যদি কংগ্ৰেছ সাংসদৰ ঘৰত ২০০ কোটি আছে তেন্তে বিজেপি সাংসদৰ ঘৰত ১ লাখ কোটি টকা ওলাব : সঞ্জয় ৰাউথ
যদি বিৰোধী ঐক্য ইণ্ডিয়াৰ যিকোনো অংশীদাৰৰ বাবে ২০০ কোটি টকা উপলব্ধ হয় তেন্তে ভাৰতীয় জনতা পাৰ্টিৰ হাতত ১ লাখ কোটি ক’লা ধন আছে। সোমবাৰে এই বিস্ফোৰক মন্তব্য কৰে শিৱসেনাৰ নেতা সঞ্জয় ৰাউথে।
ঝাৰখণ্ডৰ কংগ্ৰেছ সাংসদ ধীৰাজ প্ৰসাদ সাহুৰ ঘৰ আৰু অন্যান্য স্থানত আয়কৰ বিভাগে চলোৱা অভিযানৰ বিষয়ে উল্লেখ কৰি তেওঁ কয় যে যিসকলে ধীৰজ কুমাৰ চাহুৰ ঘৰত ধন উদ্ধাৰক লৈ মাত মাতি আছে তেওঁলোকে এন চি পিৰ অজিত পাৱাৰ গোষ্ঠীৰ নেতা প্ৰফুল্ল পেটেলৰ ৪০০ কোটি টকাৰ বিষয়ে একো কোৱা নাই।
এই সন্দৰ্ভত উপ-মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাদনবিছলৈ পত্ৰ প্ৰেৰণ কৰাৰ কথাও উল্লেখ কৰিছে সঞ্জয় ৰাউথে।
ৰাউথে লগতে কয় যে ৰাজ্যখনত একনাথ সিন্ধৰ নেতৃত্বত গঠিত মিত্ৰজোঁটৰ চৰকাৰখন অসাংবিধানিক। তেওঁ কয় যে ২০১৯ চনত মহাৰাষ্ট্ৰত মহাবিকাশ আঘাদীৰ চৰকাৰ গঠন হোৱাৰ সময়ত অজিত পাৱাৰ, জয়ন্ত পাটিল, দিলীপ ৱালছ, সুনীল তাটকাৰৰ দৰে এন চি পিৰ নেতা একনাথ সিন্ধৰ সমৰ্থক নাছিল।
উল্লেখ্য যে শেহতীয়াকৈ ঝাৰখণ্ড কংগ্ৰেছৰ সাংসদ ধীৰাজ প্ৰসাদ সাহুৰ ঘৰ আৰু কাৰ্যালয়ৰ পৰা ৩৫৪ কোটি হিচাপহীন নগদ ধন উদ্ধাৰ কৰা হৈছে।