NORTHEAST NOW (Assamese)

প্ৰধানমন্ত্ৰী মোদী পুনৰ ক্ষমতালৈ আহিলে মমতা বেনাৰ্জীক গ্ৰেপ্তাৰ ক’ৰা হ’ব- সংবাদমেলত অৰবিন্দ কেজৰিৱালৰ বিস্ফোৰণ

May 11, 2024 5:18 pm · এন ই নাও নিউজ, গুৱাহাটী

যদিহে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ক্ষমতালৈ আহে তেন্তে বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ দৰে বিৰোধী নেতাক জেলত ভৰোৱা হ’ব। কেৱল বিৰোধী নেতৃত্বই নহয়, নিজৰ দলৰ যোগী আদিত্যনাথৰ দৰে নেতাকো জেলত প্ৰক্ষেপ কৰা হ’ব,এই দাবী দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ। জামিনত মুকলি হোৱাৰ পাছত শনিবাৰে দিল্লীত পত্নী সুনীতা কেজৰিৱালৰ সৈতে প্ৰথম প্ৰচাৰৰ বাবে ওলাই যায় দিল্লীৰ মুখ্যমন্ত্ৰী। ৰাতিপুৱা কন’ট প্লেচৰ হনুমান মন্দিৰত আৰু তাৰ পাছত নৱগ্ৰহ মন্দিৰত পূজাৰ সৈতে ৰোড শ্ব’ কৰিছিল। তাৰ পাছত কেজৰিৱালে সংবাদমেলত এই অভিযোগ উত্থাপন কৰে।

জামিনত জেলৰ পৰা ওলাই আহি প্ৰথমবাৰৰ বাবে কেজৰিৱাল সাংবাদিকৰ মুখামুখি হয়। তেওঁৰ বিস্ফোৰক দাবী যে বিজেপি আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেৱল বিৰোধী নেতৃত্বক জেলত ভৰোৱাই নহয়, নিজৰ দলৰ নেতাকো হত্যা কৰিব। কেজৰিৰ দাবী যে নিৰ্বাচন শেষ হ’লেই মোদীয়ে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ আৰু অসমৰ হিমন্ত বিশ্ব শৰ্মাৰ দৰে নেতাক চেপি ধৰিব।

কেজৰিৰ দাবী, মোদীয়ে আৰম্ভ কৰিছে এখন দেশ, এজন নেতাৰ প্ৰচাৰ। আৰু তাৰ বাবেই আদিত্যনাথৰ দৰে নেতাৰ ৰাজনৈতিক ভৱিষ্যতৰ অন্ত পৰিব। এল কে আদৱানী, মুৰুলী মনোহৰ যোশী, শিৱৰাজ সিং চৌহান, বসুন্ধৰা ৰাজে, মনোহৰলাল খট্টৰ, ৰমন সিং তেওঁৰ দ্বাৰা শেষ হয়। তাৰ পাছত আদিত্যনাথৰ পাল। যদিহে মোদী পুনৰ ক্ষমতালৈ আহে তেন্তে দুমাহৰ ভিতৰত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী সলনি কৰিব।

কেজৰিৱালে কয় যে, তৃণমূল নেত্ৰী মমতা বেনাৰ্জী, এম কে ষ্টেলিনৰ দৰে সকলো বিৰোধী নেতাক জেলত ভৰোৱা হ’ব। যদি তেওঁলোক ক্ষমতালৈ আহে তেন্তে কোনো বিৰোধী নেতা বাদ নাপৰিব। মোদীয়ে জেল ভৰাই সকলোকে শেষ কৰিব।

Related News