• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বিপৰ্যয়! বিশ্বকাপৰ পৰা বিদায় লোৱাৰ মুহূৰ্ততে আইচিচিয়ে নিলম্বন কৰিলে কুশল মেণ্ডিছৰ শ্ৰীলংকাক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 11, 2023 10:07 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশ্বকাপৰ পৰা বিদায় লোৱাৰ মুহূৰ্ততে কুশল মেণ্ডিছ-এঞ্জেলো মেথিউছৰ শ্ৰীলংকাক নিলম্বন কৰিলে আইচিচিয়ে। সেই দেশৰ চৰকাৰে শ্ৰীলংকাৰ ক্ৰিকেট ব’ৰ্ড পৰিচালনাত হস্তক্ষেপ কৰিছিল। সেইবাবেই ১৯৯৬ চনৰ বিশ্বকাপ বিজয়ী দলটোৰ ক্ৰিকেট ব’ৰ্ডক নিলম্বিত কৰা হৈছে। বিশ্ব ক্ৰিকেটৰ সৰ্বোচ্চ প্ৰশাসনীয় সংস্থাটোৱে এই কথা সদৰী কৰিছে। এই ঘোষণাৰ ফলত শ্ৰীলংকাত যথেষ্ট চাপত পৰিল। যদিহে এই নিষেধাজ্ঞা উঠাই লোৱা নহয় তেন্তে শ্ৰীলংকাক আইচিচিৰ আন কোনো প্ৰতিযোগিতাত দেখা নাযাব।

এক প্ৰেছ বিজ্ঞপ্তিযোগে আইচিচিয়ে কয় যে, ‘’সদস্য দেশ হিচাপে শ্ৰীলংকা ক্ৰিকেটে গুৰুতৰ নিয়ম ভংগ কৰিছে। আইচিচিৰ সদস্য হিচাপে তেওঁলোকে স্বতন্ত্ৰ সংস্থা হিচাপে কাম কৰাৰ নিয়ম। কোনো ধৰণৰ চৰকাৰী হস্তক্ষেপ সহ্য কৰা নহ’ব। সেই নিয়ম মানি চলা নহ’ল। যাৰ বাবে শ্ৰীলংকাক নিলম্বন কৰা হৈছে।‘’

আনহাতে, অহা ২১ নৱেম্বৰত পুনৰ আইচিচিৰ বৈঠক বহিব। তাত আকৌ এই বিষয়টোকলৈ আলোচনা কৰা হ’ব।

লগতে পঢ়কঃ ICC ODI World Cup 2023: দক্ষিণ আফ্ৰিকাৰ হাতত পৰাস্ত হৈ যুঁজৰ পৰা আঁতৰিল আফগানিস্তান; বিশ্বকাপত দি গ’ল ভৱিষ্যতৰ বাৰ্তা

বিশ্বকাপ যুদ্ধৰ অন্তিমখন খেলৰ পূৰ্বে শ্ৰীলংকাৰ ক্ৰিকেট ব’ৰ্ডক অপসাৰণ কৰিবলৈ নিৰ্দেশ দিয়ে ক্ৰীড়া মন্ত্ৰী ৰোশন ৰণসিংহে। কিন্তু অপসাৰিত হোৱাৰ কেইঘণ্টাৰ ভিতৰতে পুনৰ ক্ষমতালৈ আহে শ্ৰীলংকা ক্ৰিকেট ব’ৰ্ড। সেই দেশৰ আদালতে কয়, আপাততঃ দুসপ্তাহৰ বাবে ব’ৰ্ডৰ দায়িত্ব অপসাৰিত বিষয়াসকলৰ হাতত থাকিব। ইয়াৰ পিছত আদালতত গোচৰৰ শুনানি হ’ব। তেতিয়ালৈকে ব’ৰ্ডৰ সকলো কাম-কাজ পূৰ্বৰ কৰ্মকৰ্তাসকলে চম্ভালিব।

উল্লেখ্য যে ভাৰতৰ বিৰুদ্ধে লজ্জাজনক পৰাজয়ৰ পিছত শ্ৰীলংকাৰ ক্ৰীড়া মন্ত্ৰী ৰোশন ৰানাসিংহে ক্ৰিকেট ব’ৰ্ডৰ সকলো বিষয়াক অপসাৰিত কৰে। কিন্তু চৰকাৰৰ হস্তক্ষেপ মানি ল’ব পৰা নাই আই চি চিয়ে।

বাতৰি অনুসৰি, ক্ৰীড়া মন্ত্ৰীৰ নিৰ্দেশৰ বিৰুদ্ধে শ্ৰীলংকা ক্ৰিকেট ব’ৰ্ডৰ সভাপতি ছাম্মি ছিলভাই আদালতৰ কাষ চাপিছিল। তেওঁৰ আবেদনৰ ফলস্বৰূপে শ্ৰীলংকাৰ আপিল আদালতে ক্ৰীড়া মন্ত্ৰীৰ সিদ্ধান্ত স্থগিত ৰাখে। জানিব পৰা মতে ক্ৰীড়া মন্ত্ৰীয়ে গঠন কৰা কমিটীয়ে এতিয়া শ্ৰীলংকা ক্ৰিকেটৰ দায়িত্ব চম্ভালিব নোৱাৰিব। আদালতে ব’ৰ্ডৰ পৰিচালনাৰ দায়িত্ব পুৰণি বিষয়াসকলৰ ওপৰত ন্যস্ত কৰিছে। সেই সময়ত আদালতে ১৪ দিনৰ বাবে এই আদেশ কাৰ্যকৰী কৰাৰ কথা ঘোষণা কৰিছিল। ইয়াৰ পিছত আবেদনৰ শুনানি আৰম্ভ হোৱাৰ কথা আছিল। কিন্তু তাৰ আগতে শ্ৰীলংকা ক্ৰিকেট ব’ৰ্ড নিলম্বিত হ’ল।

লগতে পঢ়কঃ বিজেপিত পৰিয়ালবাদ! কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী য়েডুৰাপ্পাৰ পুত্ৰকেই ৰাজ্যিক সভাপতিৰ দায়িত্ব

চলিত বিশ্বকাপত ভাৰতৰ হাতত মাত্ৰ ৫৫ ৰানতে অল আউট হৈ ৩০২ ৰাণৰ বিশাল ব্যৱধানত পৰাস্ত হয় শ্ৰীলংকা। এনে লজ্জাজনক পৰাজয়ৰ পিছত সমগ্ৰ দ্বীপ ৰাষ্ট্ৰখনতে তীব্ৰ সমালোচনা আৰম্ভ হয়। দেশৰ ক্ৰীড়া মন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰীয় ক্ৰিকেট ব’ৰ্ডৰ সকলো সদস্যৰ অপসাৰণ ঘোষণা কৰে। ইয়াৰ পিছত তেওঁ নিজেই ব’ৰ্ডৰ সদস্যসকলক অপসাৰণ কৰে। তাৰপিছতে এইবাৰ আইচিচিয়ে চৰম সিদ্ধান্ত ল’লে।

Sri Lanka Cricket suspended by ICC Board.

More here ⬇️https://t.co/3QcLinUPp0

— ICC (@ICC) November 10, 2023

বিশ্বকাপৰ পূৰ্বে শ্ৰীলংকাৰ ক্ৰিকেট ব’ৰ্ড দুৰ্নীতিৰ ধাৰাবাহিক অভিযোগৰ সন্মুখীন হৈছিল। তাৰ পিছতো বিশ্বকাপৰ কথা মনত ৰাখি সেই সমিতিখনক দায়িত্বত এৰি দিয়া হ’ল। কিন্তু ভাৰতৰ বিৰুদ্ধে পৰাজয়ৰ পিছত ক্ৰীড়া মন্ত্ৰী গৰাকীয়ে ক্ষোভ উজাৰি দিলে।

Suspension Notice: The International Cricket Council (ICC) Board has suspended Sri Lanka Cricket’s membership of the ICC with immediate effect.

READ 👇https://t.co/rvcmdOY3HR #SLC #LKA

— Sri Lanka Cricket 🇱🇰 (@OfficialSLC) November 10, 2023

শ্ৰীলংকাৰ বিশ্বকাপ বিজয়ী অধিনায়ক অৰ্জুন ৰানাতংগাক ব’ৰ্ডৰ অন্তৱৰ্তীকালীন সমিতিৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়ে ক্ৰীড়া মন্ত্ৰীগৰাকীয়ে। সাতজনীয়া নতুন সমিতি গঠন কৰা হ’ল। তাত দেশখনৰ উচ্চতম ন্যায়ালয়ৰ এগৰাকী অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ লগতে প্ৰাক্তন ব’ৰ্ডৰ সভাপতিও আছে। অৱশ্যে এই সমিতিয়ে এতিয়া কোনো কাম কৰিব নোৱাৰে। কাৰণ চৰকাৰৰ এই হস্তক্ষেপ আইচিচিয়ে মানি ল’ব পৰা নাই। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মোদীৰ আঙুলি এটাও দেখিবলৈ নাপালো! প্ৰধানমন্ত্ৰীৰ সভালৈ আহি লটিঘটি বহুজনৰ, আদবাটতে ৰৈ থাকিল শ শ বাহন

মোদীৰ আঙুলি এটাও দেখিবলৈ নাপালো! প্ৰধানমন্ত্ৰীৰ সভালৈ আহি লটিঘটি বহুজনৰ, আদবাটতে ৰৈ থাকিল শ শ বাহন

September 14, 2025 9:30 pm
ভাৰত-পাক ক্ৰিকেট মেচক লৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া

ভাৰত-পাক ক্ৰিকেট মেচক লৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া

September 14, 2025 8:30 pm
জন্মদিন উদযাপন কৰিবলৈ মাতি ১২ বছৰীয়া কিশোৰীৰ সৈতে অসৎ কাৰ্যত লিপ্ত দুই যুৱক

জন্মদিন উদযাপন কৰিবলৈ মাতি ১২ বছৰীয়া কিশোৰীৰ সৈতে অসৎ কাৰ্যত লিপ্ত দুই যুৱক

September 14, 2025 7:03 pm
৫.৯ প্ৰাবল্যৰ ভূমিকম্পই জুকাৰি গ’ল উত্তৰ-পূব ভাৰত

৫.৯ প্ৰাবল্যৰ ভূমিকম্পই জুকাৰি গ’ল উত্তৰ-পূব ভাৰত

September 14, 2025 5:49 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মোদীৰ আঙুলি এটাও দেখিবলৈ নাপালো! প্ৰধানমন্ত্ৰীৰ সভালৈ আহি লটিঘটি বহুজনৰ, আদবাটতে ৰৈ থাকিল শ শ বাহন

মোদীৰ আঙুলি এটাও দেখিবলৈ নাপালো! প্ৰধানমন্ত্ৰীৰ সভালৈ আহি লটিঘটি বহুজনৰ, আদবাটতে ৰৈ থাকিল শ শ বাহন

September 14, 2025 9:30 pm
ভাৰত-পাক ক্ৰিকেট মেচক লৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া

ভাৰত-পাক ক্ৰিকেট মেচক লৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া

September 14, 2025 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd