৰহেৰে গিল বৰ্ষটোত এদিনীয়াত সৰ্বাধিক ৰান সংগ্ৰহকাৰী হিচাপে পৰিগণিত হৈছিল।

ইয়াৰ পিছতে অষ্ট্ৰেলিয়াৰ বিশ্বকাপ জয়ৰ অন্যতম নায়ক ট্ৰেভিছ হেডক অন্তৰ্ভুক্ত কৰিছে আইচিচিয়ে। মিডল অৰ্ডাৰত আছে কোহলী, উইকেটৰক্ষক হেইনৰিখ ক্লাচেন আৰু দুই অলৰাউণ্ডাৰ ডেৰিল মিচেল আৰু মাৰ্কো জেন্সেন।

উল্লেখ্য যে কোহলী বিগত বৰ্ষৰ দ্বিতীয় সৰ্বাধিক ৰাণ (১৩৭৭) সংগ্ৰহকাৰী তথা এদিনীয়া বিশ্বকাপৰ সৰ্বাধিক ৰাণ সগ্ৰহকাৰী ৰূপে পৰিগণিত হৈছিল। তদুপৰি কোহলীয়ে শচীন তেণ্ডুলকাৰক অতিক্ৰমি এদিনীয়াত সৰ্বাধিক শতকৰ অধিকাৰী হৈছিল।

ইফালে মিচেলে পাঁচটা শতকসহ বৰ্ষটোত ৯ টা উইকেট দখল তথা ১২০৪ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে বৰ্ষটোত দুৰন্ত প্ৰদৰ্শন আগবঢ়োৱা ক্লাছেনে ৫৫.৭৬ গড়ে তথা ১৪৭.৯৫ ষ্ট্ৰাইক ৰেটেৰে ৭২৫ ৰাণ সংগ্ৰহ কৰিছিল।

আনহাতে জেন্সেনে ২০২৩ বৰ্ষত এদিনীয়াত ৩৩ টা উইকেট দখল কৰাৰ লগতে ১৭ টা ইনিংছত ৪০৬ ৰাণ সংগ্ৰহ কৰিছিল। ইফালে দলৰ বলিং আক্ৰমণত আছে ভাৰতীয় তাৰকাত্ৰয় ছামি, চিৰাজ, কুলদীপৰ লগতে অষ্ট্ৰেলিয়ান স্পিনাৰ আডাম জাম্পা।

গত বিশ্বকাপৰ দ্বিতীয় সৰ্বাধিক উইকেট দখলকাৰী জাম্পাই বছৰটোত ৩৮টা উইকেট দখল কৰে। একেদৰে এদিনীয়া বৰ্ষৰ সৰ্বাধিক আৰু দ্বিতীয় সৰ্বাধিক উইকেট দখলকাৰী হিচাপে কুলদীপে ৪৯টা আৰু চিৰাজে ৪৪টা উইকেট দখল কৰিছিল।

দলটোৰ বলিং আক্ৰমণৰ প্ৰধান হোতা হিচাপে স্বাভাৱিকতেই দেখা গৈছে অভিজ্ঞ তাৰকা ছামিক। বৰ্ষটোত অনবদ্য ৰূপত জিলিকি উঠা ছামি বিশ্বকাপৰ সৰ্বাধিক উইকেট দখলকাৰী হিচাপে পৰিগণিত হোৱাৰ লগতে বৰ্ষৰ তৃতীয় সৰ্বাধিক উইকেট দখলকাৰীও।