NORTHEAST NOW (Assamese)

আছুৰ আন্দোলন ভুল আছিল যদি ৰাইজক ক্ষমা খোজক মুখ্য মন্ত্ৰী সোণোৱালে: সমুজ্বল ভট্টাচাৰ্য্য

January 23, 2019 10:03 pm · অনিৰ্বাণ পাঠক
খিলঞ্জীয়াৰ বজ্ৰনিনাদত সমুজ্জ্বল ভট্টাচাৰ্য্য। ছবি- ইউ বি।

এসময়ত সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্ব দিয়া সৰ্বানন্দ সোণোৱালে ৰাজপথত আন্দোলন কৰি আজি ৰাজ্যৰ মুখ্য মন্ত্ৰী হ’ল। কিন্তু শাসনৰ গাদীত বহি সেইজন সৰ্বানন্দ সোণোৱালে ছাত্ৰ-ছাত্ৰীক আন্দোলনৰ পৰা আঁতৰাই ৰখাৰ নিৰ্দেশ প্ৰদান কৰিছে।

অসমজুৰি চৰ্চিত হোৱা সোণোৱালৰ এই নিৰ্দেশৰ বিৰুদ্ধে বুধবাৰৰ “খিলঞ্জীয়াৰ বজ্ৰনিনাদ”ত গৰজি উঠে তেওঁৰেই একালৰ সতীৰ্থ, আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্যই।

লতাশিলৰ বুকুৰ পৰাই মুখ্য মন্ত্ৰী সোণোৱালক প্ৰত্যাহ্বান জনায় ভট্টাচাৰ্য্যই কয়, ‘সৰ্বানন্দ সোণোৱাল সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি আছিল। ছাত্ৰ সন্থাৰ হৈ তেওঁ জাতীয় স্বাৰ্থত ৰাজপথত আন্দোলনত নামিছিল। সেইটো বেয়া কথা আছিল নেকি? যদি সেয়া বেয়া আছিল তেনেহ’লে সৰ্বানন্দ সোণোৱালে অসমৰ ৰাইজৰ ওচৰত ক্ষমা খোজক।’

তেওঁ লগতে স্পষ্ট কৰে যে বিধেয়ক বিৰোধী আন্দোলনত পূৰ্বৰ অসম আন্দোলনৰ নিচিনাকৈ ছাত্ৰ-ছাত্ৰীৰ এটা শিক্ষাবৰ্ষ লোকচান নহয়। এইবাৰ ছাত্ৰ-ছাত্ৰীয়ে পঢ়িবও, আন্দোলনো কৰিব বুলি ভট্টাচাৰ্য্যই কয়।

ইপিনে কাইলৈৰ পৰা আছুসহ ৩০টা জনগোষ্ঠীয় সংগঠনে গাঁৱে-ভূঞে, চুবুৰীয়ে-চুবুৰীয়ে ৰাইজক সজাগ কৰিবলৈ ৰাইজ সভা আৰু গাওঁ সভা অনুষ্ঠিত কৰিব বুলিও বুধবাৰৰ প্ৰতিবাদতে ঘোষণা কৰে ভট্টাচাৰ্য্যই।

বিধেয়ক বাতিল নোহোৱা পৰ্য্যন্ত খিলঞ্জীয়া মানুহৰ এই সংগ্ৰাম চলিয়েই থাকিব বুলি হুংকাৰ দি তেওঁ বিধেয়ক বিৰোধী স্থিতি লোৱা মেঘালয় আৰু মিজোৰামৰ মুখ্য মন্ত্ৰীক ধন্যবাদ জনায়।

‘জাতিধ্বংসী’ বিধেয়কখন জাপি দি খিলঞ্জীয়া মানুহৰ ওপৰত দমন নচলাবলৈও চৰকাৰক সকীয়াই দি তেওঁ কয়, ‘দমন চলাবলৈ গ’লে উফৰি যাব।’

Related News