গণতন্ত্ৰ যদি বৰ্তি আছে, মোক কথা কোৱাৰ অনুমতি দিয়া হ’ব: বিতৰ্কৰ মাজতে ৰাহুল গান্ধীৰ প্ৰতিক্ৰিয়া

Rahul Gandhi

লণ্ডন ভ্ৰমণৰ সময়ত ভাৰতৰ সাম্প্ৰতিক গণতান্ত্ৰিক পৰিস্থিতিক লৈ উদ্বেগ প্ৰকাশ কৰাৰ পিছত ধাৰাবাহিভাৱে শাসকীয় বিজেপিৰ আক্ৰমণৰ সন্মুখীন হৈ অহা কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে আজি এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। এক সংবাদমেল যোগে গান্ধীয়ে বিজেপিৰ অভিযোগৰ প্ৰতি সঁহাৰি জনাই এই সন্দৰ্ভত তেওঁক সংসদত ভাষণ দিবলৈ অনুমতি দিয়া হ’ব বুলি আশা প্ৰকাশ কৰে।

অৱশ্যে বিজেপিয়ে তেওঁক সংসদত কথা কোৱাৰ সুবিধা নিদিব বুলি আশংকা প্ৰকাশ কৰে কংগ্ৰেছ নেতাগৰাকীয়ে। ৰাহুল গান্ধীৰ লণ্ডন ভাষণক লৈ ব্যাপক বাদ-বিবাদৰ সৃষ্টি হোৱাৰ পিছত প্ৰথমবাৰৰ বাবে আজি লোকসভাত অংশগ্ৰহণ কৰে। কিন্তু শাসক-বিৰোধীৰ বাকবিতণ্ডাৰ ফলত মাত্ৰ তিনি মিনিটৰ পাছতে সদন স্থগিত ৰাখিবলগীয়া হয়।

আজি গান্ধী সদনত উপস্থিত হোৱাৰ পিছত কেন্দ্ৰীয় চৰকাৰৰ চাৰিগৰাকীকৈ মন্ত্ৰীয়ে সংসদৰ ভিতৰত আৰু বাহিৰত গান্ধীক তেওঁৰ ভাষণৰ বাবে ক্ষমা খুজিবলৈ দাবী জনায়। ইয়াৰ পিছতে আহ্বান কৰা সংবাদ মেলত গান্ধীয়ে কয় যে চলিত বিতৰ্ক সন্দৰ্ভত তেওঁৰ অনুভৱ সংসদৰ মজিয়াত দাঙি ধৰাৰ পৰিকল্পনাৰে তেওঁ সংসদত উপস্থিত হৈছিল।

কিন্তু সদনলৈ অহাৰ এক মিনিটৰ ভিতৰতে সদন স্থগিত ৰাখিলে বুলি মন্তব্য কৰে কংগ্ৰেছ নেতাগৰাকীয়ে। তেওঁ লগতে কয়, “ভাৰতীয় গণতন্ত্ৰ যদি কাৰ্যকৰী হৈ থাকিলহেঁতেন, সংসদত মোৰ ক’বলগীয়া কথা ক’ব পাৰিলোহেঁতেন। আপোনালোকে যি দেখি আছে, সেয়া ভাৰতীয় গণতন্ত্ৰৰ পৰীক্ষা।” মোৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰা সেই চাৰিগৰাকী মন্ত্ৰীক যি স্থান দিয়া হৈছিল, সেই স্থান সাংসদসকলক দিয়া হ’ব নেকি বুলিও প্ৰশ্ন উত্থাপন কৰে গান্ধীয়ে।

ৰাহুল গান্ধীয়ে লগতে লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ সৈতে সদনত কথা কোৱাৰ অনুমতি বিচাৰি এই বিষয়ত আলোচনা কৰিছে বুলিও উল্লেখ কৰে। “মই অধ্যক্ষক সদনত কথা ক’বলৈ সময় বিচাৰিছিলো। সদনৰ মজিয়াত কথা কোৱাটো মোৰ অধিকাৰ।”– গান্ধীয়ে কয়।

ইফালে যোৱা মাহত সংসদত আদানী বিতৰ্ক সন্দৰ্ভত দিয়া ভাষণৰ পৰা ফালৰি কটাৰ উপায়স্বৰূপে তেওঁৰ শেহতীয়া লণ্ডন ভাষণক লৈ বিবাদ সৃষ্টি কৰা হৈছে বুলিও গুৰুতৰ অভিযোগ তুলিছে ৰাহুল গান্ধীয়ে। গান্ধীৰ মতে, আদানী বিতৰ্কক লৈ চৰকাৰ আৰু প্ৰধানমন্ত্ৰী মোদীয়ে ভয় খাইছে আৰু সেয়েহে এই সমগ্ৰ বিতৰ্কৰ সৃষ্টি কৰা হৈছে। গৌতম আদানীৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সম্পৰ্কক লৈ এক মৌলিক প্ৰশ্ন আছে বুলিও দোহাৰে গান্ধীয়ে।

ৰাহুল গান্ধীয়ে লগতে ভাৰত বিৰোধী ভাষণ দিয়া বুলি বিজেপিয়ে তোলা অভিযোগ অস্বীকাৰ কৰে। বিদেশৰ মাটিত দেশক অপমান কৰা বুলি বিজেপিয়ে উত্থাপন কৰা অভিযোগ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি তেওঁ বিজেপিয়ে অনুমতি দিলে সদনৰ ভিতৰতে কথা ক’ব বুলি মন্তব্য কৰে।