NORTHEAST NOW (Assamese)

বিপৰ্যয়! বিশ্বকাপৰ পৰা বিদায় লোৱাৰ মুহূৰ্ততে আইচিচিয়ে নিলম্বন কৰিলে কুশল মেণ্ডিছৰ শ্ৰীলংকাক

November 11, 2023 10:07 am · এন ই নাও নিউজ, গুৱাহাটী

বিশ্বকাপৰ পৰা বিদায় লোৱাৰ মুহূৰ্ততে কুশল মেণ্ডিছ-এঞ্জেলো মেথিউছৰ শ্ৰীলংকাক নিলম্বন কৰিলে আইচিচিয়ে। সেই দেশৰ চৰকাৰে শ্ৰীলংকাৰ ক্ৰিকেট ব’ৰ্ড পৰিচালনাত হস্তক্ষেপ কৰিছিল। সেইবাবেই ১৯৯৬ চনৰ বিশ্বকাপ বিজয়ী দলটোৰ ক্ৰিকেট ব’ৰ্ডক নিলম্বিত কৰা হৈছে। বিশ্ব ক্ৰিকেটৰ সৰ্বোচ্চ প্ৰশাসনীয় সংস্থাটোৱে এই কথা সদৰী কৰিছে। এই ঘোষণাৰ ফলত শ্ৰীলংকাত যথেষ্ট চাপত পৰিল। যদিহে এই নিষেধাজ্ঞা উঠাই লোৱা নহয় তেন্তে শ্ৰীলংকাক আইচিচিৰ আন কোনো প্ৰতিযোগিতাত দেখা নাযাব।

এক প্ৰেছ বিজ্ঞপ্তিযোগে আইচিচিয়ে কয় যে, ‘’সদস্য দেশ হিচাপে শ্ৰীলংকা ক্ৰিকেটে গুৰুতৰ নিয়ম ভংগ কৰিছে। আইচিচিৰ সদস্য হিচাপে তেওঁলোকে স্বতন্ত্ৰ সংস্থা হিচাপে কাম কৰাৰ নিয়ম। কোনো ধৰণৰ চৰকাৰী হস্তক্ষেপ সহ্য কৰা নহ’ব। সেই নিয়ম মানি চলা নহ’ল। যাৰ বাবে শ্ৰীলংকাক নিলম্বন কৰা হৈছে।‘’

আনহাতে, অহা ২১ নৱেম্বৰত পুনৰ আইচিচিৰ বৈঠক বহিব। তাত আকৌ এই বিষয়টোকলৈ আলোচনা কৰা হ’ব।

লগতে পঢ়কঃ ICC ODI World Cup 2023: দক্ষিণ আফ্ৰিকাৰ হাতত পৰাস্ত হৈ যুঁজৰ পৰা আঁতৰিল আফগানিস্তান; বিশ্বকাপত দি গ’ল ভৱিষ্যতৰ বাৰ্তা

বিশ্বকাপ যুদ্ধৰ অন্তিমখন খেলৰ পূৰ্বে শ্ৰীলংকাৰ ক্ৰিকেট ব’ৰ্ডক অপসাৰণ কৰিবলৈ নিৰ্দেশ দিয়ে ক্ৰীড়া মন্ত্ৰী ৰোশন ৰণসিংহে। কিন্তু অপসাৰিত হোৱাৰ কেইঘণ্টাৰ ভিতৰতে পুনৰ ক্ষমতালৈ আহে শ্ৰীলংকা ক্ৰিকেট ব’ৰ্ড। সেই দেশৰ আদালতে কয়, আপাততঃ দুসপ্তাহৰ বাবে ব’ৰ্ডৰ দায়িত্ব অপসাৰিত বিষয়াসকলৰ হাতত থাকিব। ইয়াৰ পিছত আদালতত গোচৰৰ শুনানি হ’ব। তেতিয়ালৈকে ব’ৰ্ডৰ সকলো কাম-কাজ পূৰ্বৰ কৰ্মকৰ্তাসকলে চম্ভালিব।

উল্লেখ্য যে ভাৰতৰ বিৰুদ্ধে লজ্জাজনক পৰাজয়ৰ পিছত শ্ৰীলংকাৰ ক্ৰীড়া মন্ত্ৰী ৰোশন ৰানাসিংহে ক্ৰিকেট ব’ৰ্ডৰ সকলো বিষয়াক অপসাৰিত কৰে। কিন্তু চৰকাৰৰ হস্তক্ষেপ মানি ল’ব পৰা নাই আই চি চিয়ে।

বাতৰি অনুসৰি, ক্ৰীড়া মন্ত্ৰীৰ নিৰ্দেশৰ বিৰুদ্ধে শ্ৰীলংকা ক্ৰিকেট ব’ৰ্ডৰ সভাপতি ছাম্মি ছিলভাই আদালতৰ কাষ চাপিছিল। তেওঁৰ আবেদনৰ ফলস্বৰূপে শ্ৰীলংকাৰ আপিল আদালতে ক্ৰীড়া মন্ত্ৰীৰ সিদ্ধান্ত স্থগিত ৰাখে। জানিব পৰা মতে ক্ৰীড়া মন্ত্ৰীয়ে গঠন কৰা কমিটীয়ে এতিয়া শ্ৰীলংকা ক্ৰিকেটৰ দায়িত্ব চম্ভালিব নোৱাৰিব। আদালতে ব’ৰ্ডৰ পৰিচালনাৰ দায়িত্ব পুৰণি বিষয়াসকলৰ ওপৰত ন্যস্ত কৰিছে। সেই সময়ত আদালতে ১৪ দিনৰ বাবে এই আদেশ কাৰ্যকৰী কৰাৰ কথা ঘোষণা কৰিছিল। ইয়াৰ পিছত আবেদনৰ শুনানি আৰম্ভ হোৱাৰ কথা আছিল। কিন্তু তাৰ আগতে শ্ৰীলংকা ক্ৰিকেট ব’ৰ্ড নিলম্বিত হ’ল।

লগতে পঢ়কঃ বিজেপিত পৰিয়ালবাদ! কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী য়েডুৰাপ্পাৰ পুত্ৰকেই ৰাজ্যিক সভাপতিৰ দায়িত্ব

চলিত বিশ্বকাপত ভাৰতৰ হাতত মাত্ৰ ৫৫ ৰানতে অল আউট হৈ ৩০২ ৰাণৰ বিশাল ব্যৱধানত পৰাস্ত হয় শ্ৰীলংকা। এনে লজ্জাজনক পৰাজয়ৰ পিছত সমগ্ৰ দ্বীপ ৰাষ্ট্ৰখনতে তীব্ৰ সমালোচনা আৰম্ভ হয়। দেশৰ ক্ৰীড়া মন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰীয় ক্ৰিকেট ব’ৰ্ডৰ সকলো সদস্যৰ অপসাৰণ ঘোষণা কৰে। ইয়াৰ পিছত তেওঁ নিজেই ব’ৰ্ডৰ সদস্যসকলক অপসাৰণ কৰে। তাৰপিছতে এইবাৰ আইচিচিয়ে চৰম সিদ্ধান্ত ল’লে।

বিশ্বকাপৰ পূৰ্বে শ্ৰীলংকাৰ ক্ৰিকেট ব’ৰ্ড দুৰ্নীতিৰ ধাৰাবাহিক অভিযোগৰ সন্মুখীন হৈছিল। তাৰ পিছতো বিশ্বকাপৰ কথা মনত ৰাখি সেই সমিতিখনক দায়িত্বত এৰি দিয়া হ’ল। কিন্তু ভাৰতৰ বিৰুদ্ধে পৰাজয়ৰ পিছত ক্ৰীড়া মন্ত্ৰী গৰাকীয়ে ক্ষোভ উজাৰি দিলে।

শ্ৰীলংকাৰ বিশ্বকাপ বিজয়ী অধিনায়ক অৰ্জুন ৰানাতংগাক ব’ৰ্ডৰ অন্তৱৰ্তীকালীন সমিতিৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়ে ক্ৰীড়া মন্ত্ৰীগৰাকীয়ে। সাতজনীয়া নতুন সমিতি গঠন কৰা হ’ল। তাত দেশখনৰ উচ্চতম ন্যায়ালয়ৰ এগৰাকী অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ লগতে প্ৰাক্তন ব’ৰ্ডৰ সভাপতিও আছে। অৱশ্যে এই সমিতিয়ে এতিয়া কোনো কাম কৰিব নোৱাৰে। কাৰণ চৰকাৰৰ এই হস্তক্ষেপ আইচিচিয়ে মানি ল’ব পৰা নাই। 

Related News