লখিমপুৰত পৰম্পৰাগত উৎসাহ উদ্দীপনাৰে ঈদ-উল-জোহা পালন

moon-1

ফাইল ফটো

আজি ইছলাম ধৰ্মাৱলম্বী লোকৰ পৱিত্ৰ উৎসৱ ঈদ-উল-জোহা বা বকৰীদ। নবী আব্ৰাহামে (ইব্ৰাহিম) তেওঁৰ পুত্ৰ ইছমাইলক আল্লাৰ প্ৰতি উৎসৰ্গা কৰাৰ পৱিত্ৰ দিনটোক স্মৰণ কৰি সমগ্ৰ বিশ্ব ইছলাম ধৰ্মীয় লোকসকলে পৰম্পৰাগত উৎসাহ-উদ্দীপনাৰে পালন কৰে ঈদ-উল-জোহা।

সমগ্ৰ বিশ্বৰ লগতে উত্তৰ লখিমপুৰতো আজি পৱিত্ৰ ঈদ-উল-জোহাৰ উখল-মাখল পৰিলক্ষিত হৈছে। জিলাখনৰ বিভিন্ন স্থানত থকা মছজিদসমূহত সম্পন্ন কৰা ঈদৰ নামাজেৰে আজি দিনটো আৰম্ভ হয়।

যোৱা নিশাৰ বৰষুণত জিলাখনৰ ঈদগাহসমূহ তিতি থকাৰ বাবে মছজিদতেই ঈদৰ নামাজৰ ব্যৱস্থা কৰা হৈছিল।

বেয়া বতৰে মানুহৰ অন্তৰৰ উৎসাহ উদ্দীপনা  ম্লান কৰিব পৰা নাছিল আৰু জিলাখনৰ হাজাৰ হাজাৰ ইছলাম ধৰ্মাৱলম্বী লোকে ঈদৰ নামাজত অংশগ্ৰহণ কৰাৰ বাবে মছজিদসমূহত একত্ৰিত হৈছিল।

সমাজৰ ঐক্য আৰু সামগ্ৰিক ভালৰ বাবে বিশেষ নামাজৰ ব্যৱস্থা কৰা হৈছিল। এই প্ৰাৰ্থনাৰ সৈতে সংগতি ৰাখি জন্তু কোৰবানী দিয়া হৈছিল আৰু মাংসসমূহ দুখীয়া লোকৰ মাজত বিতৰণ কৰা হৈছিল।

বিভিন্ন সম্প্ৰদায়ৰ লোকে এই ঈদৰ উৎসৱ আৰু ভোজসভাত অংশগ্ৰহণ কৰে।